শেষ নোহোৱা কথাবোৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

শেষ নোহোৱা কথাবোৰ

 


শেষ নোহোৱা কথাবোৰ...

গাৰ্গী ভূঞা

যোৰহাট

যিবোৰ  কথা শেষ নহ'ল

দিনটোৰ শেষত 

ৰতিটোৰ শেষত

পষেকৰ শেষত

মাহৰ শেষত

বছৰৰ শেষত


জীৱনটোৰ শেষতো শেষ নোহোৱা কথাবোৰ বোলে অতৃপ্ত

যি লুকাই থাকে বন্ধ ঘৰত 

উলমি থাকে বৰগছৰ ডালত

পুত খাই থাকে বৰপুখুৰীৰ মাজত


ভয়ত পশুপতিনাথৰ শৰণাপন্ন হোৱা আমিবোৰহে

মানুহ যোনী


পিছে মৃত্যুৰ পাছত জীৱন পোৱা কথাবোৰো 

ফিনিক্স পক্ষীৰ ছাইৰ দৰে

সঁচা!

মিছা!

প্ৰবাদ!


যি কি নহওক  

তৃপ্ত হওক বা নহওক

কথাবোৰ, এই জনমতে শেষ হোৱা ভাল


Doksiri দকচিৰি, মে, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages