জোনাকত চকুলো
ভূমিকা দাস
গুৱাহাটী
বহুদিনৰ পিছত শৰতৰ সন্ধিয়া বাৰান্দাত বহিছে ৰিণিয়ে । জোৰেৰে ঘূৰি থকা ফেনখন তাই অফ্ কৰি থ'লে।
বাহিৰৰ ফিৰফিৰিয়া মৃদুময় বতাহজাকে হঠাতে আহি তাইৰ মনৰ ভাগৰবোৰ উৰুৱাই লৈ গ'ল।
শৰতৰ আকাশখন ইমান নীলা ...!! কহুৱা কোমল তুলাযেন মেঘবোৰে ঢৌ খেলি খেলি নাচিছে নীলাৰ বুকুত।
একেথৰে ৰ লাগি চকু নিমিষ নমৰাকৈ ৰিণিয়ে শাৰদী জোনাকৰ বৰষুণত তিতি বহুদূৰ পালেগৈ।
মনে মনে ভাবি আছিলে তাই তৰালীৰ কথাবোৰ...!!
তৰালী বৰুৱা শইকীয়া ..
এটি সুন্দৰ নামৰ লগতে সুন্দৰ মনৰো গৰাকী তৰাজনী।
তৰালী ভাৰাতীয়া হৈ আছিল ৰিণিৰ ঘৰত প্ৰায় তিনিবছৰ। । সেই সময়খিনিতে ৰিণি হাজৰিকাৰ বুকুৰ আপোন হৈ পৰিছিল তৰা
আঠ বছৰ আগৰ কথাবোৰ মনত পেলাই তৰালীয়ে এতিয়া হুমুনিয়াহ কাঢ়ে শৰতৰ জোনাকতো। সময়ে যে কেতিয়া কি আনে...!! ধুনীয়া
মুখমণ্ডলৰ লগতে আটিল শৰীৰৰ মৰমলগা তৰালীজনীয়ে যৌৱনত ভৰি দিয়াৰ তিনি চাৰি বছৰমান পিছতেই তৰালীয়ে প্ৰবালৰ হাতত ধৰি এদিন দুয়ো দূৰ দিগন্তলৈ ঘৰ এৰি গুচি গৈছিল। সেই সময়খিনিত নিজৰ মাক দেউতাকক তুচ্ছ জ্ঞান কৰি ,মৰমক নেওচি যাবলৈ অলপো ভবাই নাছিল।
দুয়ো ঘৰৰ পৰা মনে মনে ওলাই গৈ এটা টিনৰ চালিৰে সজা সৰু ঘৰত থাকিবলৈ লৈছিল।
আঠ বছৰ আগৰ সৌ দিনকেইটাতে প্ৰবাল তৰালিৰ মৰমেৰে সজোৱা পঁজা ঘৰটিতে আছিল তৰাৰ জিলিকনি, হাঁহিৰ খলকনি।
এদিন দুদিনকৈ সময়বোৰ পাৰ হৈ গৈছে। চাহিদাবোৰো বাঢ়ি গৈ আছে সিহঁতৰ। কিন্তু উপাৰ্জন বুলিবলৈ মাহেকৰ মূৰত সীমিত কেইটামান পইচাহে পাইছিল। উপাৰ্জন সীমিত আছিল, কিন্তু মৰমৰ সাগৰত উটি ভাঁহি সিহঁত সুন্দৰকৈ জীৱন চলাই লৈ গৈছিল। চাৰি পাঁচ বছৰ খুব কষ্টত পাৰ কৰা তৰালীৰ জীৱনলৈ লাহে লাহে জোনাকৰ পোহৰ আহিছিল। প্ৰবাল অহৰ্নিশে ব্যৱসায়ৰ কামত লাগি অৱশেষত নিজৰেই এটা উদ্যোগৰ স্বত্বাধিকাৰী হৈ পৰিল। টকা,পইচা ,ঘৰ , বেঙ্ক বেলেঞ্চেৰে প্ৰবাল আজি এজন প্ৰভাৱশালী উদ্যোগপতি। কিন্তু তৰাৰ জীৱনলৈ লাহে লাহে জোনাকতো যেন এন্ধাৰ নামি আহিছিল।
আজি প্ৰবাল এজন ডাঙৰ ব্যৱসায়ী। দিন ৰাতি একাকাৰ কৰি ব্যৱসায়ত হাড়ে হিমজুৱে লাগে।লাহে লাহে তৰালীৰ বাবে সময় নোহোৱা হ'ল ।
এদিন দুদিনকৈ বহুতো নিশা পৃথিৱী শোৱাৰ পিছতো তাই প্ৰবাললৈ ৰৈ ৰৈ উজাগৰী নিশাৰ সপোন ৰচিছিল।
তাইৰ অকালতে দুৰাৰোগ্য ৰোগত ভুগিছিল কিন্তু মানসিক বেমাৰটো তাইৰ বাবে বেছি অসহনীয় আছিল।
প্ৰকাণ্ড ঘৰটিত অকশলৰে সময়বোৰ কটাই তাই আজি মানসিক ভাবে ভাগি পৰিছে্।
সৌ সেইদিনা,মাতষাৰ নলগোৱাকৈ যেতিয়া প্ৰবাল গুচি গৈছিল, চাদৰ ওপৰৰ পৰা শাৰদী জোনাকৰ তৰাভৰা আকাশৰ শোভা চাই চাই তৰালীয়ে চকুলো টুকি আছিল ...
পঁজা ঘৰৰ মুধচেৰে আঠবছৰ আগতে যেতিয়া শাৰদী পথাৰত ৰূপোৱালী জোনাকে মেলা পতা দেখিছিল...,
প্ৰবাল তৰালীয়ে একেলগে দুচকু ভৰাই ৰ লাগি চাই আছিল ..ভবিষ্যতৰ সপোনৰ বালিঘৰ সাজিছিল ।
আজি তাইৰ অগাধ ধন সম্পত্তি ...
কিন্তু মৰম সহাঁৰিৰ বাৰুকৈয়ে অভাৱ ..!!
তৰালীৰ কথাবোৰেই ৰিণিৰ আজি দুচকু সেমেকাই পেলাইছিল ..!!
পাঙ্খাখনৰ শব্দই যেন ৰিণিক অলপ সময়ৰ বাবে অতিষ্ঠ কৰি তুলিছিল .....
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment