বিহংগম দৃষ্টিৰে মিচিং সমাজ,সংস্কৃতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

বিহংগম দৃষ্টিৰে মিচিং সমাজ,সংস্কৃতি


 

বিহংগম দৃষ্টিৰে


মিচিং সমাজ,সংস্কৃতি


জাতিৰাম কমান


   সংস্কৃতি মানৱ সমাজৰ অবিচ্ছেদ্য অংগ।সংস্কৃতি বিহনে মানুহ সামাজিক ভাৱে জীয়াই থাকিব নোৱাৰে।সংস্কৃতিবিহীন মানুহ পশুতুল্য বুলি কয়।সংস্কৃতি শব্দটো সংস্কাৰৰ পৰাই উৎপত্তি হৈছে।অৰ্থাৎ যাৰ সংস্কাৰ হৈছে ইয়েই সংস্কৃতি।আৰু এটা বেলেগ অৰ্থত কব পাৰি যে_জীৱনৰ বিভিন্ন কৃতিয়ে সংস্কৃতি।

  সংস্কৃতিৰ সংজ্ঞাটো আমি এনেদৰে দিব পাৰোঁহক_সমাজৰ ৰীতি নীতি,আচাৰ ব্যৱহাৰ,নীতিজ্ঞান,উৎসৱ পাৰ্বণ,শিল্প কলা আদি সকলোবোৰকে সামৰা সামগ্ৰিক ৰূপেই হল সংস্কৃতি।

     সমাজ পাতি বাস কৰিবৰ পৰাহে মানুহে দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্য নিয়মিত ভাৱে কৰিবলৈ লয় আৰু সেই কাৰ্যবোৰ সময়ৰ সোঁতত পৰম্পৰালৈ পৰ্য্যৱসিত হয়।ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সংস্কৃতি প্ৰাকৃতিক নহয় বৰঞ্চ ই মানৱ সৃষ্ট।সময়ৰ গতিৰ লগতে মানুহৰ জীৱন ধাৰণৰ পদ্ধতিও পৰিৱৰ্তন হবলৈ লয়।সমাজৰ জীৱন ধাৰণৰ কৌশল অথবা দৈনন্দিন জীৱনশৈলী সলনি হলেই সংস্কৃতিও সলনি হবলৈ লয়।গতিকে সংস্কৃতি সামগ্ৰিক ভাৱে পৰিৱৰ্তনশীল নহলেও আংশিকভাৱে অৱশ্যেই পৰিৱৰ্তনীয়।

মিচিং সমাজ বুলি কলে অসমৰ নদী অৱবাহিকাত বসবাস কৰি অহা তানিগোষ্ঠীক

বুজা যায়।মিচিং সকল পূৰ্বতে পাহাৰৰ পৰা প্ৰৱজিত জনগোষ্ঠী।জীৱিকাৰ সন্ধানত ব্ৰহ্মপুত্ৰ নদ আৰু ইয়াৰ উপনৈসমূহৰ পাৰে পাৰে বসতি স্থাপন কৰিবলৈ লয়।মিচিঙসকল যিহেতু পাহাৰৰ পৰা ভৈয়ামলৈ

প্ৰৱজিত জনগোষ্ঠী,সেইহেতু মিচিং সমাজ সংস্কৃতি হল পাহাৰীয়া আৰু ভৈয়ামৰ এটা সংমিশ্ৰিত সংস্কৃতি।তেওঁলোকে বহন কৰি অনা পূৰ্বৰ পাহাৰীয়া জনজাতীয় আচাৰ ব্যৱহাৰ,ৰীতি নীতিও এৰা নাই আৰু অসম উপত্যকালৈ আহি বৃহত্তৰ অসমীয়া সমাজ ব্যৱস্থাৰ অংশীদাৰ হৈ অসমীয়া সমাজৰ ৰীতি নীতিও গ্ৰহন কৰিছেহি।গতিকে থোৰতে কবলৈ হলে মিচিং সমাজখন এটা সংমিশ্ৰিত সমাজৰ অংশীদাৰ আৰু মিচিং সংস্কৃতি এটা সংমিশ্ৰিত সংস্কৃতি।মিচিং সংস্কৃতি একেবাৰে পুৰাতন তানি সংস্কৃতিতে স্থৱিৰ হৈ থকা নাই, কালৰ সোঁতত ই অন্য সংস্কৃতিৰ সতে সংমিশ্ৰণ হৈছে।আমি আগতেই উনুকিয়াই আহিছোঁ যে সংস্কৃতি গতিশীল ও পৰিৱৰ্তন

শীল।

  মিচিং সাজপাৰ,কলাকৃষ্টি,গীত মাত আদি সকলোতেই অন্য সামাজিক চাপ আৰু সাংস্কৃতিক পৰশ পৰিছে।প্ৰথমে ধৰ্মীয় ৰীতিৰ কথাকেই ধৰকচোন!দ:ঞি প:লৰ সন্তান বুলি পৰম্পৰাগত ভাৱে পালি অহা পূৰ্বৰ ধৰ্মীয় ৰীতিত এতিয়া উত্তৰ ভাৰতীয় সনাতনী ধৰ্মীয় ৰীতিৰ ছিটিকনি পৰিছে।পূৰ্বতে প্ৰকৃতি পূজা(Animism)ত অভ্যস্ত তানিৰ সন্তান মিচিংসকল এতিয়া কাল সংহতি,একশৰণ নামধৰ্মৰ প্ৰভাৱাধীন যাৰ মূল শিপা হল উত্তৰ ভাৰতীয় সনাতনী ব্ৰাহ্মণ্যবাদী হিন্দু পৰম্পৰা  

   মিচিং সাজপাৰতো অসমীয়া সাজপাৰ তথা আধুনিকতাৰ পৰশ নপৰা নহয়।আগৰে পৰা পৰিধান কৰি অহা পৰম্পৰাগত সাজপাৰৰ লগতে সংমিশ্ৰিত আধুনিক পোছাক পৰিচ্ছদে মিচিং সাজপাৰৰ মূল বৈশিষ্ট্য বহন কৰা নাই যাক আমি pure culture বুলি অভিহিত কৰোঁ।অৱশ্যে সাম্প্ৰতিক কালত নিজৰ পাৰম্পৰিক ড্ৰেছ পোচাকৰ প্ৰতি আজিৰ প্ৰজন্ম আসক্ত হৈছে,এয়া শুভলক্ষণ।আধুনিক সাজপাৰৰ লগতে নিজা পোছাক পৰিচ্ছদো পৰিধান কৰি থাকিলেহে সাংস্কৃতিক ধাৰাটো প্ৰৱাহিত হৈ থাকিব।

মিচিং সকল সাংস্কৃতিক ভাৱে এটা চহকী জনগোষ্ঠী।মিচিং সকলৰ সাজপাৰ,গীত মাত,খাদ্য সম্ভাৰ,বাসস্থান আদিৰ এটা সুকীয়া বৈশিষ্ট্য আছে।ৰং বিৰঙী মিচিং এগে গাচৰ(মেখলা চাদৰ),ৰি:বি গাছেং,অৗৰকগ,

দুমৗৰ,মিবু গালুক ইত্যাদি পোছাকবোৰে মিচিঙৰ নিজস্ব বৈশিষ্ট্য বহন কৰে।ইয়াৰ লগতে মিচিং গীতৰো এক সুকীয়া বৈশিষ্ট্য বিদ্যমান।বিশেষকৈ মিবু আ:বাং,কাবান,

লেৰেলি নি:তম,চেল্লয়া নি:তম,অই নি:তম আদিবোৰ মিচিং সকলৰ মৌলিক সাংগীতিক ধাৰা।বাকী গীত সংগীতবোৰ বাদেই,অকল মিচিং অই নি:তমেই মিচিং সংস্কৃতিটো উজলাই তোলাৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰি আহিছে।

  মিচিং খাদ্যভ্যাসেও মিচিং সংস্কৃতিক এটা সুকীয়া পৰিচয় দি আহিছে।প:ৰ আপং বা ছাইমদ পানীয় প্ৰস্তুতকৰণ মিচিং জনগোষ্ঠীৰ একচেতিয়া পৰম্পৰা।বৰ্তমান দেশ বিদেশত প্ৰচলিত প্ৰিয় গাহৰি মাংসৰ খাদ্যাভাসো অসম তথা পূৰ্বোত্তৰ ৰাজ্যত মিচিং জনগোষ্ঠী

য়েই আগভাগ লৈ আহিছে।

    নৈৰ পাৰত ছাংঘৰ পাতি বাস কৰা অসমৰ একমাত্ৰ জনগোষ্ঠীটোৱেই হল মিচিঙসকল।কবাত কবাত দুই এঠাইত দেউৰী আদি অন্য জনজাতীয় লোকে বাস কৰি আহিছে যদিও একেবাৰে নগন্য সংখ্যক।মিচিঙসকলৰ দৰে অসমৰ প্ৰতিটো নৈ উপনৈত বসবাস কৰি থকাৰ দৰে থকা নাই।

  মিচিং সকলৰ সমাজ সংস্কৃতি অসমৰ বাকী জনজাতি সকলৰ লগত থকাৰ ধৰণ কৰণ,খাদ্যাভ্যাস ইত্যাদিৰ বহুক্ষেত্ৰত মিল থাকিলেও কিন্তু মিচিং সকলৰ পাৰম্পৰিক সামাজিক বৈশিষ্ট্য বাকী জনজাতীয় সকলতকৈ কিছু পৃথক।কাৰণ অন্য প্ৰান্তেদি অসম উপত্যকালৈ অহা নিজা বৈশিষ্ট্যৰে সমৃদ্ধ এক মানৱ সমাজ,যাৰ সভ্যতা সংস্কৃতি

এটা নিজস্ব শৈলীৰে গতি কৰি আহিছে আৱহমান কালৰে পৰা আজিৰ যুগলৈকে যি সমাজ সংস্কৃতি প্ৰাচ্য সভ্যতাৰে সংপৃক্ত।যি সমাজৰ মানুহে প্ৰাচ্যৰ মংগোলীয় মূল জাতীয় ৰক্ত বহন কৰি আহিছে যাৰ সাংস্কৃতিক শিপাডালে প্ৰাচ্যৰ মূল সভ্যতা সংস্কৃতিৰ পৰা অহা।

   মিচিং সকলৰ কলা কৃষ্টিৰ নিজস্ব শৈলী এটা থাকিলেও অসমীয়া কলা কৃষ্টিৰ লগত সংমিশ্ৰিত হোৱাৰদৰে সকাম নিকাম,পূজা পাতল আদিতো ভৈয়ামৰ ৰীতি নীতিৰ সতে সংমিশ্ৰণ হল।যেনে_মৃতকৰ সৎকাৰ,শুচি,দহা সকাম আদিত মিচিঙৰ নিজা ৰীতি থাকিলেও কিন্তু সকামবোৰ কেৱলীয়া ভকতৰ নিয়মে সম্পন্ন কৰা হয়।অন্য হিন্দু ৰীতিত কৰাৰ দৰে কিন্তু দহদিনত দহাকাজ কৰা নহয়।সাধাৰণতে হিন্দু ধৰ্মই হওঁক বা আন ধৰ্ম তথা সমাজে মানুহ মৃত্যু হোৱাৰ পাছত মৃতকৰ সৎকাৰ তথা ধৰ্মীয় কাজ কৰ্মবোৰ সোনকালে সমাপন কৰে অশুচিৰ পৰা শুচি হোৱাৰ তাগিদাত।সোনকালে ধৰ্মীয় কামবোৰ সমাপন কৰি মৃতকৰ ছায়াৰ পৰা মুক্ত কৰে বুলিব পাৰি।কিন্তু মিচিং সকলে আকৌ মৃতকৰ ধৰ্মীয় কামবোৰ বহু বছৰলৈ ৰাখিহে কৰে।একেখন পৰিয়ালৰ দহ বাৰজনলৈকে থূপাই ৰাখি কেবাটাও দঁতাল গাহৰি মাৰি বৰভোজ দিয়াৰ দৰে পাঁচ দহ বছৰৰ পাছত উলহ মালহেৰে দদগাং উদযাপন কৰে বুলি কোৱাই সমীচিন হব।

  দদগাঙটো আচলতে ধৰ্মীয় অনুষ্ঠানতকৈ বৰভোজ খোৱা যেনহে লাগে।মাংগলিক অনুষ্ঠান নহৈ যেনিবা ভোজন পৰ্বহে।

  যিকিনহওঁক,এয়া মিচিং সকলৰ পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় অনুষ্ঠান। দদগাঙৰ চলে মৃতকৰ সকলো আত্মীয় একত্ৰিত হৈ মৃতাত্মাক সমূহীয়‍ ভাৱে স্মৰণ কৰে,এয়াও এটা সুন্দৰ পৰম্পৰা মানৱীয় দৃষ্টিকোণেৰে।পৰিয়াল পৰিজনক এৰি যোৱা মৃতকক বহু বছৰৰ পাছত পৰিয়াল পৰিজনে একেলগে একত্ৰিত হৈ স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰাও এট‍া সুকীয়া পৰম্পৰা।

    সামগ্ৰিক ভাৱে চালে মিচিং সকলৰ জীৱন পদ্ধতি একেবাৰেই সহজ সৰল এক জীৱন পৰিক্ৰমা।বান খহনীয়াৰ সতে যুঁজ বাগৰ কৰি বহু কষ্টেৰে খেতি বাতি কৰি জীৱন অতিবাহিত কৰিলেও নৃত্য গীত ফূৰ্তি তামাচা কৰি জীয়াই থাকি ভালপোৱা এটা জনগোষ্ঠী।সৰল জীৱন পদ্ধতি মিচিং সকলৰ।কিন্তু হলেও আজিকালি বাৰে বঙলুৱা,বাহিৰা কুসংস্কতিৰ প্ৰভাৱত সমাজবোৰ বিভিন্ন অপৰাধে কলুষিত কৰিবলৈ লৈছে।কুসংস্কৃতিৰ প্ৰভাৱৰ পৰা সমাজখন মুক্ত কৰি নাৰাখিলে অদূৰ ভৱিষ্যতে সমাজখনে নিজস্ব কলা সংস্কৃতি যে নেহেৰুৱাব তাক ন দি কব নোৱাৰি।

  গতিকে,সমাজ সংস্কৃতিৰ ধাৰাটো সুন্দৰভাৱে চিৰপ্ৰৱাহমান হৈ থাকিবলৈ দিবলৈ হলে আমি নিজেই আমাৰ নিজা সংস্কৃতিৰ নৈখনত সাঁতুৰিব লাগিব।সংস্কৃতিৰ শীতল জলত ডুবি সংস্কৃতিৰ সান্নিধ্য অনুভৱ কৰিব লাগিব অহৰহ,তেহে সংস্কৃতিক আমি সঁচা অৰ্থত আকোঁৱালি লৈ থাকিব পাৰিম॥

 সংস্কৃতি মানৱ সমাজৰ অবিচ্ছেদ্য অংগ।সংস্কৃতি বিহনে মানুহ সামাজিক ভাৱে জীয়াই থাকিব নোৱাৰে।সংস্কৃতিবিহীন মানুহ পশুতুল্য বুলি কয়।সংস্কৃতি শব্দটো সংস্কাৰৰ পৰাই উৎপত্তি হৈছে।অৰ্থাৎ যাৰ সংস্কাৰ হৈছে ইয়েই সংস্কৃতি।আৰু এটা বেলেগ অৰ্থত কব পাৰি যে_জীৱনৰ বিভিন্ন কৃতিয়ে সংস্কৃতি।

  সংস্কৃতিৰ সংজ্ঞাটো আমি এনেদৰে দিব পাৰোঁহক_সমাজৰ ৰীতি নীতি,আচাৰ ব্যৱহাৰ,নীতিজ্ঞান,উৎসৱ পাৰ্বণ,শিল্প কলা আদি সকলোবোৰকে সামৰা সামগ্ৰিক ৰূপেই হল সংস্কৃতি।

     সমাজ পাতি বাস কৰিবৰ পৰাহে মানুহে দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্য নিয়মিত ভাৱে কৰিবলৈ লয় আৰু সেই কাৰ্যবোৰ সময়ৰ সোঁতত পৰম্পৰালৈ পৰ্য্যৱসিত হয়।ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সংস্কৃতি প্ৰাকৃতিক নহয় বৰঞ্চ ই মানৱ সৃষ্ট।সময়ৰ গতিৰ লগতে মানুহৰ জীৱন ধাৰণৰ পদ্ধতিও পৰিৱৰ্তন হবলৈ লয়।সমাজৰ জীৱন ধাৰণৰ কৌশল অথবা দৈনন্দিন জীৱনশৈলী সলনি হলেই সংস্কৃতিও সলনি হবলৈ লয়।গতিকে সংস্কৃতি সামগ্ৰিক ভাৱে পৰিৱৰ্তনশীল নহলেও আংশিকভাৱে অৱশ্যেই পৰিৱৰ্তনীয়।

মিচিং সমাজ বুলি কলে অসমৰ নদী অৱবাহিকাত বসবাস কৰি অহা তানিগোষ্ঠীক

বুজা যায়।মিচিং সকল পূৰ্বতে পাহাৰৰ পৰা প্ৰৱজিত জনগোষ্ঠী।জীৱিকাৰ সন্ধানত ব্ৰহ্মপুত্ৰ নদ আৰু ইয়াৰ উপনৈসমূহৰ পাৰে পাৰে বসতি স্থাপন কৰিবলৈ লয়।মিচিঙসকল যিহেতু পাহাৰৰ পৰা ভৈয়ামলৈ

প্ৰৱজিত জনগোষ্ঠী,সেইহেতু মিচিং সমাজ সংস্কৃতি হল পাহাৰীয়া আৰু ভৈয়ামৰ এটা সংমিশ্ৰিত সংস্কৃতি।তেওঁলোকে বহন কৰি অনা পূৰ্বৰ পাহাৰীয়া জনজাতীয় আচাৰ ব্যৱহাৰ,ৰীতি নীতিও এৰা নাই আৰু অসম উপত্যকালৈ আহি বৃহত্তৰ অসমীয়া সমাজ ব্যৱস্থাৰ অংশীদাৰ হৈ অসমীয়া সমাজৰ ৰীতি নীতিও গ্ৰহন কৰিছেহি।গতিকে থোৰতে কবলৈ হলে মিচিং সমাজখন এটা সংমিশ্ৰিত সমাজৰ অংশীদাৰ আৰু মিচিং সংস্কৃতি এটা সংমিশ্ৰিত সংস্কৃতি।মিচিং সংস্কৃতি একেবাৰে পুৰাতন তানি সংস্কৃতিতে স্থৱিৰ হৈ থকা নাই, কালৰ সোঁতত ই অন্য সংস্কৃতিৰ সতে সংমিশ্ৰণ হৈছে।আমি আগতেই উনুকিয়াই আহিছোঁ যে সংস্কৃতি গতিশীল ও পৰিৱৰ্তনশীল।

  মিচিং সাজপাৰ,কলাকৃষ্টি,গীত মাত আদি সকলোতেই অন্য সামাজিক চাপ আৰু সাংস্কৃতিক পৰশ পৰিছে।প্ৰথমে ধৰ্মীয় ৰীতিৰ কথাকেই ধৰকচোন!দ:ঞি প:লৰ সন্তান বুলি পৰম্পৰাগত ভাৱে পালি অহা পূৰ্বৰ ধৰ্মীয় ৰীতিত এতিয়া উত্তৰ ভাৰতীয় সনাতনী ধৰ্মীয় ৰীতিৰ ছিটিকনি পৰিছে।পূৰ্বতে প্ৰকৃতি পূজা(Animism)ত অভ্যস্ত তানিৰ সন্তান মিচিংসকল এতিয়া কাল সংহতি,একশৰণ নামধৰ্মৰ প্ৰভাৱাধীন যাৰ মূল শিপা হল উত্তৰ ভাৰতীয় সনাতনী ব্ৰাহ্মণ্যবাদী হিন্দু পৰম্পৰা  

   মিচিং সাজপাৰতো অসমীয়া সাজপাৰ তথা আধুনিকতাৰ পৰশ নপৰা নহয়।আগৰে পৰা পৰিধান কৰি অহা পৰম্পৰাগত সাজপাৰৰ লগতে সংমিশ্ৰিত আধুনিক পোছাক পৰিচ্ছদে মিচিং সাজপাৰৰ মূল বৈশিষ্ট্য বহন কৰা নাই যাক আমি pure culture বুলি অভিহিত কৰোঁ।অৱশ্যে সাম্প্ৰতিক কালত নিজৰ পাৰম্পৰিক ড্ৰেছ পোচাকৰ প্ৰতি আজিৰ প্ৰজন্ম আসক্ত হৈছে,এয়া শুভলক্ষণ।আধুনিক সাজপাৰৰ লগতে নিজা পোছাক পৰিচ্ছদো পৰিধান কৰি থাকিলেহে সাংস্কৃতিক ধাৰাটো প্ৰৱাহিত হৈ থাকিব।

     মিচিং সকল সাংস্কৃতিক ভাৱে এটা চহকী জনগোষ্ঠী।মিচিং সকলৰ সাজপাৰ,গীত মাত,খাদ্য সম্ভাৰ,বাসস্থান আদিৰ এটা সুকীয়া বৈশিষ্ট্য আছে।ৰং বিৰঙী মিচিং এগে গাচৰ(মেখলা চাদৰ),ৰি:বি গাছেং,অৗৰকগ, দুমৗৰ,মিবু গালুক ইত্যাদি পোছাকবোৰে মিচিঙৰ নিজস্ব বৈশিষ্ট্য বহন কৰে।ইয়াৰ লগতে মিচিং গীতৰো এক সুকীয়া বৈশিষ্ট্য বিদ্যমান।বিশেষকৈ মিবু আ:বাং,কাবান, লেৰেলি নি:তম,চেল্লয়া নি:তম,অই নি:তম আদিবোৰ মিচিং সকলৰ মৌলিক সাংগীতিক ধাৰা।বাকী গীত সংগীতবোৰ বাদেই,অকল মিচিং অই নি:তমেই মিচিং সংস্কৃতিটো উজলাই তোলাৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰি আহিছে।

  মিচিং খাদ্যভ্যাসেও মিচিং সংস্কৃতিক এটা সুকীয়া পৰিচয় দি আহিছে।প:ৰ আপং বা ছাইমদ পানীয় প্ৰস্তুতকৰণ মিচিং জনগোষ্ঠীৰ একচেতিয়া পৰম্পৰা।বৰ্তমান দেশ বিদেশত প্ৰচলিত প্ৰিয় গাহৰি মাংসৰ খাদ্যাভাসো অসম তথা পূৰ্বোত্তৰ ৰাজ্যত মিচিং জনগোষ্ঠীয়েই আগভাগ লৈ আহিছে।

    নৈৰ পাৰত ছাংঘৰ পাতি বাস কৰা অসমৰ একমাত্ৰ জনগোষ্ঠীটোৱেই হল মিচিঙসকল।কবাত কবাত দুই এঠাইত দেউৰী আদি অন্য জনজাতীয় লোকে বাস কৰি আহিছে যদিও একেবাৰে নগন্য সংখ্যক।মিচিঙসকলৰ দৰে অসমৰ প্ৰতিটো নৈ উপনৈত বসবাস কৰি থকাৰ দৰে থকা নাই।

  মিচিং সকলৰ সমাজ সংস্কৃতি অসমৰ বাকী জনজাতি সকলৰ লগত থকাৰ ধৰণ কৰণ,খাদ্যাভ্যাস ইত্যাদিৰ বহুক্ষেত্ৰত মিল থাকিলেও কিন্তু মিচিং সকলৰ পাৰম্পৰিক সামাজিক বৈশিষ্ট্য বাকী জনজাতীয় সকলতকৈ কিছু পৃথক।কাৰণ অন্য প্ৰান্তেদি অসম উপত্যকালৈ অহা নিজা বৈশিষ্ট্যৰে সমৃদ্ধ এক মানৱ সমাজ,যাৰ সভ্যতা সংস্কৃতি এটা নিজস্ব শৈলীৰে গতি কৰি আহিছে আৱহমান কালৰে পৰা আজিৰ যুগলৈকে যি সমাজ সংস্কৃতি প্ৰাচ্য সভ্যতাৰে সংপৃক্ত।যি সমাজৰ মানুহে প্ৰাচ্যৰ মংগোলীয় মূল জাতীয় ৰক্ত বহন কৰি আহিছে যাৰ সাংস্কৃতিক শিপাডালে প্ৰাচ্যৰ মূল সভ্যতা সংস্কৃতিৰ পৰা অহা।

   মিচিং সকলৰ কলা কৃষ্টিৰ নিজস্ব শৈলী এটা থাকিলেও অসমীয়া কলা কৃষ্টিৰ লগত সংমিশ্ৰিত হোৱাৰদৰে সকাম নিকাম,পূজা পাতল আদিতো ভৈয়ামৰ ৰীতি নীতিৰ সতে সংমিশ্ৰণ হল।যেনে_মৃতকৰ সৎকাৰ,শুচি,দহা সকাম আদিত মিচিঙৰ নিজা ৰীতি থাকিলেও কিন্তু সকামবোৰ কেৱলীয়া ভকতৰ নিয়মে সম্পন্ন কৰা হয়।অন্য হিন্দু ৰীতিত কৰাৰ দৰে কিন্তু দহদিনত দহাকাজ কৰা নহয়।সাধাৰণতে হিন্দু ধৰ্মই হওঁক বা আন ধৰ্ম তথা সমাজে মানুহ মৃত্যু হোৱাৰ পাছত মৃতকৰ সৎকাৰ তথা ধৰ্মীয় কাজ কৰ্মবোৰ সোনকালে সমাপন কৰে অশুচিৰ পৰা শুচি হোৱাৰ তাগিদাত।সোনকালে ধৰ্মীয় কামবোৰ সমাপন কৰি মৃতকৰ ছায়াৰ পৰা মুক্ত কৰে বুলিব পাৰি।কিন্তু মিচিং সকলে আকৌ মৃতকৰ ধৰ্মীয় কামবোৰ বহু বছৰলৈ ৰাখিহে কৰে।একেখন পৰিয়ালৰ দহ বাৰজনলৈকে থূপাই ৰাখি কেবাটাও দঁতাল গাহৰি মাৰি বৰভোজ দিয়াৰ দৰে পাঁচ দহ বছৰৰ পাছত উলহ মালহেৰে দদগাং উদযাপন কৰে বুলি কোৱাই সমীচিন হব।

  দদগাঙটো আচলতে ধৰ্মীয় অনুষ্ঠানতকৈ বৰভোজ খোৱা যেনহে লাগে।মাংগলিক অনুষ্ঠান নহৈ যেনিবা ভোজন পৰ্বহে।

  যিকিনহওঁক,এয়া মিচিং সকলৰ পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় অনুষ্ঠান। দদগাঙৰ চলে মৃতকৰ সকলো আত্মীয় একত্ৰিত হৈ মৃতাত্মাক সমূহীয়‍ ভাৱে স্মৰণ কৰে,এয়াও এটা সুন্দৰ পৰম্পৰা মানৱীয় দৃষ্টিকোণেৰে।পৰিয়াল পৰিজনক এৰি যোৱা মৃতকক বহু বছৰৰ পাছত পৰিয়াল পৰিজনে একেলগে একত্ৰিত হৈ স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰাও এট‍া সুকীয়া পৰম্পৰা।

    সামগ্ৰিক ভাৱে চালে মিচিং সকলৰ জীৱন পদ্ধতি একেবাৰেই সহজ সৰল এক জীৱন পৰিক্ৰমা।বান খহনীয়াৰ সতে যুঁজ বাগৰ কৰি বহু কষ্টেৰে খেতি বাতি কৰি জীৱন অতিবাহিত কৰিলেও নৃত্য গীত ফূৰ্তি তামাচা কৰি জীয়াই থাকি ভালপোৱা এটা জনগোষ্ঠী।সৰল জীৱন পদ্ধতি মিচিং সকলৰ।কিন্তু হলেও আজিকালি বাৰে বঙলুৱা,বাহিৰা কুসংস্কতিৰ প্ৰভাৱত সমাজবোৰ বিভিন্ন অপৰাধে কলুষিত কৰিবলৈ লৈছে।কুসংস্কৃতিৰ প্ৰভাৱৰ পৰা সমাজখন মুক্ত কৰি নাৰাখিলে অদূৰ ভৱিষ্যতে সমাজখনে নিজস্ব কলা সংস্কৃতি যে নেহেৰুৱাব তাক ন দি কব নোৱাৰি।

  গতিকে,সমাজ সংস্কৃতিৰ ধাৰাটো সুন্দৰভাৱে চিৰপ্ৰৱাহমান হৈ থাকিবলৈ দিবলৈ হলে আমি নিজেই আমাৰ নিজা সংস্কৃতিৰ নৈখনত সাঁতুৰিব লাগিব।সংস্কৃতিৰ শীতল জলত ডুবি সংস্কৃতিৰ সান্নিধ্য অনুভৱ কৰিব লাগিব অহৰহ,তেহে সংস্কৃতিক আমি সঁচা অৰ্থত আকোঁৱালি লৈ থাকিব পাৰিম॥


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages