ৰৌদ্ৰোজ্জ্বল পুৱা এটাৰ দৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

ৰৌদ্ৰোজ্জ্বল পুৱা এটাৰ দৰে

 


ৰৌদ্ৰোজ্জ্বল পুৱা এটাৰ দৰে


পৰিমিতা গোস্বামী 

শিলনীজান, কাৰ্বি আংলং


     মানুহজনৰ মুখৰ পৰা নিগৰি অহা শব্দটোৱে হতাশাৰে জৰ্জৰ মনটোত সাতোটা হাতীৰ সমান বল পোৱা যেন লাগিল তাইৰ । বৰ উৎসুকতাৰে মানুহজনলৈ পলক নেপেলোৱাকৈ চাই আছিল তাই। কি ক'ব বাৰু তেওঁ ? তাই শুনিবলৈ আগ্ৰহেৰে বাট চাই থকা শব্দটোকে ক'বনে বাৰু তেওঁ ! সেই মুহূৰ্তটোত তাইৰ মনৰ অৱস্থাটো কি হৈছিল বুকুৰ স্পন্দন কিমান ঘন হৈছিল সেই কথা একমাত্ৰ তাইহে অনুমান কৰিব পাৰিছিল। আজি কেইবাটাও দিনৰ আকাংক্ষিত শব্দটো... । হয় ঠিক তাই ভাবি থকা শব্দটোকে মানুহজনে সুন্দৰ হাঁহি এটা মাৰি ক'লে,

:: সব ঠিকেই আছে, আজি আপুনি নিচিন্ত হ'ল। আপুনি কিবা অসুবিধা পাই আছে নেকি? 

:: নাই ... একো অসুবিধা পোৱা নাই । পিছত কিবা হয় যদি নাজানো। 

সকলো ঠিকেই আছে বুলি শুনাৰ লগে লগে তাইৰ মনটো ৰণুৱা ঘোঁৰাৰ দৰে উৰা মাৰি যাব যেন আপোন মানুহবোৰৰ মাজলৈ ।

:: মই ঘৰৰ মানুহক খবৰটো দিব পাৰোঁ নে? 

:: উম, পাৰে পাৰে , কিন্তু আপুনি এতিয়াই যাব নোৱাৰিব । আমাৰ কিছুমান ফৰ্মেলিটিজ আছে, সেইখিনি কৰিলৈ আপোনাক যাবলৈ দিব পাৰিম । ঠিক বাৰ বজাৰ পাছত ।

      তাই তৎক্ষণাত হাতৰ ফোনটো কামত লগালে। প্ৰথমে ঘৰলৈ, তাৰ পাছত আত্মীয় স্বজন , বন্ধু বৰ্গ সকলোলৈকে এবাৰ এবাৰকৈ ডায়েল কৰিলে ।

:: মোৰ আজি ৰিপোৰ্ট আহিল দেই কোবিদ-১৯ নিগেটিভ হ'লোঁ।

ইফালৰ পৰা উত্তৰ আহিল।

:: অ... হয়নেকি! আমি এতিয়াই যাওঁনে অনিবলৈ !

:: এতিয়াই নহয় বাৰ বজাৰ পাছতহে ৰিলিজ দিব । তেওঁলোকৰ কিছুমান ফৰ্মেলিটিজ আছে বোলে তাৰ পাছতহে ৰিলিজ হ'ব । এইমাত্র স্বাস্থ্য কৰ্মীজনে ক'লে । 

       কোবিদ-১৯ পজিটিভ হোৱাৰ পৰা তৃতীয় বাৰ টেষ্ট কৰাৰ পাছতহে নিগেটিভ আহিল। বাৰে বাৰে পজিটিভ অহাৰ বাবে তাই একপ্ৰকাৰ নিৰাশ হৈ পৰিছিল। তাই মনতে ভাবিছিল কোবিদৰ লগত যুঁজা যুঁজখনত তাই জিকিবগৈ নোৱাৰিব নেকি? অৱশেষত বহু আকাংক্ষিত খবৰটোৱে পজিটিভ হোৱাৰ পাছৰ পৰা হতাশাৰে আচ্ছন্ন কৰি ৰখা মনটো ৰৌদ্ৰোজ্জ্বল পুৱা এটাৰ দৰে জ্যোতিষ্মান হৈ পৰিল ।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages