ছাঁ-পোহৰৰ খেল
দীপিকা ফুকন
যুক্তিৰে খেলো
অবিচলিত আনন্দ
আক্ষেপ নাথাকে
জিকো অথবা হাৰো
গালে-মুখে বিষাদৰ
ছাঁ পোহৰৰ খেল লৈ
নিয়ৰে ধুৱায় গোলাপ
যিদৰে বুকু পাতি লওঁ
হাজাৰ মিছা অপবাদ
ভিক্ষুক হৃদয়ৰ সন্নিহিত স্মৃতি
তৃপ্ততাত অন্ধ চিন্তা চেতনা গৰকি
আগুৱাই মোৰ দুখৰ ছাঁ
আহে সক্ৰিয় সময় সমৃদ্ধ শব্দ।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment