অসমৰ ইতিহাসত নাৰীৰ ভূমিকা
জাতিৰাম কামান
আবহমান কালৰে পৰা ইতিহাসত নাৰীয়ে বিশেষ ভূমিকা দখল কৰি আহিছে।ইতিহাসৰ উত্থান পতনত নাৰীৰ ভূমিকা অনস্বীকাৰ্য।
বিশ্ব ইতিহাসত নাৰীৰ ভূমিকাক লৈ বিস্তৃত ভাৱে বৰ্ণনা কৰা আছে। বিশ্ব ইতিহাসত বিশেষ ভূমিকা লোৱা তেনে বিখ্যাত কিছু নাৰী হল ক্ৰমে - মেৰী কুৰী, ফ্লোৰেন্স নাইটিঙ্গেল, ক্লিউপেট্ৰা, হেলেন অৱ ট্ৰয়, ৰাণী এলিজাবেথ আদি। ঠিক তেনেকৈ ভাৰতৰ ইতিহাসত সততে চৰ্চিত নাৰী হল - বৈদিক যুগৰ সীতা, সতী বেউলা, দময়ন্তী, দৈৱকী, কুন্তী, গান্ধাৰী, দ্ৰৌপদী, তাৰা, অহল্যা মন্দোদৰী ইত্যাদি।স্বৰ্গৰ নৰ্তকী ৰম্ভা, মেনকা উৰ্বশীৰ লগতে শকুন্তলাৰ নামো সততে লোৱা হয়। আধুনিক ভাৰতীয় ইতিহাসৰ উল্লেখনীয় নাৰী চৰিত্ৰ সমূহ হল - ঝান্সীৰ ৰাণী লক্ষ্মীবাই, পদ্মিনী, নগাৰাণী গাইডিলো, সৰোজিনী নাইডু, মাদাৰ টেৰেছা ইত্যাদি।
আমাৰ মূল আলোচনাৰ বিষয় হ’ল অসমৰ ইতিহাসত নাৰীৰ ভূমিকা। অসমৰ ইতিহাসত নাৰীৰ ভূমিকা বুলি ক’লে আমি বৈদিক যুগলৈ উভতি গৈ মধ্যযুগ গৰকি আধুনিক অসমীয়া ইতিহাসলৈ পৰ্য্যায়ক্ৰমে আহিব লাগিব।
বৈদিক যুগৰ স্মৰণীয় নাৰী চৰিত্ৰ সমূহ হল উষা, চিত্ৰলেখা, হিড়িম্বা ইত্যাদি যিসকলে প্ৰাচীন অসমৰ ইতিহাসত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। শোনিতপুৰৰ সম্ৰাট বাণ ৰজাৰ সুন্দৰী কন্যা আছিল উষা। উষাক শ্ৰীকৃষ্ণৰ ভাগিন অনিৰুদ্ধই হৰণ কৰি নি বিবাহ কৰাইছিল। সেইক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল উষাৰ বান্ধৱী চিত্ৰলেখাই। সপোনত দেখা অনিৰুদ্ধৰ চিত্ৰ অংকন কৰি বান্ধৱীক দেখাইছিল চিত্ৰলেখাই। অনিৰুদ্ধৰ সৌন্দৰ্যত মুগ্ধ হৈ উষাই অনিৰুদ্ধৰ প্ৰেমত পৰিছিল। উষা অনিৰুদ্ধৰ পৰিণয়ৰ পৰিণাম স্বৰূপে হৰিহৰ যুদ্ধও হৈছিল। হৰি অৰ্থাৎ বিষ্ণু অথবা শ্ৰীকৃষ্ণৰ ভাগিন হল অনিৰুদ্ধ, বিপৰীতে হৰ অৰ্থাৎ শিৱৰ প্ৰধান ভক্ত হল বাণাসুৰ। বাণাসুৰে কন্যা উষাক অনিৰুদ্ধলৈ বিয়া দিয়াত অমান্তি হোৱা বাবেই পক্ষ বিপক্ষকলৈ ‘হৰি-হৰ’ৰ যুদ্ধ হৈছিল।
মহাভাৰতৰ ৰণত হিড়িম্বাপুৰৰ ৰাণী হিড়িম্বাৰ বিশেষ ভূমিকা অনস্বীকাৰ্য। হিড়িম্বাক ভীমে বিবাহ কৰাইছিল আৰু ভীম-হিড়িম্বাৰ পুত্ৰ আছিল ঘটোৎকচ। মাতৃ হিড়িম্বাই পিতৃ ভীমক ৰণত সহায় কৰিবলৈ পুত্ৰক পঠিয়াইছিল পাণ্ডৱৰ পক্ষত যুঁজ দিবলৈ।
আহোম বুৰঞ্জীত নামোল্লেখ কৰিব পৰা ৰমণীসকল হল - বীৰাংগনা মূলা গাভৰু, সতী জয়মতী, বৰ ৰজা ফুলেশ্বৰী, সতী সাধিনী আদি। বীৰাংগনা মুলা গাভৰু এগৰাকী সাহসী আহোম ৰমণী আছিল। তেওঁ ফ্ৰাচেংমুং বৰগোঁহাইৰ ভাৰ্য্যা আছিল। মোগল সেনা তুৰ্বকৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজি প্ৰাণ বিসৰ্জন দিছিল।
অসমৰ ইতিহাসৰ অন্য এক আকৰ্ষণীয় দুৰ্দান্ত চৰিত্ৰ হল সতী জয়মতী। লালুক সোলা বৰফুকনে চুদয়ফা (তেজ সিংহ) ক সিংহাসনচ্যুত কৰি চৈধ্য বছৰীয়া চুলিকফা (লৰা ৰজা) লৈ নিজ কন্যাক বিয়া দি আহোম সিংহাসনত বহুৱায় আৰু অদ্ভুদ নিয়ম এটা ঘোষণা কৰিলে যে অংগক্ষত যিকোনো ৰাজকুমাৰে আহোমৰ সিংহাসনত আৰোহণ কৰিব নোৱাৰিব! কাজেই, সৈন্য সামন্ত লগাই ৰাজ্যৰ ৰাজকুমাৰ সকলৰ অংগ কাটি বিকলাংগ কৰিবলৈ ধৰিলে। সেই কথা গম পাই আহোম ডেকা ৰাজকুমাৰ গদাধৰ সিংহক পত্নী জয়মতীয়ে ৰাতি পলুৱাই পঠিয়ায়। চাউদাঙে আহি জয়মতীক সোধ পোচ কৰে গদাধৰ কলৈ গল বুলি ? গিৰিয়েক গদাধৰৰ শুং সুত্ৰ উলিয়াব নোৱাৰি জেৰেঙা পথাৰত বান্ধি জয়মতীক জীয়াই জীয়াই শাস্তি দি মাৰি পেলালে কিন্তু মৰণ কাললৈকে গিৰিয়েকৰ নাম নকৈ কাললৈ খ্যাতি থৈ গল সতী জয়মতী ৰূপে। সতী জয়মতীৰ গিৰিয়েকে পৰৱৰ্তী কালত চুলিকফাক পৰাস্ত কৰি গদাধৰ সিংহ নামে আহোম স্বৰ্গদেউ হয়।
সেই সতী জয়মতীৰ কাহিনীৰ আধাৰতেই প্ৰথম অসমীয়া ছবিখন ১৯৩৫ চনত মুক্তি পায়।ছবি নিৰ্মাতা আছিল ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা। সেই তেতিয়াই সংৰক্ষণশীল সমাজৰ বেহু ভাঙি জয়মতীৰ চৰিত্ৰত অভিনয় কৰি আইদেউ সন্দিকৈয়ে অসমৰ ইতিহাস উজ্বলালে।
আহোম যুগৰ অসমৰ ইতিহাসৰ আৰু এটা উল্লেখনীয় চৰিত্ৰ হল বৰ ৰজা ফুলেশ্বৰী।১৭২৪ খৃষ্টাব্দত স্বৰ্গদেউ প্ৰতাপসিংহই ৰাণী ফুলেশ্বৰীক সকলো ৰাজভাৰ দি ‘বৰ ৰজা’ উপাধি প্ৰদান কৰে। তেতিয়াৰ পৰাই বৰৰজা ফুলেশ্বৰী হল। বৰ ৰজা ফুলেশ্বৰীৰ দিনতেই শিৱদৌল নিৰ্মান কৰা হয়।
সতী সাধিনী হ’ল অসম বুৰঞ্জীৰ এক ব্যতিক্ৰমী চৰিত্ৰ। অসমৰ চুতিয়া ইতিহাসত মূখ্য ভূমিকা পালন কৰি ৰাণী সাধিনীয়ে সতী সাধিনীৰূপে কাললৈ খ্যাতি ৰাখি থৈ যায়। সতী সাধিনী আছিল চুতিয়া ৰজা ধৰ্মধব্জপাল ওৰফে ধীৰ নাৰায়ণৰ দুহিতা আৰু তেওঁ শদিয়াত জন্ম গ্ৰহন কৰিছিল। ১৫২৪ খৃষ্টাব্দত ৰাজ কুমাৰী সাধিনীয়ে নিত্যপাল অথবা নিতাইক বিবাহ কৰায়। নিত্যপাল চুতিয়া ৰাজ্যৰ শেষ ৰজা আছিল। তেওঁ বৰ দুৰ্বল ৰজা আছিল।তেওঁৰ দুৰ্বলতাৰ সুযোগ লৈ আহোম স্বৰ্গদেউৱে চুতিয়া ৰাজ্য আক্ৰমণ কৰি চুতিয়া ৰাজ্য অধিকাৰ কৰে। চুতিয়া ৰজা নিত্যপাল ৰণত পৰাজিত হৈ মৃত্যুবৰণ কৰে। আহোম স্বৰ্গদেউৱে ৰাণী সাধিনীক আহোমৰ ৰাণী কৰিব বিচৰাত সাধিনী অমান্তি হয় আৰু পত্নী ধৰ্ম পালন কৰি নৈত জাপ দি আত্মহত্যা কৰি সতীত্ব ৰক্ষা কৰে। সেই তেতিয়াৰ পৰা সতী সাধিনী ৰূপে ইতিহাসত প্ৰখ্যাত হয়।
আধুনিক অসমৰ ইতিহাস অলংকৃত কৰা নাৰীসকল হ’ল কনকলতা, ভোগেশ্বৰী ফুকননী আদি স্বাধীনতা সংগ্ৰামী আছিল, যিসকলে দেশৰ বাবে প্ৰাণ বিসৰ্জন দি ছহিদ হৈছিল।
১৯৪২ ৰ গন আন্দোলনত গহপুৰ থানাত ত্ৰিৰংগা উত্তোলন কৰিবলৈ গৈ ইংৰাজৰ গুলীত কনকলতাই ভৰ গাভৰুতেই প্ৰাণ বিসৰ্জন দি প্ৰথম নাৰী ছহিদ হিচাপে খ্যাতি ৰাখি থৈ যায়। ঠিক তেনেকৈ ভোগেশ্বৰী ফুকননীকে আদি কৰি বহুতো অসমীয়া মহিলাই স্বতন্ত্ৰ সেনানী ৰূপে স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল।
প্ৰাক্ স্বাধীনতা তথা স্বৰাজোত্তৰ অসমৰ ইতিহাসৰ উল্লেখনীয় কিছু নাৰী চৰিত্ৰ হল যথাক্ৰমে - নলিনী বালা দেৱী, ইন্দিৰা মিৰি ও মামনি ৰয়চম গোস্বামী ইত্যাদি।
অসমীয়া সাহিত্যত ৰহস্যবাদী কবি হিচাপে খ্যাতি লভা নলিনী বালা দেৱীৰ জন্ম হয় ১৮৯৮ চনৰ ২৩ মাৰ্চত বৰপেটাত। তেওঁ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ দেৱৰ কন্যা আছিল। অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰা প্ৰথম প্ৰখ্যাত কবি হল নলিনী বালা দেৱী।
ইন্দিৰা মিৰিৰ জন্ম হৈছিল ১৯১০ চনত।তেওঁ ইংৰাজ শাসনৰ দিনত অসম চৰকাৰৰ এগৰাকী শিক্ষাবিদ আছিল। তেওঁ ইংলেণ্ডৰ এডিনবৰাত উচ্চ শিক্ষা গ্ৰহন কৰিছিল। কাজিৰঙাক বিশ্বৰ মানচিত্ৰলৈ অনা প্ৰখ্যাত বন সংৰক্ষক মুহি মিৰিৰ সহধৰ্মিণী আছিল ইন্দিৰা মিৰি। তেওঁ তদানীন্তন নেফা, এতিয়াৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ হেতু আহোপুৰুষাৰ্থ কৰা এগৰাকী বিদুষী নাৰী আছিল। ১৯৪২ চনত জন্ম গ্ৰহন কৰা জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়চম গোস্বামী স্বৰাজোত্তৰ অসমৰ এগৰাকী লেখত লবলগীয়া একমাত্ৰ মহিলা উপন্যাসিক।তেওঁৰ আচল নাম আছিল ইন্দিৰা গোস্বামী। অসমীয়া সাহিত্যলৈ তেখেতৰ অৱদান অতুলনীয়।
আধুনিক অসমৰ ইতিহাসত আৰু এটা সততে উচ্চাৰিত নাম হল গৌৰীপুৰীয়া হস্তিৰ কন্যা প্ৰতিমা পাণ্ডে বৰুৱা। গোৱালপৰীয়া লোকগীতৰ সাধক প্ৰতিমা পাণ্ডে বৰুৱাৰ নাম অসমৰ সংগীতৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰ’ব। কবি আৰু গীতিকাৰ হিচাপে শেহতীয়াকৈ সংযোজন কৰিব পৰা নাম হ’ল নিৰ্মল প্ৰভা বৰদলৈ।
প্ৰাচীন কালৰে পৰা আৰম্ভ কৰি বৰ্তমানলৈকে অসমীয়া ইতিহাসত তেনে অনেক প্ৰখ্যাত আৰু অখ্যাত নাৰীৰ ভূমিকা আছে যিসকলে অসমীয়া ইতিহাসত উল্লেখনীয় ভূমিকা পালন কৰি ইতিহাসৰ পাত শুৱনি কৰি আহিছে। স্থানাভাৱত আমি সকলোৰে নামোল্লেখ কৰিব পৰা নহল যদিও তেওঁলোকৰ ঐতিহাসিক ভূমিকা সদায়েই স্মৰণীয় হৈ ৰ'ব আৰু অসমীয়া পাঠক সমাজত এক বিশেষ স্থান দখল কৰি থাকিব অনাগত দিনবোৰত।
No comments:
Post a Comment