এচিকুট আবিৰৰ ছিটিকনি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

এচিকুট আবিৰৰ ছিটিকনি

 


এচিকুট আবিৰৰ ছিটিকনি

 গৌতম মালাকাৰ        


      দুবছৰ আগতেই নিষ্ঠুৰ নিয়তিয়ে বৈদেহীৰ জীৱনৰ পৰা সকলো ৰং কাঢ়ি লৈ শুভ্ৰ পোছাক পিন্ধাই দিছিল। তাইৰ বাবে এতিয়া প্ৰতিটো উৎসবেই বেৰঙী।

     বাৰাণ্ডাত থিয় হৈ থকা বৈদেহীক উদ্দেশ্যি তাইৰ সমবয়সীয়া ভতিজা-ভতিজীহঁতে চোতালৰ পৰাই চিঞৰি চিঞৰি ৰঙৰ উৎসৱৰ শুভ কামনা জনালে, "হেপ্পী হোলী খুড়ী, হেপ্পী হোলী..."।

    সিহঁতে ইজনে সিজনৰ দেহত আবিৰৰ আল্পনা আঁকি আঁকি আনন্দত আত্মহাৰা হোৱা দেখি বালিকা বধু বৈদিহীয়ে নিজৰ মনটোক পিঞ্জৰাবদ্ধ কৰি ৰৈ থাকিব নোৱাৰিলে, সকলো পাহৰি তাই দৌৰি গৈ সিহঁতৰ মাজত সোমাই পৰিল আৰু আবিৰৰ ৰঙেৰে দেহ-মন ৰঙাই তুলিলে।

     শ্বেয়াৰ বজাৰৰ অভাৱনীয় পতনৰ ফলত সৰ্বস্বান্ত হোৱা পুত্ৰ সন্তানে অপমৃত্যুক আঁকোৱালি লোৱাৰ পিছত বিধবা বৈদেহীক নিজৰ ছোৱালী বুলি গ্ৰহণ কৰা শাহু-শহুৰেকৰ বিদীৰ্ণ হিয়াত দুবছৰৰ পিছত আজি এচিকুট আবিৰৰ ছিটিকনি পৰিল। বোৱাৰী বৈদেহীৰ হেৰাই যোৱা এই উল্লাস ভৰা হাঁহিটোৰ কামনাৰে পৰিয়ালৰ সকলোৱে সদায় প্ৰাৰ্থনা কৰি আহিছে।

       বৈদেহীৰ শহুৰ-শাহুৱেকেও ইজনে সিজনৰ গালত লাজ লাজকৈ ফাকুৱা সানি দিলে।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩






No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages