বিহুৰ লগত তাঁতশালৰ সম্পৰ্ক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

বিহুৰ লগত তাঁতশালৰ সম্পৰ্ক

 


বিহুৰ লগত তাঁতশালৰ সম্পৰ্ক

নৱজ্যোতি বৰা       


        ব'হাগৰ প্ৰথম দিনৰ পৰাই অসমৰ পৰ্বত-ভৈয়াম সামৰি ৰঙালি বিহুৰ খদ্‌মদ্‌ম আৰম্ভ হৈ যায় ।বসন্তুৰ আগমনৰ লগে লগে এজাক-দুজাক মৃদু বৰষুণ পৰি গছে-বনে ন-কুঁহিপাত উলায় ।গছৰ ডালত বহি কুলি-কেতেকীয়ে সুৰিয়া গীত জোৰে ।সেই সময়তে সকলোৰে মনত আনন্দৰে ভৰি মনবোৰ ৰাই-জাই কৰি বিহুলৈ টঙালি বান্ধে ।

বিহুৰ আৰম্ভণিৰ দিনাই যদি এখন বিহুৱানেৰে জ্যেষ্ঠ- কনিষ্ঠ তথা কন কন লৰা-ছোৱালিৰ লগতে নিজৰ মনৰ প্ৰিয় জনক যদি এখন বিহুৱান দিব পৰা নাযায় তেতিয়াহ'লে সেয়া এগৰাকী অসমীয়া শিপিনীৰ লজ্জাজনক কথা ।সেয়েহে চ'তৰ আৰম্ভণিৰ পৰায় তাঁতশালত এজুঁটি গামোচা লগায় ।কাৰণ বিহুচেৰা কাপোৰ যে অমংগলীয়া ।সেইকাৰনে বিহুগীতত গাইছে------

' ই বোলে শিপিনী সি বোলে শিপিনী   

সঁচায়ে শিপিনী হয়,  

এমাহত লগায় তাঁত ছমাহত চলায় তাঁত শিপিনীয়ে বছৰটো লয় ।' 

      অসমীয়া সমাজত তাঁতশাল অষ্ট্ৰিকসকলৰ দান বুলি ধৰা হয় ।ড° বিৰিঞ্চি কুমাৰ বৰুৱাই তেওঁৰ 'অসমীয়া ভাষা আৰু সংস্কৃতি ' গ্ৰন্থত উল্লেখ কৰিছে -- সম্ভৱতঃচীন দেশৰ পৰা তাঁত বোৱা প্ৰথা অসমলৈ আহে ।মুঠতে অসমীয়া জনসমাজত তাঁতশাল এক প্ৰচুৰ্যশালী সম্পদ।সেয়েহে তাঁতশালৰ সা-সঁজুলিসমূহ হল --চেৰেকী , টোলোঠা , ৰাঁচ , উঘা , গৰকা , মাকো , নাচনী , মহুৰা , দোৰ্পতি , শলি , কাঠি ইত্যাদিৰ কথা আজিও বিহুগীতত উল্লেখ কৰা হয় । 'ঠাইতে শুকুৱা , মুঠিতে লুকুৱা ' কাপোৰ তৈয়াৰ কৰা অসমীয়া মহিলাই ৰাতিটোৰ ভিতৰতে কপাহ কাটি , পাঁজি বাটি , সূতা কাটি কৱচ কাপোৰ বৈ স্বামীক ৰণলৈ পিন্ধাই পথোৱাৰ কথা বুৰন্জ্ঞীত উল্লেখ আছে । ইয়াৰ লগতে অসমীয়া মহিলায় নিজ ঘৰতে মুগা পুহি তাৰ পৰা সূতা কাটি তাঁতশালত মুগা কাপোৰ বৈ শিপিনীয়ে সপোনক দিঠকত পৰিণত কৰে ।যেতিয়া মহা মানৱ মহাত্মা গান্ধী অসমত আহিছিল তেতিয়া অসমীয়া শিপিনীৰ তাঁতশালৰ কাপোৰ তথা গামোচাৰ ফোল দেখি তেও তভত মানি কৈছিল--'অসযীয়া শিপিনীয়ে তাঁতশালত স্বৰ্গৰ তৰা ৰচনা কৰে ।'

ব'হাগ বোলি কলেই আমাৰ গা সাঁত খন আঠ খন কৰি উঠে ।যেতিয়া মনৰ গাভৰু যনি একে ৰাহে বোৱা-কটাত লাগে তেতিয়া পদুলিলৈ উলাবলৈও আহৰি নাথাকে । ইফালে প্ৰেমিকাৰ দূৰত্ব সহ্য নোৱাৰি চেনাইধনে তাঁতৰ পাতত বহি থকা প্ৰেমিকাক এপলক দেখা কৰি নয়ন জুৰাই লওঁ বুলি ঘনাই প্ৰেমিকাৰ পদুলিৰে অহা যোৱা কৰি থাকে ।এই দ্বৰে প্ৰেমাস্পদক অহা-যোৱা কৰি থকা দেখি প্ৰেমিকাৰ মন আনন্দত মতলিয়া হৈ পৰে ।সেয়েহে কি ক'ব, কি নক'ব একো থিৰাং কৰিব নোৱাৰি কেলেইনো কাম খতি কৰিবলৈ পদুলিৰে বাৰে বাৰে আহা-যোৱা কৰ বুলি ঠেহ পিতে ।সেয়ে এনে দ্বৰে বিহুগীতত গাইছে•••••


' কেলেই আহিলা এনুৱা সময়ত                                       

  লগাব নোৱাৰো মাত,    

তোমাৰ খতি হ'ল হাতৰ কাঠী কামি    

আমাৰো খতি হ'ল তাঁত ।'


     অসমীয়া সমাজত তাঁত বৱ নজনা কথাটো এটা সময়ত বৰ লাজৰ কথা আছিল ।সেয়ে বোৱা কটা কৰিব নোবাৰা মহিলা সকলক বিহু গীতৰ মাজেৰে ঠাট্ৰা কৰে -

' ববও নাজানে কাটিবও নাজানে লোকৰ শালে শালে ফুৰে, 

ৰান্ধিব নাজানে বাঢ়িব নাজানে                                           

খৰি মুঠা মুঠে পোৰে ,     

     অসমীয়া সমাজত তাঁতশালত প্ৰতিগৰাকী শিপিনীৰ মন-প্ৰাণ জড়িত হৈ থাকে ।পুৱাতে ঘৰৰ বাহী বন অতাই , ৰান্ধি বাঢ়ী সকলোকে খুৱাই বুৱাই ততাতৈয়াকৈ শাললৈ আহে । কাৰন তাঁতত নবহা সময়কণতো শিপিনীৰ মনতো তাঁততে লাগি থাকে ।আনকি নিজে ভোকৰ ভাত কিতাও সময়ত খিৱলৈ পাহৰি যায় ।তাঁত শালত অকল যে মেখেলা -চাদৰ , চোলা , গামোচা বয় এনে নহয় । তাঁত শালত ইয়াৰ লগতে হাঁচটিও বয় ।কেতিয়াবা কোনোবা প্ৰেমিকাই চেনেহতে যচা বিহুৱানৰ লগত হাঁচটিখন লৈ চেনাইধনে মাছলৈ গলে প্ৰেমিকাক লগৰ ছোৱালীবোৰে জোকায় , তেতিয়া লাজতে প্ৰেমিকাই সকলো দোষ চেনাইধনলৈহে জাপি দিয়ে । সেয়ে বিহুগীতত এনে দ্বৰে গাইছে••••••••          

'পেঁপাটি বজাবৰ তিনিটি আঙুলি                                                

মাজৰটি আঙুলি লৰে     

বহো তাঁতৰ পাতত চকু আলিবাটত 

মাকো সৰি সৰি পৰে ।'

    সম্প্ৰতিক সময়ত এই কথা স্বীকাৰ্য যে অসমীয়া সমাজত সেই আগৰ সময় নাই । তাহানিত গাঁৱৰ প্ৰতিঘৰতে তাঁত শাল আছিল ।সেই সময়ত ফাগুন -চ'ত মাহৰ পৰাই শিপিনী সকল বেষ্ট হৈ পৰে তাঁত লগোৱাত । যেন তাঁতৰ মাততহে বিহু আহে । এই মহঙা সময়তো কিন্ত উজনি অসমত আজিও তাঁত শালে নিজৰ স্থান দখল কৰি আছে । আজিও ঢকুৱাখনাৰ তাঁত শালত বোৱা এৰি , মূগা , মিচিং কাপোৰে অসমতৰ বজাৰ দখল কৰি আছে ।ই আমাৰ বাবে এক ভাল লক্ষন । সি যি কি নহওঁক বৰ্তমান তাঁতশালৰ ব্যৱহাৰ কমি আহিলেও ইয়াৰ অস্তিত একেবাৰে নাইকিয়া হৈ নাজায় । অসমীয়া জাতি জীয়াই থকালৈ তাঁতশাল থাকিবই ।সেয়ে আমি বিহুগীতত গাও......  

'অতিকৈ চেনেহৰ মুগাৰে মুহুৰা                                           

তাতোকৈ চেনেহৰ মাকো,

তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি                                       

নাপাতি কেনেকৈ থাকো।'  


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages