দ্ৰুপদনন্দিনী
স্বপ্নালী কলিতা
গোলাঘাট
তোমালোকে কথাবোৰ কেনেকে' লোৱা
সেয়া তোমালোকৰ কথা।
কিন্তু বেহু কেৱল অভিমন্যুৰ বাবেই ৰচনা হোৱা নাছিল।
মইতো পৃথিৱীৰ মুখ দেখাৰ পৰাই
বেহুৰ ভিতৰতে...
পিতৃ-গৃহত ৰচা সেই নিপূণ বেহুটোৰ পৰা মই
ওলাই আহিব জানো পাৰিলোঁ!
তোমালোকে মোৰ
সেই দেইযোৱা কথাবোৰ গমি চাইচা জানো!
মই বাৰু সঁচায়ে এটা বস্তুৱেই আছিলোনে,
কুন্তীমাতাই পাঁচোজনক ভগাই ল'বলৈ কোৱা!
আৰু পাঁচ পাণ্ডৱ!
ইমান অবলা আছিলনে যে মাতৃয়ে ভগাই ল'বলৈ ক'লেই ভগাই ল'ব এটা তেজ-মঙহৰ দেহ!
এই সকলোবোৰ বেহুৱেই নাছিলনে!
আচলতে চক্ৰবেহুত হাহাকাৰ কৰা সেই বেচেৰা অভিমন্যুতকৈও মই হাজাৰগুণ বেচেৰী।
শেষ সময়কণ বাদ দি অভিমন্যুৱে বীৰদৰ্পে
ভোগ কৰি গ'ল।
মাত্ৰ শেষটো কিছু দুখৰ...
কিন্তু মোৰ!
মোৰ বাৰু তেজ-মঙহৰ এটা শৰীৰ আছে বুলি
ভিতৰত এটা মন আছে বুলি
তাতকৈও আগলৈ গৈ --
এই যে পাঁচজন কামাতুৰ পুৰুষৰ লগত নৈশসংগী হৈ নিজক সপি দিয়া...
এজনৰ পাছত
এজনকৈ...উফ!!
সেইখিনি থ'লোঁ বাৰু
ধৰ্মৰাজলৈ চোৱাচোন!
পাশাখেলত এটা বস্তুৰ দৰেই বাৰু মোক পণ ৰখা নাাইনে!
আৰু হস্তিনাপুৰৰ সেই ৰাজসভাখন!
দুঃশাসনৰ অতপালি ,দুৰ্য্যোধনৰ লম্ফ-জম্ফ! সমগ্ৰ ৰাজসভাই যেন এখন ট্ৰেজিক নাটক উপভোগ কৰি আছিল তেতিয়া
মাধৱ নথকাহ'লে মোৰ বাৰু কি অৱস্থা হ'লহেঁতেন!
কথাবোৰ আচলতে কোৱাৰ প্ৰয়োজন নাছিল
তথাপিও ভাবিবৰ মন যায়--
লোকচক্ষুত মই পাঁচপতিৰ অধিকাৰিণী
হাঁহিয়াতৰ পাত্ৰী।
মই সঁচাই সুখীনে!
সঁচাকৈয়ে মই স্বইচ্ছাৰে সুতপুত্ৰক অপমানিত কৰিছিলোনে সয়ম্বৰ সভাত!
সেই তেজোদ্দীপ্ত ,নিৰ্ভীক,বলবান যুৱকক দেখি সঁচায়ে মোৰ যৌৱনে হাহাকাৰ কৰা নছিলনে তেওঁক পাবলৈ!
কথাবোৰ সিজি সিজি বুকুৰ ভিতৰতে হেৰাই(?) যাবলৈ দিয়া হ'ল।
কাক ক'ম কোনে পতিয়াব!
শেষত...
মোক হস্তিনাপুৰৰ ৰাণী কৰা হ'ল।
ৰাণীৰ আভূষণেৰে শৰীৰ সজোৱাৰ পাছতো কিন্তু মই পাহৰি নগ'লো--
মই এটা বস্তু
মই পাশাখেলৰ পণ
ৰাজসভাৰ মনোৰঞ্জনৰ খোৰাক।
তুমি মিছায়ে দুখ কৰিছিলা পুত্ৰ অভিমন্যু!
চক্ৰবেহুত তুমি মাত্ৰ তেৰদিনহে থাকিলা
মাত্ৰ তেৰদিন।
(অৱশ্যে তোমাৰ সেই কষ্ট মোৰ বাবে আছিল অসহনীয়)
আৰু মই চোৱা !
পাঞ্চালৰাজৰ স্বাৰ্থসিদ্ধিৰ বাবেই
পৃথিৱীলৈ আহি আজীৱন এটা বেহুৰ ভিতৰতে
কটাই দিলোঁ
বাট নিবিচাৰি-
মোৰ ওৰেটো জীৱন
স্বামীসকলৰ ভোগৰ এটা ধুনীয়া
পুতলা হৈ...
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
No comments:
Post a Comment