ফুলগুৰি ধেৱা: লালুং (তিৱা) ৰজাসকলৰ অৱদান, সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰ সন্দৰ্ভত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

ফুলগুৰি ধেৱা: লালুং (তিৱা) ৰজাসকলৰ অৱদান, সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰ সন্দৰ্ভত




ফুলগুৰি ধেৱা: লালুং (তিৱা) ৰজাসকলৰ অৱদান, সংৰক্ষণ  আৰু প্ৰচাৰ প্ৰসাৰ সন্দৰ্ভত


জনাৰ্দন পাটৰ মচৰং

মুখপত্ৰ সম্পাদক, তিৱা সাহিত্য সভা


     ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হোৱা বিদ্ৰোহ সমূহৰ অন্যতম কৃষক বিদ্ৰোহ ফুলগুৰি কৃষক বিদ্ৰোহ। ১৮৬১ চনত সংঘটিত হোৱা এই কৃষক বিদ্ৰোহটি ' ফুলগুৰি ধেৱা ' হিচাপে জনাজাত। ধেৱা শব্দটো তিৱা শব্দ 'তাৱা' ৰ পৰা আহিছে যাৰ অৰ্থ হ'ল ৰণ। ব্ৰিটিছ সকলে যেতিয়া ৰাজকোষ টনকিয়াল কৰাৰ স্বাৰ্থত চৰণীয়া পথাৰত গৰু ম'হ চৰুৱাৰ বিনিময়ত কৰ, হাবি জংঘলৰ পৰা খৰি খেৰ কটাৰ বাবদ কৰ, নৈ বিলত মাছ মৰাৰ বাবদ কৰ, মাটিৰ কৰ, তামোল পানৰ ওপৰত কৰৰ দৰে বিভিন্ন কৰৰ বোজা কৃষক ৰাইজৰ ওপৰত জাপি দি মাধ্যমেৰে শুধাবলৈ আৰম্ভ কৰিছিল। তেনেক্ষেত্ৰত পূৰ্বপৰুষৰ দিনৰ পৰা স্বাধীন চেটিয়া ভাৱে জীৱন নিৰ্বাহ কৰা থলুৱা লোকসকল ক্ষুণ্ণ হৈ পৰিছিল। তেনে সময়তে আকৌ ১৮৬০ চনৰ আৰম্ভনিতে ব্ৰিটিছ চৰকাৰে নিজৰ ব্যৱসায়ৰ লাভালাভৰ স্বাৰ্থত আফু খেতি নিষিদ্ধ কৰাত বিশেষকৈ নগাঁওৰ কৃষক ৰাইজ বিদ্ৰোহী হৈ উঠিছিল। কৰৰ বোজা খহিব নোৱাৰি বহু আৱেদন কৰিছিল যদিও ফল নধৰাত কৃষক ৰাইজ ক্ষুব্ধ হৈ আলোচনাত মিলিত হৈছিল। সেই সময়ত মধ্য অসমত ৰাজত্ব কৰিছিল লালুং (তিৱা) ৰজাসকলে। পাচোৰজীয়া ৰজাসকলৰ ভিতৰত জ্যেষ্ঠ ৰজা টপাকুচি ৰাজ্যৰ খনছিং দেউৰজাৰ পৰিচালনাত বাৰপুজীয়া ৰাজ্যৰ শুভচিং দেওৰজা, খাইগড় ৰাজ্যৰ মথৌ দেওৰজাই সহযোগ আগবঢ়াই বিদ্ৰোহৰ সূচনা কৰিছিল। টোপাকুছিৰ ৰজাৰ আহ্বানত প্ৰথমে বাৰপুজীয়া, মিকিৰগঞা, সৰাগঞা, খাইগৰৰ ৰজাৰ লগতে কপিলী, যমুনাপৰীয়া দাঁতিকাষৰীয়া লস্কৰ, চৌধুৰী, প্ৰভৃতি সকলে আৰু পৰবৰ্তী সময়ত দন্দুৱা, বঘৰা, কুমৈ, মায়ং, চহৰী আদি ৰাজ্যৰ ৰজাসকলেও বিদ্ৰোহত যোগদান কৰিছিল। গোভা ৰজাইয়ো  আহ্বানৰ প্ৰতি সন্মান জনাই বিদ্ৰোহৰ প্রতি সহযোগিতা আগবঢ়াইছিল। কাৰণ অতীতৰে পৰা পাঁচোৰাজ্য- সাতোৰাজ্য ৰ প্ৰজা সকলে পৰম্পাগতভাৱে খেতি বাতি কৰি, স্বকীয় ৰীতি- নীতি পালন কৰি শান্তিপূৰ্ণ ভাৱে বসবাস কৰি অহা প্ৰথাক ব্ৰিটিছ সকলে ব্যাঘাত জন্মোৱা বিষয়টো ৰজাসকলে সহজে মানি লব পৰা নাছিল। আনকি গোভা ৰজাই তিনিজন ব্ৰিটিছ সৈন্যক বিনা অনুমতিত ৰাজ্যত প্ৰৱেশ কৰাত বলি দিয়াৰ কথাও ইতিহাসত পোৱা যায়।


  টোপাকুছি ৰাজ্যৰ লক্ষ্মণ সিং সেনাপতিৰ তত্বাৱধানত প্ৰায় ১২,০০ কৃষক ৰনুৱাক ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ যাঠি চালনা, তৰোৱাল, হাত হিলৈ চলোৱাৰ প্ৰশিক্ষন প্ৰদান কৰা হৈছিল। লক্ষ্মন সিং সেনাপতিৰ প্ৰধান সহযোগী হিচাপে নিয়োজিত হৈছিল হেবেলা লালুং, চোৱাবৰ লালুং, ৰংবৰ ডেকা, চিপচিং লালুং আৰু শাকবৰ লালুং। বিদ্ৰোহৰ উকমুকনিৰ খবৰ যেতিয়া  নগাওঁ জিলাৰ ডেপুটি কমিছনাৰ হাৰ্বাট স্কনচ চাহাবে লাভ কৰিছিল তেতিয়া বিদ্ৰোহী সকলক এখেকা দিবলৈ পন বান্ধি ফুলগুৰিলৈ অহাটো ঠিক কৰিছিল। কিন্তু তেখেতৰ পৰিবৰ্তে ১৮ অক্টোবৰত নগাওঁ জিলাৰ ডেপুটি কমিচনাৰ কৰ্ণেল ছিংগাৰ আৰু তেওঁৰ লগত চিপাহী সকলক লাখুতিৰে কোবাই মাৰি পেলোৱাৰ পাছত ব্ৰিটিছ সৈন্য আৰু বিদ্ৰোহী গোটৰ মাজত পোনপটীয়া যুঁজ আৰম্ভ হৈছিল। এই ঘটনাৰ পাছত স্কনচে বিদ্ৰোহ দমনৰ বাবে তৎকালীন ভাৱে সৈন্য পঠাইছিল। কাৰণ ব্ৰিটিছে বুজি উঠিছিল যে পলম কৰিলে এই বিদ্ৰোহে চৰম পৰ্যায়লৈ গতি কৰিব। ইফালে লক্ষণ সিং সেনাপতিৰ বিদ্ৰোহী সৈন্য সকল দুটা ভাগত বিভক্ত হৈ এটা ভাগ নগাওঁ সদৰৰ দিশলৈ আৰু আনটো ভাগে ৰহা থানা আক্ৰমন কৰি জুই লগোৱাৰ লগতে গোলাপ সিং দাৰোগাক হত্যা কৰি কলঙত উটুৱাই দিছিল। ব্ৰিটিছ আৰু বিদ্ৰোহী গোটৰ মাজত ডিমৌ বিলৰ পাৰত হোৱা গুলিয়াগুলিত চুৱাবৰ ললুঙে মৃত্যুক সাৱটি লৈছিল। আধুনিক বন্দুকৰ আগত বিদ্ৰোহী সৈন্যৰ ধেনু কাড়, তৰোৱাল, হাত হিলৈয়ে তিষ্ঠিব নোৱাৰাত বিদ্ৰোহ ম্লান পৰিছিল। বহু সময় চলা যুঁজত কিমান মানুহে প্ৰাণ হেৰুৱাইছিল তাৰ হিচাপ নাই।


    ১৯ অক্টোবৰৰ দিনা বিদ্ৰোহ সন্দৰ্ভত কৃষক বিদ্ৰোহী সকলে ফুলগুৰি অঞ্চলৰে এক গোপন ঠাই এখনত আলোচনাত মিলিত হোৱাৰ সময়তে পুনৰ কেপ্টেইন কেম্পবেলৰ নেতৃত্বত ৫০ জনীয়া চিপাহী দল এটাই আগুৰি ধৰি গুলিচলনা কৰিছিলহি। উপায়ন্তৰ হৈ হাতত থকা ধেনু কাড়ৰ সৈতে ৰণত নামি পৰিছিল যদিও ২৯ জন বিদ্ৰোহীৰ মৃত্যু হৈছিল। কিন্তু চৰকাৰী হিচাপ মতে ১৯ জনহে মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছিল। বন্দী সকলক নগাওঁ জেলত ভৰাই হাৰাশাস্তি কৰিছিল। ব্ৰিটিছ সৈনিকৰ ভয়ত সেই নিশাটোত মনে মনে বৰকলাৰ বিল এখনত মৃত বিদ্ৰোহীসকলকৰ দাহ কৰিছিল। যিখন আজিও 'মানুহ পোৰা বিল' বুলি কোৱা হয়। ফুলগুৰিত বাঁহৰ গড়ালত ৪০০ ৰো অধিক লোকক ভৰাই থৈ কঠোৰ শাস্তি বিহিছিল। এনেবোৰ দুৰ্গতি সহিব নোৱাৰি লক্ষণ সিং সেনাপতি, চাংবৰ লালুং, ৰংবৰ ডেকা আৰু অন্যসকলে ব্ৰিটিছক ধৰা দিয়াত জেলত ভৰাই ফাঁচী দিছিল। অন্য কেইগৰাকীমান বিদ্ৰোহী হেবেলা লালুং, চিপছিং লালুং, নৰচিং লালুং, বহু কৈৱৰ্ত, ৰূপসিং লালুং, বনমালি কৈৱৰ্ত আৰু কটিয়া লালুঙক আন্দামানৰ জেললৈ প্ৰেৰণ কৰিছিল। ইয়াৰোপৰি পাঁচোৰজা, সাতোৰজা, দাতিয়লি ৰাজ্যৰ ৰজাসকলৰ পৰিয়ালৰ বহু লোকক গ্ৰেপ্তাৰ কৰি দহ বছৰ পৰ্য্যন্ত কাৰাগাৰত ভৰাই থৈছিল।


       এনেদৰেই লালুং ৰজা সকলে ফুলগুৰি বিদ্ৰোহক আগুৱাই নিছিল। বিশিষ্ট সাহিত্যিক মনেশ্বৰ দেউৰী দেৱে ফুলগুৰিৰ বিদ্ৰোহ সন্দৰ্ভত মত ব্যক্ত কৰি লিখিছে যে "উক্ত বিদ্ৰোহত অবিভক্ত নগাওঁ জিলাৰ সকলো সম্প্ৰদায়ৰ কৃষকসকলে অংশগ্ৰহণ কৰিছিল, মাথোন নেতৃত্ব কৰিছিল লালুং ৰজা পোৱালি আৰু বিষয়াসকলে।" ইমান এটা গুৰুত্বপূৰ্ণ বিদ্ৰোহক কিন্তু বৃটিছ আৰু দেশৰ কিছু লেখকে 'কানিয়াৰ বিদ্ৰোহ' বুলি বুলি উপলুঙা কৰিছিল। বৃটিছ সকলে কৰাটো স্বাভাৱিক কিন্তু অসমৰ এচাম সুবিধাবাদী লেখকে এনে কৰাটো দুখজনক আছিল। এচামে আকৌ জনজাতীয় বিদ্ৰোহ বুলিহে মন্তব্য কৰিছিল।


        সম্প্ৰতিও ফুলগুৰি ধেৱা সন্দৰ্ভত যিমান লেখা মেলা হব লাগিছিল, ঠাইখনৰ সংৰক্ষণ তথা প্ৰচাৰ প্ৰসাৰ হব লাগিছিল সিমান হয় উঠা নাই। কিবা এটা যেন ক্ৰোতি থকা পৰিলক্ষিত হয়। সেইয়া কিহৰ বাবে ইও এক প্ৰশ্ন। তিৱা মাথনলাই তখ্ৰাৰ প্ৰাক্তন সভাপতি বলাইৰাম সেনাপতি দেৱৰ 'ফুলগুৰি ধেৱা' শীৰ্ষক আলখ্য খনীয়ে নগাওঁ অনাতাঁৰ কেন্দ্ৰ যোগেৰে প্ৰচাৰিত হৈ সমাদৰ লাভ কৰিছিল। বৰ্তমান বিভিন্ন নবীন প্ৰবীণ লেখক লেখিকা সকলে কিছু পৰিমাণে ধেৱা সন্দৰ্ভত লেখা মেলা কৰিছে যদিও পৰ্যাপ্ত নহয়। তাৰোপৰি প্ৰতি বছৰে ১৮ অক্টোবৰ দিনটো ফুলগুৰি ধেৱা হিচাপে জেনেদৰে উদযাপন কৰিব লাগিছিল তেনেদৰে হৈ উঠা নাই। 'ফুলগুৰি ধেৱা সুৰক্ষা সমিতি' য়ে ফুলগুৰি ধেৱা দিৱস হিচাপে ফুলগুৰিত অনুষ্ঠুপিয়াকৈ উদযাপন কৰি অহাৰ বিপৰীতে চৰকাৰী পক্ষৰ পৰা কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তাৰোপৰি জাতীয় দল সংগঠন সমূহৰো এই ক্ষেত্ৰত তৎপৰতা দেখা পোৱা নাযায়। নগাওঁ লোকসভাৰ সাংসদ গৰাকীয়ে সাংসদ পুঁজিৰে দুই বছৰ মানৰ আগত বিদ্ৰোহৰ শ্বহীদ সকলৰ নাম সম্বলিত এখন ফলক স্থাপন কৰিছে যদিও চৰকাৰী ভাবে বহুখিনি কৰাৰ প্ৰয়োজনীয়তা আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ব্ৰিটিছ বিৰোধী প্ৰথমখন কৃষক বিদ্ৰোহক যেনে ভাৱে প্ৰচাৰ প্ৰসাৰ কৰিব লাগিছিল সেয়া হৈ উঠা নাই। ফুলগুৰি বিদ্ৰোহ হয়তো কৃষকসকলে অস্ত্ৰ শস্ত্ৰ প্ৰস্তুত কৰি বৃটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰথম উদাহৰণ। পথৰুঘাট, লচিমা আদি কৃষক বিদ্ৰোহ সমূহ এনেধৰণৰ নাছিল। গতিকে ফুলগুৰি ধেৱাক প্ৰচাৰ প্ৰসাৰৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়। যেনে :

          

       ১) ফুলগুৰি ধেৱা সন্দৰ্ভত ৰাষ্ট্ৰীয় বা অন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ ( National and international seminar) সমূহ অনুষ্ঠিত কৰিব লাগে।

       ২) চাংবৰ লালুং, হেবেলা লালুং, বনমালী কৈৱৰ্ত কে প্ৰমুখ্যে কৰি বিদ্ৰোহৰ অন্য শ্বহীদ সকলৰ সম্বন্ধে নৱ প্ৰজন্ম সকলক চিনাকি কৰাই দিয়াৰ ব্যৱস্থা কৰিব লগে। কাৰণ অধিকাংশ লোক শ্বহীদ সকলৰ বিষয়ে আজি পৰ্যন্ত জ্ঞাত নহয়।

     ৩) ফুলগুৰি ধেৱা দিনটো দিৱস হিচাপে চৰকাৰী ভাৱে পালন কৰাৰ ব্যৱস্থা কৰিব লাগে। 

    ৪) ফুলগুৰি কৃষক বিদ্ৰোহক প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসন অথবা তিৱা স্বায়ত্ব পৰিষদেও ব্যৱস্থা গ্ৰহণ কৰি পৰ্য্যটন উদ্যোগলৈ ৰূপান্তৰ কৰিব পাৰে। 

  ৫) চৰকাৰে বিদ্ৰোহৰ ইতিহাসৰ সৈতে জড়িত স্থানসমূহ সংৰক্ষণ কৰাৰ পদক্ষেপ লব লাগে। ফুলগুৰিত এটা সংগ্ৰহালয় (Museum) নিৰ্মাণ কৰিব লাগে।

   ৬) ফুলগুৰি ধেৱাৰ যোদ্ধা আৰু শ্বহীদ সকলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে। 

     ৭) ফুলগুৰি ধেৱাৰ ওপৰত বিভিন্ন তথ্যচিত্ৰ আৰু পূৰ্ণাংগ চলচিত্ৰ নিৰ্মান কৰাৰ এক থল আছে।


  এনেবোৰ পদক্ষেপৰ জৰিয়তে ফুলগুৰিক বিশ্ব দৰবাৰত চিনাকি কৰালে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গৰিমা বৃদ্ধি কৰাত অৰিহণা যোগাব। তিৱা ৰজাসকলৰ নেতৃত্বত চলা এই বিদ্ৰোহ বিফল হৈছিল যদিও এই বিদ্ৰোহে ভাৰতৰ বৃটিছ বিৰোধী আন্দোলনক তথা আন্দোলনকাৰী সকলক এক নতুন উৎসাহ আৰু সাহস যোগাইছিল। গতিকে এই ফুলগুৰি বিদ্ৰোহ সমগ্ৰ ভাৰতৰ বাবেই এক লেখত লবলগীয়া ইতিহাস। আৰু এই বিদ্ৰোহৰ ইতিহাসক ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰখাটো এক দায়িত্ব।

 

Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages