উন্মুক্ত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, May 1, 2023

উন্মুক্ত



 উন্মুক্ত 

ৰেজিয়া চৌধুৰী 

গুৱাহাটী


      জন পুৰুষ অবিহনে ....এগৰাকী নাৰীৰ জীৱন আধৰুৱা । যদিহে নাৰীগৰাকীয়ে ...সম্পূৰ্ণভাবে পুৰুষৰ  সঙ্গ প্ৰাপ্তিত তেতিয়াহে ....নাৰীগৰাকীয়ে পূৰ্ণতা পায় আৰু..নাৰীৰ জীৱনৰ সৌন্দৰ্য্য প্ৰতিফলিত হয়। 

      এতিয়া তাই  স্বামী অবিহনে বৈধব্য জীৱন পাৰ কৰে কেনেকৈ ...দুটি সন্তানক ..বুকুত সাৱটি  লৈ । তাইৰ  জীৱনটো  যেন এক  অগ্নিপৰীক্ষাত ...সোমাই পৰিল  ! তাই তাইৰ  ভৰ যৌৱনটোক ঢাকি ৰাখিব পৰা নাই ... বিবস্ত্ৰাৰ দৰে কাপোৰৰ ঢৌৰ ....ভাজে ভাজে ...উন্মুক্ত শৰীৰতো ওলাই পৰে ।

     তাই মানুহৰ ঘৰতো ...কাম কৰিব নোৱাৰা হ'ল কাৰণ , .....কামাতুৰ পুৰুষবোৰে ..…তাইক লোভনীয় দৃষ্টিৰে ধৰ্ষণ কৰে । দুই এজনে ...তাইৰ ইচ্ছাৰ বিৰুদ্ধে হাতত নধৰাও নহয়... আৰু  ...নিজৰ স্বাৰ্থৰ সিদ্ধিৰ বাবে বিয়াৰো প্ৰস্তাৱ  দিছিল ।

      তাই অশিক্ষিত যদিও... নিজৰ কথা নাভাবি  সন্তানৰ ভবিষ্যতৰ  কথা ভাবি ...ওচৰৰে কাৰখানা এটাত দিন হাজিৰাৰ কামত  নিজকে নিযুক্ত কৰিলে ।

    গোটেই দিনটো --- কাৰখানাত কাম কৰি কৰি সযময়ৰ গতিত  ...কাৰখানাৰ প্ৰদুষণত  তাইৰ শৰীৰতো অচিন ৰোগত ....আক্ৰান্ত হ'ল।

 

ফোনংঃ 9864854547


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages