মোৰ সমাধিত গোলাপ নুৰুবা
জুৰি গোস্বামী শৰ্মা
পাঠশালা, বৰপেটা
মন থাকিলেও মোৰ সমাধিত
গোলাপ নুৰুবা
মই ফুল ভাল পালেও
গোলাপ মোৰ বাবে বিশেষ নহয়
গোলাপে সানিব পাৰে ৰং
তথাপি কাইটেৰে আচুৰে হৃদয়
আকৌ কৈছো
মোৰ সমাধিত গোলাপ নুৰুবা ,
ৰুৱা যদি তাত
ণাহৰ কৃষ্ণচূড়া সোণাৰু হাচনাহানা কিম্বা
বকুলকে ৰুবা
আকাশ ভৰাই দিব ৰং
হৃদয় ভৰাই দিব পৰিমল
ৰঙা হালধীয়া কিম্বা শুভ্ৰ ৰঙে
আঁকি দিব হৃদয়ত আশাৰ ৰামধেনু
নিয়ৰসিক্ত প্ৰভাতী ক্ষনত
অৰুনক জনাব স্বাগতম
ভাগৰুৱা পথিকক দিব
অনেক সাহস হৃদয়ত ,
আকাশ উজলাই হাঁহিব যিয়ে
প্ৰতিটো ক্ষনত
এটি দুটি সৰিব ফুল
মোৰ সমাধিৰ ওপৰত।।
ফোনঃ ৬৯০১৩৪৭৪৩৮
Doksiri দকচিৰি, মে, ২০২৩


No comments:
Post a Comment