ধৃত ৰাষ্ট্ৰ
ঋষভ নাথ
ভাই তহঁতৰ সূৰ্য দিনতে মচি দিলে সিহঁতে
অথচ তেত্ৰিশ কোটি চকুৰ গংগা বোৱায়ো
ঘাঁহৰ বেদীত আমি থাপিব পৰা নাই হৰিৎ
ধিক!
কথা আছিল কি
কথা আছিল যুদ্ধ কৰাৰ সিন্ধুৰ পিঠিত উঠি
আটাহ পাৰি বাদুলীৰ আকাশ ভঙাৰ
ম্লেছৰ বৰ্তমান ভৱিষ্যত
কল্কি-বাণেৰে তছ নছ কৰি
মৃত কি জীৱিত সিহঁত সোপাকে একেলগে
অভিশাপ আৰু ধূলি-শিল প্ৰপাতেৰে
পুতি পেলোৱাৰ প্রণ লোৱাৰ পৰত
দেখোন হঠাৎ হিন্দু হিন্দু ধ্বনিয়ে
কপালত ছটিয়াই দিলে বিন্দু বিন্দু খং
কাউৰী কৌৰৱৰ আৰাও ৰাজসভাত
আমাৰ হাত আৰু মাত আকৌ পণবন্দী
উমি উমি উঠা আশাৰ শিখাত চেঁচা পানী
এইবাৰো কি পাশাত ধৃত ৰাষ্ট্ৰ
এইবাৰো ভাগ্যত আমাৰ বনবাস
ভাই তহঁতৰ মঙহত পোত খাই থকা
সেই ধাতুৰ টুকুৰাবোৰো গজিব এদিন
চাই থাক ইকৰা পাতেই কাটিব ধৈৰ্যৰ বান্ধ
ছন পৰি ৰ'ব সময়
য’ত আছ তাৰপৰাই দেখা পাবি
একালৰ বৃন্দাবন
গাজা কিদৰে পৰিছে ছন
দেখা পাবি অবিৰাম জুইৰ বৰষুণত
নুমাই যোৱা জীৱন
সূৰ্যৰ ফালে টোপনি যাব ধৰা শিশুবোৰক
ভূমধ্য-সাগৰে কোলাত ল’ব খোজে কিদৰে
ভাইহঁত তাৰপৰাই দেখা পাবি কিমান
প্ৰাৰ্থনাৰ গুঞ্জন নেওঠি উৰে কফাৰৰ যম
নীৰৱতাৰ আন্ধাৰ-বদ-হজম বুঢ়া-হাড়ৰ দ’ম
ভাইহঁত তাৰপৰাই এবাৰ চাবি কলিংগ
হাঁফলু-হৃদয় ঢাকি হাবি, মোক দেখা পাবি
আৰু ক'ৰবাত ইৰাণৰ অশ্বত্থামা এটি
মাতৃৰ পেটৰ কবৰত জী আছে মৰি মৰি
টোকাঃ
কফাৰ (Kofer)- হিব্ৰু ভাষাত (ইহুদী ধৰ্মমতে),
যিয়ে ঈশ্বৰ বিশ্বাস নকৰে বা নস্যাৎ কৰে।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment