ইতিহাস প্ৰসিদ্ধ চামধৰা গড়
নৱজ্যোতি বৰা
তাহানি অসমত মোগল সকলে সঘনাই আক্ৰমণ কৰিছিল। বাৰে বাৰে মোগলৰ আক্ৰমণৰ পৰা অসমক ৰক্ষা কৰিবলৈ স্বৰ্গদেউ প্ৰতাপ সিংহই অসমৰ ঠায়ে ঠায়ে বৃহৎ বৃহৎ গড় আৰু কোঠ মৰাইছিল। তাৰে ভিতৰত ৰাজ্যৰ উওৰ-দক্ষিণ মেৰাইবন্ধা ৰাজগড় আছিল অন্যতম ।তদুপৰি ডফলা গড় , চৈয়ানৰ গড় , চামধৰা গড়কে আদি কৰি অলেখ সৰু-বৰ গড় নিৰ্মাণ কৰিছিল প্ৰতাপ সিংহই।
চামধৰা গড় অসমৰ ইতিহাসৰ অন্য এক গুৰুত্বপূৰ্ণ অধ্যায়। অসম তথা ৰাজধানী ক্ষেএ ৰক্ষা কৰাৰ ক্ষেএত এই চামধৰা গড়ে গুৰুত্বপূ্ৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ নিৰ্মাণ শৈলীও আছিল অনন্য। যাক ইংৰাজ বুৰঞ্জীবিদ গেইট চাহাবে অসমৰ চীনৰ প্ৰাচীৰ বুলি অভিহিত কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে শৰাইঘাটৰ ৰণত আহোম সৈন্য পৰাজিত হলেও শক্ৰ পক্ষক প্ৰতিহত কৰাৰ একমাএ সহায়ক উপায় আছিল এই ইতিহাস প্ৰসিদ্ধ চামধৰা গড়। সম্প্ৰতি চামগুৰিৰ কাষৰীয়া ৰঙাগড়াস্থিত এই গড়টো জিলাখনৰ সাধাৰণ ৰাইজৰ মাজত ' বুঢ়া-বুঢ়ী 'গড় নামেৰেও জনাজাত। অনেক লোকৰ মাজত আকৌ ' ভীমৰ আলি ' নামেৰেও পৰিচিত এই ইতিহাস প্ৰসিদ্ধ চামধৰা গড়টো। গড়টোৱে ব্ৰক্ষপুএৰ দুয়োপাৰ সামৰি মুঠ ৪১ কিঃ মিঃ দৈৰ্ঘ্যৰে নিৰ্মাণ কৰিছিল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই ১৬১৭খ্ৰীষ্টাব্দৰ ( ১৫৩৮ শক ) ভিতৰত। ব্ৰক্ষপুএৰ দক্ষিণ পাৰে চামধৰা গড়টোৰ দৈৰ্ঘ্য প্ৰায় ২০ কিঃ মিঃ , উচ্চতা ২০ মিঃ আৰু প্ৰস্থ ৬০ মিটাৰ। কিন্তু চামগুৰিৰ ভিতৰত থকা অংশৰ পৰিমান ১৫৭ বিঘা। গড়টোৰ অংশত সৈন্য সন্ছালন আৰু যুদ্ধ কৰিবৰ বাবে গড়টোৰ প্ৰতি ১০০ মিটাৰৰ আঁতৰে আঁতৰে গড়টোৰ সংলগ্নকৈ অৰ্দ্ধগোলাকৃতিব বুৰুজ নিৰ্মাণ কৰিছিল। শক্ৰ পক্ষই যাতে সহজে গড়টো ভেদ কৰিব নোৱাৰে তাৰবাবে গড়টোৰ দুয়োপাৰে নিৰ্মাণ কৰিছিল দুটা গভীৰ আৰু বহল গড়খাৱৈ। এই খাৱৈসমুহ বছৰজুৰি পানীৰে পূৰ্ণ হৈ আছিল , যাৰবাবে শক্ৰ পক্ষৰ বাবে চামধৰা গড়টো স্বাভাৱিকতে দুৰ্ভেদ্য আছিল।
আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই অতি কৌশলেৰে নিৰ্মাণ কৰা গড়টোৰ প্ৰতি পুৰাতত্ব বিভাগতো চৰম উদাসীনতা দেখা গৈছে ।গড়টো উওৰ দিশে ভোমোৰা গুৰি পাহাৰৰ পৰা চামধৰা পাহাৰ আৰু দক্ষিণে ননৈ চাহবাগিচাৰ সদাশিৱ পাহাৰলৈকে বিস্তৃত চমধৰা গড়টোৰ মুঠ দৈঘ্য ১১•২ কিঃ মিঃ , প্ৰস্থ ৫৩ মিঃ আৰু উচ্চতা ৪•৫মিঃ । এনেহেন বুৰঞ্জী প্ৰসিদ্ধ ইতিহাসে গৰকা চামধৰা গড়টো চাৰিওদিশৰ পৰা আগ্ৰাসন আৰু ধ্বংসলীলাত আজি চামধৰা গড় বিধ্বস্ত ।বিপন্ন হৈছে সোণালী অতীত ! ইয়াৰ মাজত এতিয়া নিজৰ অস্তিত্বই হেৰুৱাবলৈ উলাইছে চামধৰা গড়ে।
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment