ফাগুন
লক্ষী প্ৰসাদ ৰেগন
মাজুলী
সঁচাকৈ কৈছোঁ
ফাগুন আহিলে মোক নজগাবা
আৰু নুসুধিবা কোনোদিন মন হৰি নিয়া লৃগাঙৰ কথা
লৃগাঙৰ মিঠা ঐনিঃতমে মনটো কিবাকিবি কৰি তোলে মোৰ
প্ৰথম জাক বৰষুণ কি প্ৰথম জাক পছোৱা কি
মই নিৰলে থাকি ভাল পোৱা
এজন নীৰৱ কবি। দুনাই কৈছোঁ
ফাগুন আহিলে নজগাবা মোক
আৰু নুসুধিবা লৃগাঙৰ কথা...
ভাঙি যোৱা মনটো। আৰু ফাগুনৰ ধূসৰ আবেলিবোৰ
পাঁচটা আঙুলিৰ মাজেদি সৰকি যোৱা ভৰ যৌৱন
কাকো ক'ব নোৱাৰি সাচি থোৱা মনৰ কথা
তথাপি সেই দিনাই ক'ব পাৰি ওঁঠ দুটি পঃৰ আপঙেৰে তিয়ায়
যদি ফাগুনে সোধে লৃগাঙৰ মিঠা ঐনিঃতম এটি হৈ...
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment