বিনীত নাভিৰ স্তৱক
কমলেশ্বৰ কলিতা
তোমাৰ শিপাত মুকলি হোৱাৰ আগতেই মই উচপিচাই আছিলোঁ।
তোমাৰ নাভিৰ সূৰ্যত ক'লা পাহাৰৰ ঘুমটি যোৱা ৰাজহাঁহজনীৰ গাৰ বৰফ গলাৰ আগতেই মই উচপিচাই আছিলোঁ সমস্ত সেউজীয়াৰ সুগন্ধি কোষত।
এটা ৰাগ উচপিচাই আছিল মোৰ নাভিত।
নাভিটো হেনো নদীৰ ঘূৰণীয়া জোন,
গাৰ পোহৰত মই নদী ধাৰণ কৰোঁ এতিয়াও।
গাৰ কোষত শিলৰ তলৰ শিল গজালি মেলা কঠিন উৎসৱ।
গছ কোন উশাহত বাঢ়ে
তোমাৰ বুকুৰ বকিয়াত কাণ থৈ শুনিছিলোঁ।
তোমাৰ গছ গছেই
মোৰ গছ তোমাৰেই গছ।
তোমাৰ বৰষুণৰ ভিজা আকাশত
মোৰেই বৰষুণ,
মোৰ আকাশত তোমাৰেই বৰষুণ,
ভিজি থাকো মই
নিচুকাই থাকা তুমি।
ভিজা নিভিজাৰে শংখ-গৰ্ভত
বহি ভালপোৱা চৰাই এটাৰ
বুকুৰ ধপধপনি
মই শিপাত শুনো,
শিপাৰ শিপাত তুমি
মই যেন তোমাৰ শিপাৰ
গান,
নিৰিবিলি নিৰ্জনতা।
এতিয়া উচপিচাই আছোঁ,
উচপিচাই আছিলোঁ য'ত।
এতিয়াও
এতিয়াও।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment