শব্দবোৰ সাৰে আছে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

শব্দবোৰ সাৰে আছে

 


শব্দবোৰ সাৰে আছে 

পৱন বৰ্মন

পাখামাৰা, বাকসা


(এজন কবিলৈ) 


শুই পৰা এটি কবিতাৰ

শব্দবোৰ সাৰে আছে 

আৰু সাৰে আছে উইচিৰিঙাবোৰ 

সুহুৰিৰ নিচুকনিত গভীৰ নিশা 


শব্দবোৰ সাৰে আছে, 

জোনাকীৰ পিঠিত উঠি বিচাৰি ফুৰিছে সুহুৰিটো 


শেৱালিৰ গোন্ধই খেদি লৈ ফুৰিছে এজাক বতাহ 

কঁহুৱাবোৰ কঁপি উঠিছ 

আৰু কাণ পাতি শুনিছে

নৈৰ কথা 

নৈ খনে  এতিয়াও কথা পাতি আছে

শিলবোৰৰ স'তে

শিলবোৰে বুজে নৈৰ বেথা 


মাছুৱৈৰ খোজত সাৰ পাই উঠিছে পানী পৰুৱাবোৰ 

দূৰৈৰ হাবিত ফেঁচাই  উৰুলি দিছে 


শব্দবোৰ সাৰে আছে, 

মাছবোৰে বুজি পোৱা নাই চাগে 

মাছুৱৈৰ সপোন, 

পানী কাউৰীৰ বুজনিত 

শিশুবোৰ নিটাল মাৰিছে 

তাইৰো  সপোন একেই 


এটি বনৰীয়া চৰাইৰ গীতত 

সৰি পৰিছে নিয়ৰৰ কণা 


শব্দবোৰ সাৰে আছে

আৰু সাৰে আছে এজন কবি 


ফোনঃ ৯৬১৩১৭৪৭১০


Doksiri দকচিৰি, মাৰ্চ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages