যোৱাৰ কথা নাছিল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

যোৱাৰ কথা নাছিল

 


যোৱাৰ কথা নাছিল…

অনুস্মিতা ফুকন

বঙাইগাঁও


যাওঁ বুলি গুচি গ'লে

থাকিলোঁহেতেন তোমাৰ সুখতেই হাঁহি

যাওঁ বুলি গুচি গ'লে

ৰৈ নাথাকিলোহেঁতেন তোমালৈ বুলি...॥


ক'ব লগা বহু কথাই

হুমুনিয়াহ হৈ ৰ'ল

দিবলৈ বহু মৰম বুকুতে ৰৈ গ'ল

শুনিবলৈ ৰৈ যোৱা বহু গীত

মনে নিজতেই গুণগুণালে...

কিয়নো

যোৱাৰ কথাটো নাছিল একেবাৰে....॥


যাওঁ বুলি গুচি গ'লে

আকাশৰ সমস্ত নীলাক বুকুত সাৱটি ল'লোহেঁতেন...

কিন্ত্ত 

আকাশৰ বিশালতাত 

প্ৰিয় তৰাটিক খেপিয়াই ফুৰিবলৈ

যোৱাৰ কথাটো নাছিল একেবাৰে.....॥


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages