স্মৃতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

স্মৃতি


 

স্মৃতি

জ্যোৎস্না ৰানী বেগম


তাহানিৰ  নীলঞ্জনা 

তাহানিৰ চেনেহ বান্ধোন 

স্কুলীয়া জীৱনত সেই স্মৃতি- 


বহাগৰ এটি মিঠা আবেলি  

আৰু এডৰা সেমেকা বননি 

বৰষুণ জাক চাগৈ এই মাত্ৰ গ'ল 

লগত এজাক প্ৰাণদীপ্ত লগৰীয়া

হাঁহিৰ খলকনি ত পৃথিৱী কপে 

 

আকৌ সিদিনাৰ সৰগীয়া এটি গধুলী 

হাঁহি আৰু গানৰ  গুনগুননি

সময় বোৰে একেলগে প্ৰাণপাই উঠিছিল

 বেসুৰা গানৰ  সুৰৰ হাঁহিয়ে তাল  কাটে 

সময়বোৰ ধৰি ৰাখিব মন আছিল 

স্মৃতি বোৰ আহি মণিকোঠত জিৰণি লয়

সময় বোৰ ৰেলৰ উকিৰ লগত গৈছ উৰি 

জীৱনৰ শূণ্যতা খিনি লিখি আছোঁ মনৰ ডায়েৰীত।।


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages