ল'ৰালি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

ল'ৰালি

 


ল'ৰালি

             অনুভৱ প্ৰিয়ম মিৰি


পুৰণি পুৰণি যেন লাগে 

অথচ পুৰণি নহয়

নতুন নতুন যেন লাগে 

অথচ নতুন নহয়

সপোন সপোন যেন লাগে

অথচ সপোন নহয়

দিঠক দিঠক যেন লাগে

অথচ দিঠক নহয়

কেনিবা গ'ল

সেই মধুৰতম সোণালী সোণালী দিনবোৰ

ক'ত এৰি থৈ আহিলোঁ

সেই এৰা বুটলা ভৰিৰ ছন্দবোৰ

ক'ত মৰহি গ'ল

সেই মৰম মাদকতাৰ দিনবোৰ

যাওঁ বুলিও আজি উভতি যাব নোৱাৰো

সেই ছন্দ মধুৰ ধূলিৰে খেলা দিনবোৰলৈ

আজি হাত মেলিও ঢুকি নাপাওঁ

অথচ চকুৰ আগত অগা-দেৱা কৰে 

সেই দৃশ্যবোৰ কিবা কৈ থকা যেন লাগে

অথচ শুনি নাপাওঁ

সজীৱ হৈ থকা সেই দৃশ্যবোৰ 

বুকুৰ বাকৰিত সাজে সোঁৱৰণীৰ ৰভা।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages