মানসিক বিপৰ্যয়েই সমাজ পতনৰ মূল
আজিৰ সমাজৰ দ্ৰুতগতিসম্পন্ন উন্নয়ন, বিজ্ঞান, প্ৰযুক্তি আৰু শিক্ষাৰ অভূতপূৰ্ব অগ্ৰগতিয়ে মানুহৰ জীৱন অতি সহজ কৰি তুলিছে, কিন্তু একে সময়তে মানৱ সমাজ এক গভীৰ সংকটৰো সন্মুখীন হৈছে। এই সংকটৰ মূল কাৰক হ’ল মানসিক বিপৰ্যয়।
কোনো ব্যক্তিৰ সুস্থ মানসিকতা, সঠিক চিন্তাধাৰা, মূল্যবোধ আৰু দৃষ্টিভংগী অবিহনে সমাজৰ সুশৃঙ্খল বিকাশ অসম্ভৱ। যেতিয়া ব্যক্তিগত মনোভাৱ বিকৃত হয়, তেতিয়াই আৰম্ভ হয় নৈতিক পতন, আত্মকেন্দ্ৰিকতা, হিংসা আৰু অপৰাধৰ আধিপত্য — যিয়ে সমাজক ভিতৰৰ পৰা ক্ষতিগ্ৰস্ত কৰি তোলে।
আজিৰ প্ৰযুক্তিনির্ভৰ যুগত বহুতে ভাবে যে উন্নয়ন হৈছে, কিন্তু আচলতে ই বাহ্যিক বিকাশহে। ভিতৰৰ মনোভাৱ যদি সুস্থ নহয়, তেন্তে সেই বিকাশে সমাজক স্থায়িত্ব নিদিয়ে। কৃত্ৰিম বুদ্ধিমত্তা (AI), ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ অসৎ ব্যৱহাৰে আজি সমাজত সঁচা-মিছাৰ সীমা অস্পষ্ট হৈছে, যাৰ ফলত মানসিক পৰিপক্কতা হ্ৰাস পাইছে। এই মানসিক সংকটৰ বাবে অহিংসা, অপৰাধ, অনৈতিকতা আৰু সামাজিক বিভাজনে সমাজত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ বিপৰীতে, নৈতিকতা, মানৱীয়তা আৰু সহানুভূতিৰ হ্ৰাস ঘটিছে। ই এক দুখজনক বাস্তৱতা যে বিশ্বায়নৰ যুগতো আমি আজিলৈকে এখন সুস্থ, সবল সমাজ গঢ়ি তুলিব পৰা নাই — মূলতে উন্নত মানসিক চিন্তাধাৰাৰ অভাৱত।
এখন সুস্থ সমাজ গঠনৰ বাবে কেৱল কোনো এটা উপাদানেই যথেষ্ট নহয়। শিক্ষা, নৈতিকতা, দায়িত্ববোধ, সহানুভূতি, চিন্তাশক্তি, নেতৃত্ব, সাম্যতা আৰু মানসিক উৎকৰ্ষতা — এইবোৰৰ সংমিশ্ৰণেহে সমাজক স্থিতিশীল আৰু উন্নয়নমুখী কৰে। এইবাবে, পৰিয়াল, বিদ্যালয়, সমাজ আৰু চৰকাৰ — সকলো স্তৰত মানসিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন।
মানুহৰ কল্যাণৰ উদ্দেশ্যে সৃষ্টি কৰা বিজ্ঞান প্ৰযুক্তিয়ে আজিৰ দিনত সমাজৰ বাবে এক কালসদৃশ ৰূপ লৈছে। ইণ্টাৰনেট, সামাজিক মাধ্যম আৰু (AI) কৃত্ৰিম বুদ্ধিমত্তাৰ অসৎ ব্যৱহাৰৰ ফলত নৈতিকতা, মূল্যবোধ আৰু মানৱীয়তা হ্ৰাস পাইছে। ফলস্বৰূপে, অসামাজিক প্ৰৱণতা আৰু মানসিক বিপৰ্যয়ে সমাজৰ গভীৰ অবক্ষয়ৰ সৃষ্টি কৰিছে। বিজ্ঞান, প্ৰযুক্তি আৰু শিক্ষাৰ বিস্তৰ উন্নতিৰ পাছতো যেন জীৱনৰ সুশৃঙ্খল সমাজ ব্যৱস্থা ক’ৰবাত স্থবিৰ হৈ পৰিছে। যিমানেই সমাজ উন্নয়নৰ দিশে আগবাঢ়িছে, তিমানেই জটিল সমস্যা আৰু মানসিক সংকটো বৃদ্ধি পাইছে। আজিৰ দিনত সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ল — আজিৰ নতুন সমাজখন মানুহে পৰিচালনা কৰিছে নে AI এ নিয়ন্ত্ৰণ কৰিছে?!
সম্প্ৰতি মানুহে মানুহক বিশ্বাস কৰাৰ পৰিৱৰ্তে বিজ্ঞান প্ৰযুক্তিৰ আশ্ৰয় ল’বলৈ ধৰিছে, যি সমাজৰ বাবে এক ভয়াৱহ সংকেত। এই বৈষম্যৰ মূলতঃ হ’ল আমাৰ মানসিকতা। মানুহৰ মূল্যবোধ, সঠিক মানসিক দৃষ্টিভংগীৰ অভাৱ, নৈতিকতাৰ অবক্ষয় আদিয়েই সমাজ ধ্বংস হোৱাৰ মূলত কাৰণ।
আজিৰ প্ৰজন্মই বিজ্ঞান আৰু প্ৰযুক্তিক অগ্ৰগতিৰ সহযাত্রী হিচাপে গ্ৰহণ কৰিছে, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত। যদিও এই প্ৰযুক্তিয়ে জীৱনক অধিক সহজ আৰু গতিময় কৰি তুলিছে, তথাপি ইয়াৰ অতিক্ৰমণত মানুহৰ চিন্তাশক্তি, বোধ আৰু মানসিক পৰিপক্কতাত গভীৰ প্ৰভাৱ পেলাইছে। এক প্ৰকাৰ AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যধিক প্ৰভাৱৰ ফলত মানসিক পৰিপক্কতা হ্ৰাস পাইছে। সঁচা-মিছাৰ পাৰ্থক্য নিৰ্দ্ধাৰণৰ ক্ষেত্ৰতো বিভ্ৰান্তি সৃষ্টি হৈছে, যাৰ ফলস্বৰূপে সমাজত অহিংসা, অপৰাধ, অনৈতিক কাৰ্য আৰু সামাজিক বিভাজনৰ দৰে সংকট উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।
সমাজ এক জীৱন্ত দেহৰ দৰে, য’ত প্ৰতিজন ব্যক্তি ইয়াৰ একোটা অঙ্গ। যদি কিছুমান অঙ্গ অসুস্থ হয়, তেন্তে সমগ্ৰ দেহটোয়ে কষ্ট ভোগ কৰে — একেদৰে, বিকৃত মানসিকতা, হিংসা, ঘৃণা আৰু লোভেৰে ভৰা মনোবৃত্তিয়ে সমাজত অশান্তি আৰু বিভেদৰ জন্ম দিয়ে।
মানুহৰ মনটো শিক্ষা আৰু পৰিৱেশৰ দ্বাৰা গঠন হয়। এইবাবে, ইতিবাচক মানসিকতা গঢ়ি তোলাৰ বাবে নৈতিক শিক্ষাৰ প্ৰয়োজন, পৰিয়ালৰ পৰা আৰম্ভ কৰি বিদ্যালয়, সমাজ আৰু চৰকাৰী স্তৰলৈকে এই দিশত মনোযোগ দিয়াটো অত্যন্ত জৰুৰী। যদি আমাৰ ভৱিষ্যত প্ৰজন্মই এই মূল্যবোধ আৰু ইতিবাচক মানসিকতাৰে আগবাঢ়ি নাযায়, তেন্তে উন্নয়নৰ পথ খোলা থাকিলেও সমাজ অন্ধকাৰৰ দিশেই বাট ল’ব।
কাজেই, সচেতন নাগৰিক হিচাপে আমি সকলোৱে মানসিক উৎকৰ্ষ, নৈতিকতা আৰু সামাজিক দায়িত্ববোধক প্ৰাধান্য দিব লাগিব, যাতে সমাজ ব্যৱস্থা সুস্থ, সুশৃঙ্খল আৰু শান্তিময় হৈ উঠে। বিশ্বায়নৰ যুগত বিজ্ঞান-প্ৰযুক্তিক সহায়ক শক্তি ৰূপে গ্ৰহণ কৰি, মানৱিক মূল্যবোধৰ আধাৰত এক উন্নত আৰু সভ্য সমাজ নিৰ্মাণ কৰাটোৱেই আমাৰ জীৱনৰ মূল লক্ষ্য হ’ব লাগিব।
তপন লাল
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment