মিংমাং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 1, 2026

মিংমাং

 


মিংমাং


               দেৱৰাজ মিলি 


ইয়াতে সিঁচি থ’লোঁ মোৰ কেঁচা কলিজাৰ 

সুৱাগমণি ধান


অইনিঃতম আৰু আপঙৰ সংসৰ্গত ইয়াত 

গোপনে পৰাণ ঝৰি জৰে 

এনে চেনেহুৱা চাৱনি 

যেন মাটিৰ উম্সনা একুৰা জুই


এনেকৈয়ে কাম্পুলি ৰাতি দেখোঁ 

অবনৰি সপোন 

পাৰত বহি আঁজলি পাতি পানী ধৰোঁ 

আঙুলিৰ ফাঁকে ফাঁকে জোনৰ প্ৰতিচ্ছবি


ৰাতি ৰাতি টোপনি খতি 

ওখ পর্বত হিমালয় 

মনত পৰে তোমালৈ 

চকুপানীৰে নোৱাই-ধোৱাই 

কেতিয়াবা পাৰ হৈ গুচি যাওঁ 

অবনৰি


অ’ মন নিগাজীপাম 

তৰাপাতত নুৰিয়াই থৈছোঁ 

ৰঙা পাৰিৰ দুমৗৰ আৰু 

বুকুৰ কেঁচা আয়াং 

নুনুমুৱা এই জুইকুৰা 

জ্বলাই ৰাখোঁ দিয়া চিৰকাল


মিংমাং: গোগামুখৰ মিচিং জনগোষ্ঠী অধ্যুষিত এখন গাঁৱৰ নাম। স্থানীয়ভাৱে এই নামৰ অৰ্থ নুনুমুৱা জুই।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages