শৈশৱ
ৰেমী শৰ্মা
নগাঁও
চজনাৰ ডালত উলমি থকা লেৰেলা ল'ছালীৰ ভৰি
তলৰ পুখুৰীত ঘেদেলা চখৰ উচতনি
উজাই আহে লাওলাওকৈ চেনিজোক
এনেতে কেতেহা মাতৰ মাক
জতুলীপকা ফেনেকা দৌৰত প্ৰাণ গ’লে যাওক
কাল সন্ধিয়া ৰজাৰ জী ঘূৰে
বৰ পুখুৰীৰ পাৰত
খমখমীয়া মুগাৰ সাজ
বাউলী চুলি
ঘৰলৈ ঘুৰহঁত
সেই ভাজেই
পাছ দুৱাৰেদি পদূলিত ৰয়হি অকণ অকণ মন
মাজু মামাই খুব কম দামতে কিনি শৈশৱ আনিলে
মাকৰ মাততে সাৰ
Doksiri দকচিৰি, মে, ২০২৩


No comments:
Post a Comment