ন্যায্যপ্ৰাপ্য আদায়ৰ বাবে জাগি উঠাৰ সময় সমাগত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, May 1, 2023

ন্যায্যপ্ৰাপ্য আদায়ৰ বাবে জাগি উঠাৰ সময় সমাগত



 ন্যায্যপ্ৰাপ্য আদায়ৰ বাবে জাগি উঠাৰ সময় সমাগত 


খগেন পেগু  


      বড়োসকলে ইতিমধ্যে তেওঁলোকৰ বাবে BTR অৰ্থাৎ Bodo Territorial Region লাভ কৰিলে৷ বিটিআৰ লাভ কৰাৰ পিছত সিদিনা তেওঁলোকৰ প্ৰথম নিৰ্ব্বাচনো অনুষ্ঠিত হৈ গ'ল; কিন্তু বড়োৰ পিছতে অসমৰ দ্বিতীয় সৰ্ব্ববৃহৎ জনজাতীয় জনগোষ্ঠী হৈয়ো মিচিংসকল এই পৰ্যন্ত বহুখিনি পিছপৰি থকাটো অত্যন্ত চিন্তাজনক আৰু বিচাৰ্যৰ বিষয়৷

     তুলনামূলকভাৱে চাবলৈ গ'লে, বড়ো ভাষা এতিয়া Medium of instruction অৰ্থাৎ শিক্ষাৰ মাধ্যম হোৱাৰ লগতে Associate Official Languageৰো মৰ্যাদা লাভ কৰিছে, যাক অসমীয়াত সহযোগী কাৰ্যালয়-ভাষা বোলা হয়৷ বড়ো ভাষা ইতিমধ্যেই সংবিধানৰ অষ্টম অনুসূচীত প্ৰৱেশ কৰিছে আৰু Modern Indian Language(MIL), অৰ্থাৎ আধুনিক ভাৰতীয় ভাষাৰ মৰ্যাদাও লাভ কৰিছে৷ তাৰ ফলশ্ৰুতি—আজি অসমীয়া, বেঙ্গলী আদি ভাৰতীয় প্ৰাদেশিক ভাষাবোৰৰ দৰে বড়ো ভাষাৰ কবি-সাহিত্যিকসকলেও বছৰৰ মূৰত নিয়মীয়াকৈ সাহিত্য অকাডেমী বঁটা লাভ কৰি আহিছে৷

     উল্লেখযোগ্য, ৰাজ্য চৰকাৰৰ বাদেও কেন্দ্ৰীয় চৰকাৰৰ ডাক, তাঁৰ, ৰেলুৱে' আদি প্ৰায়বোৰ বিভাগতে বড়ো ভাষাৰ চাকৰিয়াল এতিয়া পৰ্যাপ্ত পৰিমানে আছে৷ সেয়ে অতি সাম্প্ৰতিকভাৱে বড়োসকলৰ জনজীৱন আৰু দীঘলীয়া সংগ্ৰামৰ ফলশ্ৰুতি মিচিংসকলতকৈ বহুত গুণে বেছি সাৰ্থক হৈছে৷ তাৰ মূলতে হ'ল বড়ো নেতাসকলৰ নিঃস্বাৰ্থ আৰু সবল নেতৃত্ব৷ তেনেকৈ ৰাইজৰ একতাবোধ আৰু সহযোগিতা৷ তেওঁলোকৰ আছে অদম্য হেঁপাহ, জাতীয়তাবোধ আৰু জাতীয় ছেণ্টিমেণ্ট৷ সেয়ে আজি বড়োসকল প্ৰায় উপনীত হৈছে তেওঁলোকৰ কাংকিত লক্ষ্যত৷ 

       কিন্তু তাৰ তুলনাত যেন মিচিংসকলৰ এতিয়ালৈকে একো এটাই ভালকৈ হৈ উঠা নাই৷ যথা—এক, মিচিং ভাষা প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত যদিও সেয়া বিষয়-ভাষা(Subject Language) হিচাপেহে৷ দুই, শিক্ষাৰ মাধ্যম হ'বলৈ এতিয়াও বহুদূৰ বাকী৷ তিনি, মিচিংসকলৰ স্বায়ত্ত শাসনৰ বাবে এখন পৰিষদ আছে যদিও সেয়া বড়ো, কাৰ্বিসকলৰ দৰে Six Schedule, অৰ্থাৎ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত নহয়৷ সেয়ে এই মুহূৰ্ত্তত মিচিং জাতিৰ প্ৰকৃত উন্নতি আৰু ভৱিষ্যত সুৰক্ষাৰ বাবে আটাইতকৈ বেছি প্ৰয়োজন হৈছে Six Schedule, অৰ্থাৎ ষষ্ঠ অনুসূচীৰ৷ 

     পিছে বৰ দুখৰ বিষয়, মিচিংসকল এতিয়াও সেই ষষ্ঠ অনুসূচী লাভৰ পৰা সুদূৰ পৰাহত অৱস্থান কৰিছে৷ তেনেকৈ বহুদিনলৈ এই জাতিটোৱে আগলৈযে আৰু একোব উধাব পাৰিব তাত বহুযোজনৰ সন্দেহ আছে৷ কিয়নো মিচিং সমাজত এতিয়া ভাল নেতৃত্বতকৈ সুবিধাবাদীৰ পয়োভৰহে বেছি৷ তাতে আকৌ সকলো ক্ষেত্ৰতে ৰাজনীতি আৰু কূটনীতি৷ কি ব্যক্তি, কি সমাজ! কি সংগঠন, কি অনুষ্ঠান! চাৰিওপিনে কেৱল ৰং, উৎসৱ আৰু একপ্ৰকাৰৰ অৰাজকতা৷ কিন্তু সেই অনুপাতে জাতিটোৰ এতিয়ালৈকে একোৱেই হৈ উঠা নাই৷ 

      এইক্ষেত্ৰত অন্য কথাটো বাদেই, আনকি মিচিংসকলৰ জাতীয় কৃষি উৎসৱ আলিঃ আঃয়ৌ লৃগাঙৰ বাবেই বড়ো, আহোমৰ দৰে এতিয়ালৈকে চৰকাৰী বন্ধ এটা দিয়াব পৰা নাই৷ অৰ্থাৎ একপ্ৰকাৰে ক'বলৈ গ'লে বড়ো, আহোমৰ দৰে চৰকাৰে মিচিংসকলক অসমৰ এটা উল্লেখযোগ্য জনগোষ্ঠী বুলি গণ্য নকৰে৷ কেনেকৈ গণ্য কৰিব, যদিহে একো চিঞৰ-বাখৰ বা হুলস্থূল এটা নকৰে? বড়োসকলৰ বাবে বাংথৌ পূজা আৰু আহোমসকলৰ বাবে মে-ডাম মে-পিৰ বন্ধ থকাৰ উপৰিও বছৰৰ চৰকাৰী বন্ধৰ তালিকাখন চালে দেখা যায়, নেপালীসকলৰ বাবে ভাই দুজা বা ভ্ৰাতৃ দ্বিতীয়া, আদিবাসী আৰু চাহজনগোষ্ঠীসকলৰ বাবে টুচু পূজা আৰু কৰমপূজা, বিহাৰীসকলৰ বাবে ষঠ্ পূজাৰ বন্ধ আছে; কিন্তু অসমৰ দ্বিতীয় সৰ্ব্ববৃহৎ জনজাতীয় জনগোষ্ঠী হোৱা সত্ত্বেও মিচিংসকলৰ নামত আজিলৈকে এটাও চৰকাৰী বন্ধ নাই৷ চৰকাৰী বন্ধ নথকাত মিচিং ল'ৰা-ছোৱালীবোৰে তেওঁলোকৰ জাতীয় উৎসৱ আলিঃ আঃই লৃগাঙৰ দিনাখনো একপ্ৰকাৰ হুলস্থুলৰ মাজতে বছৰি বছৰি পৰীক্ষা দিয়াত ব্যস্ত থাকিব লাগে৷ তেনেকৈ চাকৰিয়ালসকলে আগতে সীমিত ছুটী(Restricted Holiday) পাইছিল যদিও এইবছৰ সেইটোও নাইকীয়া কৰিলে৷

             আমি ইমানদিনে এটা কথা লক্ষ্য কৰিছোঁ৷ সেয়া হ'ল, লাগিলে জাতিৰ উন্নতি আৰু ভৱিষ্যত সুৰক্ষাৰ চিন্তা দূৰতে থাকক, মিচিংসকলৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলে কেনেবাকৈ নিজকে বিধায়ক-মন্ত্ৰী কৰি জীয়াই ৰাখিব পাৰিলেই যেন হ'ল৷ বড়ো, কাৰ্বিসকলৰ দৰে হাড়ে-হিমজুৱে সংগ্ৰাম কৰি জাতিৰ উন্নতিৰ কথা চিন্তা কৰা আৰু জাতিৰ হকে ৰাইজৰ লগত মাত মতা নেতা আজি মিচিং সমাজত যেন বৰ বেয়াকৈ অভাৱ ঘটিছে৷ সেয়ে আজি ডাঙৰ প্ৰশ্নৰ অৱতাৰণা হৈছে, ব্যক্তিস্বাৰ্থ ডাঙৰনে জাতিৰ বৃহত্তৰ উন্নতিৰ বাবে সামাজিক স্বাৰ্থ ডাঙৰ?

     তাৰ বিপৰীতে, ইমানদিনে নিবোকা হৈ থাকি সিদিনা আমাৰ মাজৰে কোনোবা এজনে বিনা দ্বিদ্ধাই কৈ পেলালে, "মিচিংসকলক Sixh Scheduleৰ প্ৰয়োজন নাই৷" 

       আমি জনাত, Six Schedule উত্তৰ-পূৰ্ব্বাঞ্চলৰ জনজাতিসকলৰ বাবে ৰক্ষাকৱচ আৰু তেওঁলোকৰ উন্নতিৰো মূল সোপান৷ Sixth Schedule, অৰ্থাৎ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী থাকিলে গৃহ আৰু বিত্ত বিভাগ নহ'লেও একোটা জনগোষ্ঠীৰ স্বায়ত্বশাসিত পৰিষদৰ যোগেদি তেওঁলোকৰ বাসস্থান আৰু জাতিৰ উন্নতিৰ বাবে বাকী সকলোখিনি কাম নিজৰ ভিতৰতেই কৰি উঠিব পাৰি; যিটো বড়োলেণ্ড, কাৰ্বি আংলং, ডিমাহাচাও আদিত এতিয়া উপভোগ কৰি আছে৷ সেইখিনি কথা অনুধাৱন নকৰাকৈয়ে কোনোবা সহজে ছিক্স ছিডোল নালাগে বুলি ক'লে জানো আমাৰ সমস্যাৰ সমাধান হ'ল? প্ৰশ্ন হয়, মিচিংসকলক ছিক্স ছিড'ল নালাগে বুলি কোৱাৰ অধিকাৰ ব্যক্তিগত এজনে ক'ৰ পৰা পালে? আমাৰ ন্যায্যপ্ৰাপ্যৰ পৰা তেওঁ জানো আমাক, অৰ্থাৎ মিচিং জাতিটোক বঞ্ছিত কৰা নাই?

       অৱশ্যে তেনেকৈ কোৱাৰ অন্তৰালত কিবা কূটনৈতিক লক্ষ্য আৰু উদ্দেশ্য ব্যক্তিগতভাৱে নিহিত হৈ থাকিব পাৰে, যিটোনেকি আমি নাজানোঁ; অথবা তাৰ অন্তৰালৰ কথা স্পষ্টকৈ প্ৰকাশ কৰাত আমাৰ কিছু অসুবিধা আছে৷ কিন্তু ছিক্স ছিডোল থাকিলে আমি গৃহ আৰু বিত্ত বিভাগৰ বাদে বাকী সকলো উন্নয়নকাৰী বিভাগতে উন্নয়ন আৰু নিযুক্তি প্ৰক্ৰিয়াৰ কাম নিজাববীয়াকৈ হাতত ল'ব পাৰিলোহেঁতেন৷ আনকি ইমানদিনে পেণ্ডিং হৈ থকা মিচিং ভাষা-শিক্ষকৰ নিযুক্তিৰ প্ৰস্তাৱ দিলেও অসম চৰকাৰে সেয়া গ্ৰহণ কৰি তাত সন্মতি জনাবলৈ বাধ্য হ'লহেঁতেন৷ 

      এতিয়া সৰ্ব্বোপৰি, দেশৰ এইহেন খেলিমেলি আৰু জটিল পৰিস্থিতি (CAA বিৰোধী আন্দোলন) চলি থকাৰ সন্ধিক্ষনত নিজৰ আত্মৰক্ষা আৰু সুৰক্ষাৰ বাবেই ষষ্ঠ অনুসূচীৰ প্ৰয়োজন অনিবাৰ্য আছিল৷ বেলেগ ৰাজ্যত নাথাকিলেও অনুসূচীত জনজাতি হিচাপে তেওঁলোকৰ স্বায়ত্তশাসনৰ সীমাৰ ভিতৰতেই বড়ো, কাৰ্বিসকলৰ আজি সুৰক্ষিত আৰু জয় জয় ময় ময় অৱস্থা৷ তেওঁলোকে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰ পৰাই উন্নয়নৰ প্ৰয়োজনীয় পুঁজি লাভ কৰে৷ কিন্তু যিহেতু হ'বলৈ যোৱাৰ আগতেই মিচিংসকলক Sixth Scheduleৰ প্ৰয়োজন নাই বুলি কোনোবা কৈয়ে পেলালে; গতিকে মিচিং ভাষা, সংস্কৃতি আৰু সমাজৰ উন্নতিযে এতিয়া সুদূৰ পৰাহত, সেয়া ভৱিষ্যতবাণী কৰিবলৈ আৰু বাকী নাই৷ একেবাৰে স্পষ্টকৈ ক'বলৈ গ'লে, এই জাতিয়ে ওপৰলৈ উধাবলৈ আৰু কিমান বছৰৰযে প্ৰয়োজন হ'ব সেয়া আজি চিন্তা কৰাৰ সময় সমাগত৷ 

       আমি এইখিনিতে এটা কথা কৈ থওঁ, মিচিংসকলে তেওঁলোকৰ ন্যায্যপ্ৰাপ্য আদায়ৰ বাবে কঠোৰ পৰিশ্ৰম আৰু ত্যাগ কৰিব লাগিব৷ নিজৰ দাবী সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিব লাগিব৷ পিছে এতিয়াৰ নিচিনাকৈ বহি থাকিলে হয়তো একোৱেই নাপাব, যদিহে ৰাজপথলৈ ওলাই আহি অলপ চিঞৰ-বাখৰ নকৰে৷ সেয়ে একপ্ৰকাৰ শুই থকাৰ পৰা জাগি উঠাৰ সময় আজি একেবাৰে সমাগত।


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages