ব’হাগ বিহু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

ব’হাগ বিহু

 


ব’হাগ বিহু

মিনু হাজৰিকা


     সন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ, ব’হাগ বা ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়৷ বিহু অসমৰ জাতীয় উৎসৱ৷ বিহুৰ এক বৈশিষ্ট্য হ’ল ই জাতি , বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ৷ অসমত পালন কৰা তিনিটা বিহু ব’হাগ বিহু , কাতি বিহু , মাঘ বিহু৷ এই বিহুৱে অসমীয়া জাতীয় জীৱনত সমন্বয়ৰ বাৰ্তাও বিলাই আহিছে৷ বৃহত্তৰ অসমীয়া জাতি গঠনত বিহুৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷

     বিহু শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে৷ পণ্ডিত সকলৰ মতে সংস্কৃত 'বিসুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে৷ আন কিছু লোকৰ মতে, বড়ো সকলৰ বৈচাগু, ডিমাচা সকলৰ বুচু, কুচ সকলৰ বিচুৱা, ত্ৰিপুৰি সকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে ৷ সোণোৱাল সকলৰ 'বিচু'ত ৷

   "বিচু" শব্দৰ অৰ্থ হৈছে আটাইতকৈ পবিত্ৰ দিন ৷ ঠিক একেদৰে যেনেকৈ "চুতীয়া " মানে হৈছে "পবিত্ৰ পানীৰ কাষত থকা লোক" ৷

     বিহু হ’ল অসমীয়া মানুহৰ সম্পূৰ্ণ কৃষিভিত্তিক উৎসৱ ৷ তাই আহোম শব্দ " পয় বিহু/পিউ/পিহু"ৰ পৰাই "বিহু" শব্দৰ উৎপত্তি বুলি জনা যায় ৷ যিহেতু আহোম সকলেই অসমলৈ বিহু সংস্কৃতি কঢ়িয়াই আনিছিল বুলি বুৰঞ্জীয়ে কয় ৷

    অসমীয়া সমাজত গৰু বিহুৰ দিনা এশ এবিধ শাক আৰু সাতবিহুৰ দিনা সাতবিধ শাক খোৱাৰ পৰম্পৰা আছে ৷ এই শাকসমূহ ঔষধি গুণ সম্পন্ন ৷ এশ এবিধ শাকত কোনো খাদ্যৰ অশুভ প্ৰতিক্ৰিয়া নাথাকে আৰু নিঃসংকোচে প্ৰত্যেকে ইয়াক গ্ৰহণ কৰে ৷ বিহুৰ প্ৰথম দিনা ঔষধি গুৃণসম্পন্ন শাকপাত খাই অসমীয়া মানুহে বছৰটোলৈ বল বান্ধে ৷

    বৰপেটা অঞ্চলত ১ আৰু ৬ ব’হাগৰ দিনা মহিলা বোৱাৰী সকলে পুৱাতে দল বান্ধি নৈৰ দাঁতিকাষৰীয়া অঞ্চল চাই সাতবিধ শাক তোলে ৷ তাৰ আগত নদীত স্নান কৰে ৷ নামকীৰ্তন কৰে আৰু আবেলি শাকৰ টোপোলা লৈ গীতপদ গাই ঘৰলৈ আহি সাতখন আঞ্জাৰে ভোজন কৰে ৷ বহু লোকে বিহুৰ ১৪ দিনৰ দিনা ১৪ বিধ শাকেৰে আঞ্জা খায় ৷

    চ’তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাখনৰ পৰাই সাদিনীয়া ব’হাগ বিহু আৰম্ভ হয় ৷ গৰু বিহুৰ দিনাখন ৰাতিপুৱাই গৰুক মাহ হালধি তেল সানি গা ধুৱাই নতুন পঘা আঁৰি দি দীঘলতিমাখিয়তি পাতেৰে গৰুৰ গাত কোবোৱাৰ অন্তৰালত উৰ্বৰা বিশ্বাস জড়িত হৈ আছে ৷

    অঞ্চল বিশেষে গৰু বিহু , মানুহ বিহু , বা সাত বিহুৰ যি কোনো এদিনত এশ এবিধ শাক খোৱাৰ নিয়ম আছে ৷ কিছুমানে ইয়াক সাত-সাকেতী বা সাথেক তোলা বা সাত শাক তোলা বিহু বোলে৷ এশ এবিধ শাকৰ যি ব্যঞ্জন তৈয়াৰ কৰা হয় সেয়া ৰোগৰ মহৌষধ৷ " সাত বিহুৰ শাক শুকতি দেহাত দেই বল " বুলি বিশ্বাস কৰি এশ এবিধ ন’হলেও সাতবিধ বা ন বিধ শাক তোলে৷ 

     অনাগত বছৰটোত যাতে নিৰোগী হৈ থাকিব পাৰে সেই বিশ্বাসতে ৰাশি অনুযায়ী চেনি, নিমখ, মৌ, গাখীৰ আদি খায়৷ বিহুত বিহো অমৃত হয় বুলি এষাৰ কথা আছে৷ সেয়ে কোনো অঞ্চলত স্বাস্থ্য ভালে থাকিবৰ বাবে গধূলি শোকোতা তিতা, কল পচলা, টেঙা আদিও খায়৷ এনে কৰিলে বছৰটোত সাপে খোৱাৰ ভয় নাই বুলি বিশ্বাস কৰে৷ গধূলি পদূলিৰ পৰা গোহালি লৈকে শুকান ধানখেৰ , তুঁহ , দীঘলতিমাখিয়তি পাত আদি জ্বলাই ধোৱাময় কৰি তোলা হয় ৷ এই ধোৱাই গোহালিৰ মহ-ডাঁহ আঁতৰোৱাৰ উপৰি অপদেৱতাক খেদি পঠাই বুলি চহালোক সকলৰ মাজত বিশ্বাস কৰি আহিছে ৷

    ব’হাগ বিহুৰ সময়ত হুঁচৰি গোৱা আশীৰ্বাদ ল’লে স্বৰ্গত স্থান পায় বুলি বিশ্বাস কৰে৷ সেয়েহে অনাখৰী কবিয়ে গায়- “গৰু বিহুৰ দিনাখন লবা আশীৰ্বাদ, তেহে পাবা বৈকুণ্ঠত থান৷"


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages