বিহুটি আদৰৰ বিহুটি সাদৰৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

বিহুটি আদৰৰ বিহুটি সাদৰৰ

 



বিহুটি আদৰৰ বিহুটি সাদৰৰ

জ্যোতিস্মিতা গায়ন

দেৰগাঁও


" বিহুটি আদৰৰ বিহুটি সাদৰৰ,

বিহুটি অসমৰ মান,

এনুৱা বিহুটি এৰিব লাগিলে,

নাথাকে অসমৰ মান"

      বিহু অসমৰ জাতীয় উৎসৱ। বিহু অসমীয়া জাতিৰ আয়ুসৰেখা। অসমৰ বিহু তিনিটা - কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু, ব'হাগ বিহু বা ৰঙালী বিহু। তিনিওটা বিহুৱে কৃষিৰ লগত জড়িত অৰ্থাৎ কৃষিভিত্তিক উৎসৱ। বিহু শব্দটো ক'ৰপৰা কেনেকৈ আহিছিল বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে। একাংশ বিদ্বৎ পণ্ডিতৰ মতে 'বিষুৱ' শব্দৰ পৰা বিহু উৎপত্তি হৈছে। কিন্তু বহুতেই এই মত অগ্ৰাহ্য কৰি আহিছে। একাংশ ঐতিহাসিক পণ্ডিতৰ মতে 'বিষুৱ' শব্দৰ উৎপত্তিৰ বহু আগৰে পৰা বিশাল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বসবাস কৰা অষ্ট্ৰক জনগোষ্ঠীৰ লোকসকলে বিহু উদযাপন কৰি আহিছে। সেয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল - 'বিহু' শব্দটো অষ্ট্ৰিক মূলীয়। বড়ো ভাষাত 'বি' মানে মগা বা বিচৰা আৰু 'হু' মানে দিয়া। অৰ্থাৎ বিহুত কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আৰ্শীবাদ বিচাৰে আৰু জ্যেষ্ঠজনে কনিষ্ঠজনক আৰ্শীবাদ দিয়ে। বিহু উৎপত্তি য'ৰপৰা যেনেকৈয়ে নহওঁক কিয় বিহু অসমীয়াৰ বাপতিসাহোন। অসমীয়াৰ প্ৰাণৰ উৎসৱ এই বিহু। 

          তিনিওটা বিহুৰ ভিতৰত অসমবাসীৰ বাবে ব'হাগ বিহুৰ এক সুকীয়া স্থান আছে। ব'হাগ বিহুৰ যি মাদকতা আছে, যি মায়া আৰু উন্মাদনা আছে অসমীয়াৰ বাবে আৰু ক'তো থাকিব নোৱাৰে। ব'হাগৰ আগমনৰ লগে লগে প্ৰকৃতিৰ ৰূপ সলনি হয়। কুলি-কেতেকী চৰাইৰ মিঠা মাতে সকলোৰে মন ভৰাই তোলে। গছ-বন-লতিকাৰ ন-পাত ধৰে। বিভিন্ন ফুলেৰে চৌদিশ জাতিষ্কাৰ হৈ পৰে। বিশেষকৈ ব'হাগ অহাৰ লগে লগে কপৌফুল ফুলি সোণতে সুৱগা চৰায়। কপৌফুল অসমীয়াৰ হৃদয়ৰ আপোন। বিহুৱতী নাচনীয়ে সৌন্দৰ্য বঢ়াবলৈ খোপাত অলংকাৰ হিচাপে কপৌফুল গুজি লয়। ৰঙালী বিহুত হুঁচৰি গাই বিহু নচাতোও এক অপৰিহাৰ্য প্ৰথা। অতীজতে বিহু মাৰিছিল বৰগছ, জুৰিয়া আহঁত গছ, হাবিৰ মাজত, মুকলি পথাৰত, নদীৰ কাষত। কাৰণ এই বিহু জ্যেষ্ঠজনে দেখা বা চোৱা লাজৰ কথা আছিল। সেয়ে ঘৰৰ পৰা আঁতৰত নেদেখাকৈ বিহু মাৰিছিল। অৱশ্যে পিছলৈ মানুহৰ ঘৰে ঘৰে বিহু মৰা প্ৰচলন হ'ল। সাম্প্ৰতিক সময়ত হুঁচৰি গাই বিহু নাচি আৰ্শীবাদ দিবলৈ হুঁচৰি দল গৃহস্থ ঘৰলৈ যোৱাটো গৃহস্থই বৰ আগ্ৰহেৰে অপেক্ষা কৰে। গৃহস্থক আৰ্শীবাদ দি হুঁচৰি দলবোৰো যেন ধন্য হয়। গৰু বিহুৰ দিনা সন্ধিয়াৰ পৰা হুঁচৰি আৰম্ভ হয়। 

           ব'হাগ বিহু সাতদিনীয়াকৈ পালন কৰা হয়। এই সাতটা দিনৰ মহত্ব বেলেগ বেলেগ হয়। পৰম্পৰা অনুযায়ী ব'হাগ বিহুত ১০১ বিধ শাক খোৱাৰো নিয়ম আছে। বিহুত শস্যৰ পৰা উৎপাদিত জা-জলপান, বিবিধ লাৰু-পিঠা প্ৰস্তুত কৰি বিহুক আদৰণি জনোৱা হয়। অসমীয়া লোকসকল যিহেতু খাদ্যৰসিক। সেয়ে ব'হাগ বিহুত বিভিন্ন ধৰণৰ খাদ্য খোৱা হয়। বিহুত ব্যৱহাৰ কৰা প্ৰতিবিধ খাদ্যই নিজ নিজ পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। সু-স্বাস্থ্য গঠনত বিহুত খোৱা খাদ্যৰ গুৰুত্ব অপৰিসীম। অসমত কৃষিভিত্তিক সংস্কৃতি বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে নিজৰ জাতীয় পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয় লগতে ঐক্য-সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰি আহিছে। বিহুৰ প্ৰধান বিশেষত্ব হ’ল– জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধ হৈ বিহু উদযাপন কৰা। অসমীয়া জাতিৰ বিহু উৎসৱেও বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহৰ মাজত একতাৰ সেতুবন্ধ গঢ়ি তুলিছে।‌ ব'হাগ বিহু অসমীয়াৰ প্ৰাণৰ আপোন। মুঠতে অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে জীয়াই থাকিব অসমীয়াৰ বিহু। 

প্ৰতিজন অসমীয়াৰ সিৰা - উপসিৰাই প্ৰবাহিত হৈ থাকিব আমাৰ বাপতিসাহোন ব'হাগ বিহু। সেয়ে ড° ভূপেন হাজৰিকাদেৱে গীতৰ মাজেৰে কৈছে -

" বʼহাগ মাথোঁ এটি ঋতু নহয়

নহয় বʼহাগ এটি মাহ

অসমীয়া জাতিৰ ই আয়ুস ৰেখা

গণ জীৱনৰ ই সাহ

বʼহাগ মাথোঁ বিহুতলী নহয়

নহয় ই নিশা ফুলা ফুল

বʼহাগেই আনি দিয়ে সমদল গতি

নেওচি জাতি কুল

ই প্রভেদক কৰে নাশ।।"


ফোনঃ 6000831075


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages