ফাগুন মানেই ৰং বোৰ
নিজৰা দাস
হৰিশিঙা, ওদালগুৰি
আশা ভৰা প্ৰতিশ্ৰুতিৰে বসন্তৰ সমাগত।
ফাগুনৰ ৰঙত মতলীয়া হৈ থাকোতেই,
কৰবাত উকা আলিবোৰৰ শিৰত, পকা বেলিটি য়ে
আঁকি দিয়ে ৰঙীণ সেন্দুৰ ।
সৰাপাত বোৰে উৰি উৰি পলাশৰ ৰং বুকুত দি যায়।
ডাৱৰে ডাৱৰে লুকা ভাকু খেলে সৰা মদাৰে।
যাৰ স্পৰ্শই দুগালত
বুলাই যায় উৎসৱৰ আলোৰণ।
ফাগুন মানেই যেন
ফাকুৱাৰ ৰং
ফাগুন মানেই
ভাল লগা ৰঙ বোৰ।
শীতৰ ডাঠ কুঁৱলীৰ আৱৰণ
আঁতৰাই পদুলিত ভূমুকি মাৰিছে,
ফাগুনৰ এক নতুন ৰঙে।
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment