ল'ৰা শিশুও হয় যৌন নিৰ্যাতনৰ বলি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, May 1, 2023

ল'ৰা শিশুও হয় যৌন নিৰ্যাতনৰ বলি




 ল'ৰা শিশুও হয় যৌন নিৰ্যাতনৰ বলি


ৰঞ্জিতা দাস 

পাঠশালা


     নিষ্ঠাৰ প্ৰশিক্ষণত আমাক শিক্ষকসকলক দেখুওৱা, এজন ল'ৰা শিশুক যৌন নিৰ্যাতন চলোৱা  ভিডঅ' এটিয়ে মোৰ মনত এক বুজাব নোৱাৰা আচৰ্য্য আৰু দুখৰ সৃষ্টি কৰিছিল । সেই অভিজ্ঞতাখিনিক বিশেষকৈ মাতৃসকলক অবগত কৰিম বুলি কথাখিনি লিখি উলিয়ালো ।


    বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসৰি , প্ৰত‍্যেক বছৰে প্ৰায় ৫৩,০০০ শিশু হত্যাৰ বলি হয় আৰু ওঠৰ বছৰৰ তলৰ প্ৰায় ১৫০ নিযুত ছোৱালী  ৭৩ নিযুত ল'ৰা যিকোনো ধৰণৰ হিংসা আৰু যৌন নিৰ্যাতনৰ বলি হয় । 


       ২০০৭ চনত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল‍্যাণ বিভাগে ১৩ খন ৰাজ‍্যত চলোৱা সমীক্ষা অনুসৰি ৫ ৰ পৰা ১২ বছৰ বয়সৰ শিশুসকল আটাইতকৈ বেছি বিভিন্ন প্ৰকাৰৰ নিৰ্যাতনৰ বলি হয় তিনিজনৰ ভিতৰত দুজন শিশু শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হয় । ৫৩,২ শতাংশ শিশু বিভিন্ন ধৰণৰ যৌন নিৰ্যাতন আৰু ৫,৭ শতাংশ শিশু বালাৎকাৰৰ বলি হোৱাৰ প্ৰমাণ পোৱা যায় আৰু অন্য ৰাজ‍্যৰ তুলনাত অন্ধ্ৰপ্ৰদেশ, অসম, দিল্লীত এনে নিৰ্যাতনৰ তথ্য বেছি ।


     ২০২০ চনত শিক্ষকসকলক নিষ্ঠাৰ সাতদিনীয়া এটা প্ৰশিক্ষণ দিয়া হৈছিল ‌ । প্ৰশিক্ষণৰ প্ৰথম দিনটোত আমাক কিছুমান ভিডিঅ' দেখুৱাইছিল । তাৰে এটা ভিডঅ'ই মোক সচকিত কৰি তুলিছিল । এটি ল'ৰা শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ এখন বৰ স্পৰ্শকাতৰ ছবি আমাৰ সন্মুখত দাঙি ধৰিছিল । শিশুসুলভ গুণেৰে বৰ ফুৰ্তবাজ ল'ৰাজনে যেতিয়া যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল সেই ল'ৰাজন অসম্ভৱ ধৰণে অন‍্যমনস্ক হৈ পৰিছিল । ল'ৰাজনে বিদ্যালয়ত পঢ়া-শুনাত মনোযোগ দিব পৰা নাছিল । অকলশৰীয়াকৈ থাকি ভাল পাইছিল । মানসিক বিকাশত বাধাৰ সৃষ্টি হোৱাৰ লগতে শাৰীৰিক বিকাশটো বাধাগ্ৰস্ত হৈছিল । শিশুটোৰ খেলা-ধুলাৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছিল । সহপাঠীৰ লগত মিলা-মিচা নকৰি দূৰে দূৰে থাকিছিল । লগৰীয়াবোৰে খেলি ফুৰ্তি কৰি থকা সময়ত শিশুটোৱে উদাসীনভাৱে অকলে বহি থাকিছিল । 


       ল'ৰাজনে যেন কাকো  বিশ্বাসত লব পৰা নোৱাৰা হৈ পৰিছিল । কিন্তু শিশুটোৰ বিদ্যালয়ৰ এজনী শিক্ষয়িত্ৰীয়ে যৌন নিৰ্যাতনৰ পৰা শিশুটিক বৰ সুন্দৰকৈ এটি সুস্থ কৌশলেৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । তেওঁ ল'ৰাজনৰ অৱস্থাটো দেখি কিবা এটা যে হৈছে সেইটো অনুভৱ কৰিছিল আৰু শিশুটোৰ সৈতে এটি বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছিল । তেওঁ লাহে লাহে শিশুটোৰ মনৰ খৱৰ লবলৈ আৰম্ভ কৰিছিল । এনেকৈয়ে এদিন ল'ৰা শিশুজনে শিক্ষয়িত্ৰী গৰাকীক বিশ্বাসত লৈছিল আৰু তাৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ বিষয়ে সকলো কথা অবগত কৰাইছিল । শিক্ষয়িত্ৰী গৰাকীৰ দায়িত্বপূৰ্ণ তত্বাৱধানত শিশুটো পূণৰ সুস্থ হৈ উঠিছিল আৰু দোষীয়েও শাস্তি পাইছিল । 


       ল'ৰা শিশু যৌন নিৰ্যাতনৰ বলি হোৱা কথা মই কোনোদিনে ভাৱি চোৱা নাছিলোঁ । সেয়ে মই অসম্ভৱ ধৰণে আচৰিত হৈছিলোঁ । মই সেই দিনটোৰ সেই বয়সলৈকে জনা নাছিলোঁ এজন ইমান সৰু ল'ৰা শিশুৱেও যে যৌন নিৰ্যাতনৰ দৰে পাশৱিক আচৰণৰ বলি হ'ব পাৰে । আমাৰ দেশখন নো যৌন শিক্ষাৰ ক্ষেত্ৰত কিমান আগবঢ়া ?? সেয়ে হয়টো বহুতো কথা বহুত মানুহে নজনাকৈয়ে গোপন হৈ থাকে, যাৰ ফলত সেই একেটা নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে স্তৰে স্তৰে অজস্ৰজন শিশু ।


    আমি বেছিভাগ মাতৃয়েই ছোৱালীজনীক ভাল স্পৰ্শ বেয়া স্পৰ্শৰ বিষয়ে অলপ বুজিব পৰা হওতেই বুজাই দিওঁ কিন্তু ল'ৰাজনকটো এইবোৰ কথা বুজাবলৈ প্ৰয়োজন থকা বুলি নাভাবো । এজনী ছোৱালীয়ে বেয়া স্পৰ্শৰ কথা মাকক কবলৈ ইমান কুণ্ঠাবোধ নকৰে কিন্তু ল'ৰা এজনে সহজতে খুলি কবলৈ টান পায় । মই সেইদিনটোৰ প্ৰশিক্ষণত মনোযোগ বহুৱাব নোৱাৰিলোঁ, বাৰে বাৰে সেই শিশুজনৰ মানসিক অন্তৰ্দন্দৰ ছবিখন মনলৈ আহি থাকিল । 


       মোৰ এটা কথা মনলৈ আহিছে  । এদিন মোৰ সম্পৰ্কীয় তিৰোতা এজনীয়ে মোৰ ল'ৰাটোক শিশু অৱস্থাত স্পৰ্শকাতৰ ঠাইত স্পৰ্শ কৰি ধেমালি কৰিছিল । মোৰ ল'ৰাজনে সেই শিশু অৱস্থাতেই মোক সকীয়াই দিবলৈ কৈছিল, দ্বিতীয়বাৰ যাতে তেনেকুৱা ধেমালি নকৰে । পিছত যেতিয়া তেওঁ আমাৰ ঘৰলৈ আহিছিল মই তেওঁক আগতীয়াকৈ সুবিধা বূজি তেনেকুৱা ধেমালি নকৰিবলৈ কৈছিলোঁ । কাৰণ ডাঙৰে ধেমালিতে কৰা কিছুমান আচৰণে শিশুটোৰ মানসিকতাত বেয়া প্ৰভাৱ পৰিব পাৰে । 


      আমি মাতৃবোৰে ল'ৰা-ছোৱালীয়ে আমাৰ সৈতে সহজ হ'বলৈ, এটি আন্তৰিক সম্পৰ্ক গঢ়ি তুলিব লাগে । যাতে সিহঁতৰ সকলোধৰণৰ কথা মাতৃগৰাকীক খুলি কব পাৰে । কাৰণ মাতৃগৰাকীহে সন্তানৰ বাবে সকলোতকৈ স্বাৰ্থহীন শুভচিন্তক । আমি মাতৃবোৰেই স্পৰ্শকাতৰ অংগবোৰৰ বিষয়ে সন্তানক শিশু অৱস্থাতেই বিজ্ঞানসন্মতভাৱে জ্ঞান দিব লাগে । স্পৰ্শকাতৰ অংগসমূহ নিজেই পৰিষ্কাৰ কৰিবলৈ মাতৃবোৰেই শিকাব লাগে, সৰুৰ পৰাই অন্তৰ্বাস পিন্ধাৰ অভ‍্যাস গঢ়ি তুলিব লাগে । আজি কালি বেছিভাগ  শিশু ডাক্তৰেই মাতৃগৰাকীক এইবোৰ কথা অবগত কৰায় ।  কাৰণ শিশুৱে মাককহে সকলোতকৈ বিশ্বাসত লয় বা মাতৃগৰাকীৰ ওচৰত নিৰাপত্তা অনুভৱ কৰে । 


      কেতিয়াবা কোনো শিশু অন‍্যমনস্ক হ'লে বা কিবা বিশেষধৰণৰ লক্ষণ শিশুটোৰ মানসিকতাত দেখিলে, অলপ বেছিকৈ সময় দি শিশুটোৰ মনৰ খৱৰ লবলৈ যত্ন কৰিব লাগে । আমি যদি শিশু অৱস্থাতেই আমাৰ সন্তানৰ এটা সুস্থ শৰীৰ আৰু সুস্থ মানসিকতা গঢ় দিব নোৱাৰো তেতিয়া ডাঙৰ হৈ অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ সম্ভাৱনা থাকে । আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক । গতিকে আমি মাতৃবোৰে যদি দহ দিন, দহ মাহ গৰ্ভত ৰাখি সন্তান জন্ম দিব পৰা ঐশ্বৰিক শক্তি লাভ কৰিছোঁ, আমাৰ সন্তানৰ সুস্থ শাৰীৰিক, মানসিক বিকাশত আমাৰ সন্তানৰ ভালৰ বাবে নিশ্চয় গুৰুত্ব দিব পাৰিম।


Doksiri দকচিৰি, মে, ২০২৩




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages