গ্ৰন্থ আলোচনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, May 1, 2023

গ্ৰন্থ আলোচনা


 

গ্ৰন্থ আলোচনা 

ৰূপা গগৈ 

 জয়া নগৰ, গুৱাহাটী



 গ্ৰন্থঃ যৌৱনৰ আঁৰে আঁৰে 

কবিঃ আফাজুৰ ৰহমান

প্ৰচ্ছদঃ শ্বাৱানুল আৰু ৰাইহানুল 

লে'আউট , মুদ্ৰণঃ শিৱম অফ্‌চেট, এম জি ৰোড , ৰঙিয়া 

মূল্যঃ ১০০টকা


       কবিবোৰ সদায় প্ৰেমিক আৰু অনুসন্ধিৎসু মনৰ গৰাকী । কবিয়ে কবিতা নৰচে ; কবিতাইহে কবিৰ মনক ৰচে । কবিতা হ'ল কবিৰ মনত সৃষ্টি হোৱা ভাবৰ উদ্বেগ । জীৱনৰ বাটত বিভিন্ন দিশৰ পৰা পোৱা অভিজ্ঞতা সমূহ আৰু নানান ঘটনা-পৰিঘটনাৰ লগতে পোৱা -নোপোৱা, সুখ-দুখ ,আশা-নিৰাশাৰ বাস্তৱ আৰু কাল্পনিক চিন্তাৰ  আবেগ -অনুভূতিসমূহ হৃদয়ৰ আঁৰে আঁৰে লুকাই থাকি নিজানত  নিসংগতাত   মন মগজুত এক আলোড়ণৰ সৃষ্টি কৰে আৰু তাৰে ফলশ্ৰুতিত কবিৰ কলমেৰে শব্দবোৰ নিগৰি  বৈ আহে ।

     "Poetry is the spontenous ,overflow of powerful feelings." - Wordsworth

    " কবিতাবোৰ হ'ল ,কবিয়ে নিৰলে সোঁৱৰা হিয়াৰ আবেগ । "

       কবিতা হৈছে কবিয়ে বুজাই ক'ব নোৱাৰা কিছু মৌন ওঁঠৰ সুকোমল প্ৰাঞ্জল ভাষা । যি ভাষাৰে কবিয়ে কথিত অকথিত কথাবোৰ ভাষাৰ লালিত্যৰে শব্দৰ উপযুক্ত প্ৰয়োগ আৰু যাদুকৰী কৌশলে নিজৰ মনৰ ভাবসমূহ ব্যক্ত কৰে ।  কবিতা এটাত এই শব্দ  , বাক্য , প্ৰতীক , উপমা , চিত্ৰকল্প  বা ভাষাৰ প্ৰয়োগৰ ফলত যিখিনি নোকোৱাকৈ এইবোৰৰ আঁৰত লুকাই থাকে সেইটোহে আচল অৰ্থত কবিতা বুলি মোৰ ধাৰণা হয় ।

      কবিতা লিখা কথাটো ইমান সহজ নহয় । সকলো মানুহেই একো একোজন কবি । কিন্তু সকলোৱে অন্তৰৰ ভাবৰ বুৰবুৰণি সমূহক  কবিতাৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰে বাবেই সকলো কবি হ'ব নোৱাৰে । শব্দ হ'ল ভাষাৰ উপাদান আৰু ই কবিৰ অস্ত্ৰ । এই শব্দৰ সহায়েৰে এজন কবিয়ে পাঠকক মোহগ্ৰস্ত আৰু নিচাগ্ৰস্তও কৰি তুলিব পাৰে । কবিতা কেৱল শব্দই বা অৰ্থই কবিতা নহয় । কবিতাত শব্দসমূহ শুৱলা আৰু শ্ৰতিমধুৰ হোৱাৰ লগতে ইয়াৰ উপযুক্ত স্থানত প্ৰয়োগ কৰিব পাৰিব লাগিব তেতিয়াহে কবিতাই পাঠকৰ হৃদয় জিনিবলৈ সক্ষম হ'ব । সেয়ে বিখ্যাত বৃটিছ লেখক জোছেফ কনৰাডে কৈছিল ---

     " শব্দৰ অৰ্থতকৈ ধ্বনিৰ মাধুৰ্য্যই মানুহক বেছি প্ৰভাৱিত কৰে ।" 

     শ্ৰদ্ধাৰ কবি আফাজুৰ ৰহমান ছাৰৰ " যৌৱনৰ আঁৰে আঁৰে " কাব্য গ্ৰন্থখনি আলোচনা কৰাৰ আগতে ওপৰোক্ত কথাখিনি এইকাৰণেই ব্যক্ত কৰিলোঁ যে ---"যৌৱনৰ আঁৰে আঁৰে "গ্ৰন্থখনিৰ পাঠ লুটিয়াই চাই লেখকৰ আগলি পাতৰ বাৰ্তাত তেখেতে উল্লেখ কৰিছে যে ১৯৭৬-৭৭ চনৰে পৰা তেখেতে কবিতা লিখিছিল যদিও কোনো গ্ৰন্থ প্ৰকাশ কৰা নাছিল । ১৯৭৬- ৭৭ চনৰ পৰা ঠিক মোৰ জন্মৰ ছয় সাত বছৰৰ আগৰে পৰা কবিতা লিখি ২০২৩ ৰ মাৰ্চ মাহত প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই পাঠক সমাজলৈ আগবঢ়াই দিছে । যিজন ব্যক্তিয়ে মোৰ জন্মৰ ছয়-সাত বছৰ পূৰ্বৰে পৰা কবিতা লিখি যিখন গ্ৰন্থ প্ৰকাশ কৰিলে সেইখন গ্ৰন্থৰ ওপৰত সঠিক আলোচনা আগবঢ়াব পৰাকৈ মই অধ্যয়নপুষ্ট বিজ্ঞ পাঠক নহয়  তথাপি তেখেতৰ গ্ৰন্থখন পঢ়ি গ্ৰন্থখনৰ বিষয়ে অকণমান মনৰ ভাব প্ৰকাশ ওলাইছোঁ , ক'ৰবাত অজ্ঞাতে ৰৈ যোৱা ভুলৰ বাবে প্ৰথমে লেখকৰ লগতে মোৰ লেখা পঢ়া সকলো সুহৃদয় পাঠকৰ ওচৰত ক্ষমা বিচাৰিলোঁ ।  

     " যৌৱনৰ আঁৰে আঁৰে " গ্ৰন্থখনিত মুঠ আঠত্ৰিশ টা কবিতা সন্নিবিষ্ট কৰিছে । কবিতাবোৰ শিৰোনামেই যেন কৈ যায় কবিতাই নোকোৱা কথাবোৰৰ । গ্ৰন্থখনিৰ কবিতাবোৰৰ যোগেদি প্ৰাকৃতিক প্ৰেম , দেশপ্ৰেম , মানৱীয় প্ৰমূল্যবোধ আৰু ৰোমাণ্টিক ভাবধাৰা প্ৰকাশ পাইছে । তেখেতৰ কবিতাৰ ভাব-ভাষা খুউবেই সহজ-সৰল । কবিতবোৰৰ ভাবধাৰা প্ৰকাশলৈ মন কৰিলে অনুমান কৰিব পাৰি যে তেওঁ গভীৰ চিন্তা-চৰ্চাৰে কবিতাসমূহ লিখিছে । কবিতাবোৰ লিখি থাকোঁতেই যেন কবিৰ লগৰী ক'ৰবাত হেৰাই গৈছে । সেই হেৰাই যোৱা লগৰী গৰাকী আন কোনো নহয় সেইয়া হ'ল তেখেতৰ কবিতাৰ ছন্দ । এই কথা তেখেতৰ কবিতাৰ ছন্দ কবিতাটি পঢ়িলে অনুমান কৰিব পাৰি ।  

        তুমি আছিলা/ সৱ আছিল / মাততো সুৰৰ সমাহাৰ আছিল / জীৱন শৈলী অনন্য আছিল । 

গুৰুত্ববিহীন হৈ উঠিল জীৱন-যৌৱন/নিৰস নিৰস হৈছে বাতাবৰণ /চতুদিৰ্শৰ পৰিৱেশ হৈ উঠিল অৱনমন/কাৰণটো জানানে?/ তুমি যে নাই ...।

   কবিয়ে কবিতা ছন্দ হেৰুৱাই যেন কেতিয়াবা উদাস হৈ পৰিছে  । মন নাই / প্ৰেৰণা / তুমি আহিবা বুলি শিৰোনামা শীৰ্ষক কবিতাসমূহ পঢ়িলে এই কথা বুজা যায় । 

     "যৌৱনৰ আঁৰে আঁৰে "গ্ৰন্থখনি পঢ়ি ভাল লাগিল । মোৰ দৰে এগৰাকী সাধাৰণ পাঠকে ভুল-ক্ৰুটি সমূহ সঠিক নিৰ্ণয় কৰিব নোৱাৰোঁ যদিও মোৰ ক্ষুদ্ৰ জ্ঞানৰ পৰা এটা কথা কওঁ যে , কবিতাসমূহ শব্দ , ভাষা , অৰ্থসমূহলৈ চাই কবিতাসমূহ কম শব্দত প্ৰকাশ কৰিব পৰা থল আছে । তেতিয়া কবিতা সমূহ আৰু অধিক মনোগ্ৰাহী হ'ব । প্ৰকাশকৰ ছপা মাধ্যমত ক'ৰবাত ক'ৰবাত দুই -এটা শব্দৰ ভুল ৰৈ গৈছে । এই কেইটা কথাৰ ওপৰত গুৰুত্ব দিলে গ্ৰন্থখনি আৰু অধিক উন্নত মানদণ্ডৰ হ'ব বুলি আশা ৰাখিলোঁ। অংক আৰু বিজ্ঞানৰ শিক্ষক হৈ সাহিত্য চৰ্চা কৰাটো আমাৰ অসমীয়া ভাষাৰ লগতে সাহিত্য জগতখনলৈও এক শুভ বাৰ্তা বুলিব পাৰি। অৱশেষত কবিজনালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । তেখেতৰ কলমেৰে নিগৰা কাব্য সৃষ্টিৰাজি যেন সাহিত্য জগতত উজ্বলি উঠক তাৰে কামনা কৰিলোঁ । 

                                        

                                                  


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages