মিচিং সমাজত আপং পৰম্পৰা আৰু আৰ্থিক উপাৰ্জনৰ বাবে আপং বিক্রী কিমান গ্ৰহণযোগ্য
নেহেৰু পেগু
স্বাভাবিকভাবেই ওপৰৰ বাক্যটো পঢ়িলে মনৰ মাজলৈ মিচিং সমাজৰ এখন ম্ৰিয়মান ছবি ভাঁহি আহে। সেইখন ছবি মুঠেই সুখদায়ক ছবি নহয়। বাক্যটোৱে দুটা কথা স্পষ্ট ৰূপত দাঙি ধৰে।
(১) মিচিং পৰম্পৰাত আপঙৰ প্ৰচলন আছে
(২) আৰ্থিক উপাৰ্জনৰ বাবে মিচিং সকলে আপং বিক্ৰী কৰে।
এতিয়া আলোচ্য প্ৰসংগটো হ'ল সামাজিক পৰম্পৰাত ব্যৱহৃত আপঙে মিচিংসমাজত নেতিবাচক প্রভাব পেলাইছে নেকি ? অথবা আপঙক জীৱন জীৱিকাৰ উৎস হিচাবে গন্য কৰাৰ গ্ৰহণযোগ্যতা কিমান ? প্ৰসংগটোৰ গভীৰতালৈ যোৱাৰ আগতে বিষয়টোৰ কিছু আনুষংগিক দিশ আলোচনা কৰিলে নিশ্চয় বাহুল্য কৰা ন'হব।
সুখ আৰু স্বাচ্ছন্দ্যৰে জীয়াই থাকিবলৈ মানুহক জীৱিকাৰ প্ৰয়োজন। জীৱিকাৰ আভিধানিক অৰ্থ হৈছে বৃত্তি, উপজীৱ্য,জীৱনৰ উপায়, ব্যৱসায়। মানুহ জীৱ জন্তুৰ দৰে প্ৰকৃতিৰ পৰা যিহকে পাই তাকে খাই জীয়াই থাকিব নোৱাৰে। আনকি কাপোৰ-কানি নিপিন্ধা আদিম অৱস্থাতো মানুহে খাদ্যৰ স্থায়ী উৎসৰ সন্ধান কৰিছিল, যাৰ বাবে জীবশ্রেষ্ঠ হিচাপে আমি আহি আজিৰ স্তৰ পাইছোহি। পঞ্চাশৰ দশকলৈ আমাৰ মিচিং সকলৰ অন্ন-বস্ত্ৰৰ সমস্যা নাছিল বুলিব পাৰি। আমাৰ পিতৃ পুৰুষ সকলে জীয়াই থাকিবৰ বাবে বিশেষ কষ্ট কৰিব লগা নহৈছিল। প্ৰকৃতিৰ বুকুৰ উভৈনদীকৈ পোৱা মাছ, মাংস, শাক পাচলি, খৰি আদিৰেই সহজ-সৰল জীৱন পৰিপূৰ্ণকৈ চলি গৈছিল৷ জীৱনৰ বাবে মূল উপজীব্য ধান-চাউল, মাহ, সৰিয়হ ইত্যাদি সাৰুৱা পলসুৱা মাটিত অলপ কষ্ট কৰিলেই বছৰটোৰ বাবে হৈছিল। সহজতে ঢুকি পোৱা এই উপজীৱ্যৰ মাজত তেওঁলোকে ৰং ৰহইচেৰে জীৱন নিয়াইছিল। মিচিং সকলৰ যি কোনো উৎসৱ,পূজা পাৰ্বন আদিত আপঙৰ ব্যবহাৰ এক অবিচ্ছেদ্য পৰম্পৰা। পূর্ব পুৰুষৰ পৰা বৰ্তমানলৈ এই পৰম্পৰা চলি আহিছে।অকল মিচিং বুলিয়েই নহয়, সকলো জনজাতিৰ মাজত এনে পৰম্পৰা বিদ্যমান।
এসময়ত এয়াও আমাৰ পৰম্পৰাগত ৰীতি আছিল যে আলহীক এবাতি আপং আগবঢ়াব নোৱাৰিলে গৃহস্থই লজ্জাবোধ কৰিছিল। এনে পৰম্পৰাগত পৰিশীলিত ৰীতিয়ে আমাৰ সামাজিক জীৱনধাৰাত কোনো কুপ্ৰভাৱ পেলোৱা নাছিল। দিনান্তক কষ্ট কৰি সন্ধিয়া পান কৰা এবাতি আপঙে স্বাস্থ্যৰ কোনো ক্ষতি কৰা নাছিল। বৰঞ্চ ই স্বাস্থ্যৰ পৰিপোষক হিচাপে কাম কৰিছিল। কিয়নো ইয়াক সীমিত ৰূপত ব্যৱহাৰ কৰা হৈছিল। সেইদৰে শুচি, দদগাং, মিদাং,পঃৰাগ আৰু পৰিয়াল বা সমাজৰ মঙ্গলাৰ্থে অনুষ্ঠিত কৰা পূজা-পাৰ্বনত আপঙৰ ব্যবহাৰ সীমিত ৰূপতে কৰা হয়। সীমিত ৰূপত ব্যৱহাৰ কৰা আপঙে আমাৰ চলি অহা পৰম্পৰাগত ৰীতি-নীতিত কুপ্ৰভাৱ পেলাইছে বুলি আমাৰ মনে নকয়। কিন্তু কুপ্ৰভাৱ পেলাইছে আমাৰ পৰম্পৰাৰ মাজলৈ আমদানি কৰা ফটিকা আৰু বিলাতী মদৰ সেৱন আৰু প্ৰচুৰ ব্যবহাৰে। এতিয়া অতি সহজে ঢুকি পোৱাকৈ জধে-মধে চৰকাৰে মদৰ অনুজ্ঞাপত্ৰ দি মদাহীৰ বাবে সোণত যেন সোৱগাহে চৰালে। আনকি পূজা-পাৰ্বনত ব্যৱহৃত পঃৰ আপঙৰ চোখ কম হ'লে বহুতে বিলাতী মদ মিলাই ৰাইজক সেৱা কৰে। আকৌ পূজাৰ বাবে আমন্ত্রণ কৰি অনা ভকত পাৰিষদ সকলে ঘৰত প্ৰস্তুত কৰা আপং থকাৰ পিছতো ফটিকা বা বিলাতী মদ দাবী কৰি মাংগলিক অনুষ্ঠানবোৰক 'বাৰ'লৈ ৰূপান্তৰ কৰিছে। ভব্য-গব্য বহু চাকৰিয়ালেও ৰঙাটুপী ন'হলে ভালকৈ আলহীক শুশ্রূষা নকৰা বুলি ধৰি লয়। এয়া পৰম্পৰাৰ মাজলৈ সোমাই অহাটোহে চিন্তাৰ বিষয় হৈ পৰিছে৷
আপং দিনত বা যেতিয়াই তেতিয়াই খোৱা বস্তু নহয় । ইয়াক ব্যৱহাৰ কৰিব জানিব লাগিব। দিনটোৰ পৰিশ্ৰমৰ অন্তত ভাত খোৱাৰ আগে আগে পৰিয়াল- পৰিজনৰ সতে খোৱা এবাতি আপঙে শৰীৰত পৰিপুষ্টিৰ কাম কৰে। আগেয়ে মানুহে ইয়াক লুকাই-চুৰকৈ অকলে বা ঘৰৰ বাহিৰত গৈ সেৱন নকৰিছিল। কিয়নো মদ কোনোৱে বিক্ৰী নকৰিছিল, মদৰ দোকানো নাছিল। পৰিশীলিত ৰূপত ইয়াক ব্যৱহাৰ কৰাত আপত্তি নাই। পশ্চিমৰ উন্নত দেশ সমূহে অতি পৰিশীলিত ৰূপত মদ ব্যবহাৰ কৰে৷ কিন্তু অতি চিন্তাৰ বিষয়টো হৈছে এতিয়া গাঁৱ বা তিনিআলি বা চাৰিআলি সমূহৰ সৰু সৰু দোকানত ফটিকাৰ পৰা বিলাতী মদলৈকে সকলো পায়। এয়াহে সকলোতকৈ চিন্তাৰ বিষয়।এনেকৈ হোৱা মদৰ ব্যৱসায়ীকৰণেহে মিচিং সমাজত নেতিবাচক প্ৰভাৱ পেলাইছে।
স্বাধীনতাৰ পিছৰ ভাৰতবৰ্ষৰ ছবি দ্ৰুতগতিত সলনি হ'বলৈ ধৰিলে। শিক্ষাৰ বিস্তাৰে মিচিং গাওঁ সমূহকো প্ৰভাৱিত কৰিলে। গাঁৱৰ বাহিৰলৈ ওলাই যোৱা দুই এজন শিক্ষাৰ্থীয়ে দেখিলে যে পৃথিবীখন ক'ৰ পৰা ক'লৈ যাব লাগিছে আৰু আমি ক'ত পৰি আছোঁ! আমাক ল'ৰালিতে পিতাই গাই শুনোৱা এই গীতটি আমাৰ শিশু হৃদয়ত গভীৰ ৰেখাপাত কৰিছিল।
O: ta:to tolínga
Kampon nammír géyuma
Épo do:la poge:la
Ngolum porai nalangka.
(ভাৱাৰ্থ- অ' বগা দাডিৰ ধুনীয়া ককা, কাঠি-কামি কৰি আমাক পঢ়াশালীলৈ পঠিয়াবা)
পিছপৰা অশিক্ষিত সমাজৰ জনজাগৰণৰ বাবে প্ৰচলিত গীতটিয়ে সেই সময়ৰ ছবি এখন দাঙি ধৰে। শিক্ষাৰ প্ৰতি মানুহৰ সেইসময়ত অতি নগন্য হলেও কিছু আগ্ৰহ জাগিছিল আৰু সেয়া আয়ত্ব কৰিবলৈ প্ৰয়োজন হোৱা ধন কাঠি-কামি কৰি হলেও গোটাব লাগিব বুলি ধাৰণা এটাই পোখা মেলিছিল। মিচিং সকলৰ মাজত ব্যৱসায় বাণিজ্যৰ চিন্তা বৰ পলমকৈ আহিছিল। তাহানিতে ম'হ খুটি ৰাখি উৎপাদিত গাখীৰ, গোৱালাক(গাখীৰ বেচোঁতা) দিয়া, হাতী থকা মানুহবোৰে কুন্দাৰ কাম কৰা, খেতিক অতিৰিক্ত আয় হিচাপে বিবেচনা কৰা নগন্য সংখ্যক খেতিয়কেহে মাহ- সৰিয়হৰ খেতি কৰি মহাজনক দিছিল। স্বভাৱগত ভাবে আৰামপ্ৰিয় সৰহভাগ মিচিঙে বছৰটোৰ বাবে খাবলৈ ধানখিনি হ'লেই অতিৰিক্ত আয়ৰ কথা চিন্তা নকৰিছিল। মুঠতে সহজ সৰল জীৱন যাত্রাতে তেওঁলোক অভ্যস্ত আছিল। ইয়াৰ প্ৰমাণ আছিল অসমৰ চুকে-কোণে, গাঁৱে ভুঞেঁ বহা কেঞা (মাৰৱাৰ দেশৰ পৰা অহা বেপাৰী মানুহ) দোকানবোৰ। তেওঁলোকে দোকান দি, তামোল পানৰ পৰা, সূতা-কম্বললৈকে সকলো দৈনন্দিন প্ৰয়োজনীয় সামগ্রী সমূহৰ যোগান ধৰিছিল। তেতিয়া আমাৰ মানুহে বেপাৰ-বানিজ্যৰ কামটো অসমৰ বাহিৰৰ পৰা অহা এই হিন্দীভাষী লোক সকলৰ কাম বুলি ধৰি লৈছিল।
সভ্যতাৰ পোহৰ পৰাৰ লগে লগে মিচিং জনজীৱনৰ জীৱন ধাৰণ প্ৰণালীৰো আমোল পৰিৱৰ্তন ঘটিল। আমি সৰু থাকোঁতে মিচিং মানুহে মাছ বিক্রি নকৰিছিল, কুকুৰা গাহৰীও বিক্রী নকৰিছিল। কিন্তু আধুনিক চিন্তা ধাৰাই জীৱন ধাৰণৰ ৰূপেই সলনি কৰিলে। বসবাসৰ পৰা আৰম্ভ কৰি,পৰিয়াল কল্যাণ আদি সকলোতে তাৰ প্ৰভাৱ পৰিল। খাদ্যাভাস, সাজ-পোছাক, উন্নত বাসগৃহ, অনাময় ব্যবস্থা, শিক্ষা, চিকিৎসা আদি উন্নত জীৱন ধাৰণৰ চিন্তা তেওঁলোকৰ মনলৈ অতি স্বাভাবিক বাবেই সময়ৰ সৈতে আহিল। লগে লগে এইবোৰ খৰচৰ জোৰা মাৰিবলৈ আয়ৰ চিন্তা কৰিবলৈ বাধ্য হ'ল। জনসংখ্যা বৃদ্ধিৰ লগ লগে মাটিৰ পৰিমাণ কমি আহিল। মাটিৰ উৰ্বৰতাও কমি আহিল। গতিকে অতি সহজে ঘৰৰ পৰাই কৰিব পৰা ব্যৱসায়ৰ চিন্তা মনলৈ আহিল। ঘৰৰ গৃহিণী সকলে এই ক্ষেত্ৰত আগভাগ ল'লে। এৰি কাপোৰ বিক্রিয়েই চাগে সাজ-পোছাক ব্যৱসায়ৰ প্ৰথম পদক্ষেপ আছিল। তেনেদৰে গাহৰি আৰু কুকুৰা পুহি বিক্রি কৰাও ব্যৱসায় হৈ পৰিল।
মদ খোৱা মিচিং সকলে সামাজিক ভাবে গ্ৰহণ কৰা পৰম্পৰা। গতিকে সকলোতকৈ সহজ কম পূজিত কৰিব পৰা আৰু হাতে ঢুকি পোৱা ব্যৱসায় হ'ল মদৰ ব্যৱসায়। ইয়াৰ বাবে দোকানৰ দৰকাৰ নাই। এটি জনপ্রিয় প্ৰৱচন আছে- গোৱালাই গাখীৰ গাখীৰ বুলি চোতালে চোতালে চিঞৰি ফুৰিলেও মানুহে গাখীৰ নাখায় ; কিন্তু বাৰীৰ চুকত লুকাই মদ বিক্ৰী কৰিলেও মানুহে বিচাৰি যায়। মদাহীয়ে কোনেও ন'কলেও ভেনা মাখিৰ দৰে মদৰ গোন্ধ পায়। এইশ্ৰেণীৰ মানুহক মূলধন হিচাপে লৈ বহু মানুহ মদৰ ব্যৱসায়ত নামি পৰিছে। ইয়াৰ আটাইতকৈ হানিকাৰক পনীয়বিধ হৈছে ফটিকা বা চুলাই। ই একপ্ৰকাৰৰ স্পিৰিত(spirituous liquor)। সাধাৰণতে আমি ব্যবহাৰ কৰা ঘৰুৱা আপং আৰু পঃৰ' আপঙত ১৮ ৰ পৰা ২৫ শতাংশ এলকহল থাকে। এয়া যেতিয়া পানীৰ সৈতে পৰিস্ৰাৱন কৰা হয় তেতিয়া এলক'হলৰ গাঢ়তা আৰু কমি যায়।অন্যহাতে চুলাই বা ফটিকাত ৪০ ৰ পৰা ৪৫ শতাংশ এলক'হল থাকে। আমি সচৰাচৰ ব্যবহাৰ কৰা হুইস্কিত ৩৬ ৰ পৰা ৫০ শতাংশ এলক'হল থাকে।ঘৰুৱা মদ খাই সন্তুষ্ট নোহোৱা মানুহে সেয়েহে সহজলভ্য ফটিকা বা বিলাতী মদলৈ মন মেলে। বহুতে পানী নিমিলোৱাকৈ সেৱন কৰে যাতে সোনকালে নিচা ধৰে। অৱশেষত অৱস্থা এনেকুৱা হয় গৈ যে মদেহে মানুহজনক খাবলৈ আৰম্ভ কৰে। বাচ-বিচাৰ নোহোৱাকৈ মদ খালে মানুহজন মদত আসক্ত হৈ পৰে। যি সকল ব্যক্তিয়ে দিনত এক বা দুই পেগতকৈ বেছি মদ সেৱন কৰে তেওঁ লোকৰ হৃদৰোগ, উচ্চ ৰক্তচাপ, ষ্ট্ৰোক আদি হ'ব পাৰে। উঠি অহা ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত ইয়াৰ কুপ্ৰভাৱ আৰু বেছি কিয়নো মদে সিহঁতৰ স্নায়ুতন্ত্র উত্তেজিত কৰে আৰু হিংসুক হৈ পৰে। এই অৱস্থাত বাহন চলাই বহু ল'ৰা-ছোৱালীৰ জীৱন বন্তি অকালতে নুমাই গৈছে। গৱেষণাত এয়া প্ৰমাণিত হৈছে যে মদ নুখুৱা দেশৰ মানুহ, মদ খোৱা দেশৰ মানুহতকৈ বেছি দিন জীয়াই থাকে।
ওপৰৰ আলোচনাখিনি এইবাবেই কৰা হ'ল যে অবাধ মদৰ প্ৰচলনে এটা জাতিক নিশকতীয়া কৰি পেলায়। জীয়াই থাকিবলৈ ধন লাগে। ইয়াৰ বাবে আয়ৰ উৎস থাকিব লাগিব। ব্যৱসায়-বানিজ্য কৰিবলৈ নুন্যতম পূজি আৰু ব্যৱসায় বুদ্ধিৰ দৰকাৰ। যাৰ অভাব মিচিং সমাজত বিদ্যমান। সেই বাবেই বহু পৰিয়ালে অতি সহজে কৰিব পৰা মদৰ ব্যৱসায় কৰে। অকল গাঁৱত কিয় চহৰত থকা মানুহেও এই ব্যৱসায় কৰে।
এতিয়া কথা হ'ল জীৱিকাৰ বাবে মদৰ ব্যৱসায় সমৰ্থনযোগ্যনে? একেআষাৰতে সকলো মানুহে কথাটো নস্যাৎ কৰিব। যেতিয়া ক'ৰবালৈ গ'লে বাটে-ঘাটে মদৰ বটল লৈ বহি থকা মিচিং পুৰুষ বা বোৱাৰী দেখিলে অচিন বেদনাই হৃদয়খন তোলপাৰ লগায়। কাম কৰি খোৱা মানুহৰ শস্যৰ পথাৰ, যদি খহনীয়াত বিলীন হয়, অসহায় মানুহবোৰৰ উপায়ে বা কি থাকে?সেইবুলি আপং বিক্রি কৰি সংসাৰ চলাব বিচৰাৰ গ্ৰহণযোগ্যতা আছে বুলি নকও।এয়াও নিদাৰুণ সত্য যে এনেদৰে অৰ্জিত দুই এপইচাৰে বহু নিস্বঃ পৰিয়ালে সন্তানৰ পঢ়া খৰছৰ জোৰা মাৰে, বেমাৰীক শুশ্রূষা কৰে বা গাৰ কাপোৰ এখনকে কিনে। আনহাতে আজিকালি ভিতৰুৱা গাঁৱৰ য'তে-ত'তে পোৱা চুলাই মদ লৈ, কোনোবা চুকত লেবেজান হোৱাকৈ, ডিঙিলৈ গিলি, অধঃপাতে যোৱা নিষ্কৰ্মা মানুহবোৰ দেখিলেও মনটো হাহাকাৰ কৰি উঠে। তেতিয়া মনটোৱে চিঞৰি উঠে- এইবোৰ বন্ধ হ'ব লাগে। প্ৰশাসনে এইবোৰ দেখা নাই নেকি? এক্সাইজ বিভাগ ক'লৈ গ'ল ?
হয়, এনে বহু পৰিয়াল আছে, এক্সাইজ বিষয়াই মদৰ কলহটো ভাঙিবলৈও বিষয়াৰ হাত কঁপি উঠিব। বেৰ নাইকিয়া ঘৰ, বিচনা নাইকিয়া চাং। অভাৱৰ ধুমুহাই অনবৰতে কোবাই যোৱা সংসাৰ। ভাগ্যক ধিয়াই জীয়াই থকা এমুঠি মানুহ। তথাপিওঁ জাতিটোক এই অন্ধকাৰ গুহাৰ পৰা টানি উলিয়াবলৈ কলহটো ভাঙিবই লাগিব। লগে লগে দুখীয়া মানুহৰ স্বনিয়োজনৰ বাবে মুকলি কৰা চৰকাৰৰ জনহিতৈষী আচনি সমুহ এই সকল লোকক দিব লাগিব। ক্ষুদ্র ব্যৱসায় কৰিবলৈ চৰকাৰী ঋণৰ ব্যৱস্থাসমুহ যাতে প্ৰকৃত দুখীয়া লোকে সহজে পায় তাৰ ব্যৱস্থা হ'ব লাগিব। মীন পালন,গাহৰি- কুকুৰা পালন, বয়নশিল্প, বা অন্য ক্ষুদ্র উদ্যোগৰ বাবে চৰকাৰী ঋণৰ ব্যবস্থা আছে। পিছে বহু ক্ষেত্ৰত দেখা যায় প্ৰশাসনৰ বিভিন্ন স্তৰত বহি থকা স্বাৰ্থান্বেষী, ধনলোভী, ঘোচখোৰ কৰ্মচাৰী আৰু দালাল সকলৰ উৎপাতত এই দুখীয়া নিৰ্বোধ লোকসকল চৰকাৰী অফিচলৈ যোৱাটো বৰ কষ্টৰ কাম হৈ পৰে। এনেকুৱা বহু উদাহৰণ আছে মাকৰ বৃদ্ধ পেন্সনৰ টকা বোৱাৰীয়ে খাই আছে,গৃহ নির্মাণৰ বাবে অহা টকা কোনোবাই পাই আছে। অৰ্থাৎ প্ৰকৃত হিতাধিকাৰীয়ে কথাবোৰ গমেই নাপায়। এইবোৰ বন্ধ হ'বলৈ সৎ আৰু দেশহিতৈষী কৰ্মী প্ৰতিটো স্তৰতে দৰকাৰ। তাৰোপৰি আমি নিজা প্ৰচেষ্টাত গাড়ী, বাইক, অট' আদিৰ মেৰামতি, ৰাজমন্ত্ৰী বা কাঠমিস্ত্ৰীৰ কাম, ইলেকট্রনিক বা ইলেক্ট্ৰিচিটিৰ কাম, পানী পাইপৰ কাম, টেন্ট হাউচ,কেটাৰিং আদি শিকি অন্ততঃ ঘৰ এখন চলিবলৈ উপাৰ্জন কৰিব পাৰোঁ। আমি তেজপুৰ চহৰৰ যি ডোখৰ ঠাইত থাকো ইয়াত মাটি-বাৰী নথকা অসংখ্য লোক আছে। এই সকল লোক কিন্তু সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছে। মেট্ৰিক বা হায়াৰচেকেন্ডাৰী পাচ কৰাৰ লগে লগেই তেওঁলোক স্বনিয়োজনৰ বাবে তৎপৰ হৈ পৰে। কোনোবাই দোকানত, কোনোবাই যোগনীয়াৰ, কোনোবাই মিস্ত্রি, কোনোবাই মেকানিক, কোনোবাই বেপাৰী ইত্যাদি। আমি এইবোৰ শিকিবই লাগিব। শ্ৰমৰ কোনো সৰু বৰ নাই,শ্ৰমৰ মৰ্য্যদা আছে। মদ বিক্রিক শ্ৰম বুলিব নোৱাৰি। গতিকে তাৰ মৰ্য্যদাও নাই। গতিকে জীৱিকাৰ বাবে মদ বিক্রি গ্ৰহণযোগ্য নহয়।
আহক আমিয়েই সমাজখনক গঢ় দিওঁ যাতে কোনো মিচিঙে ৰাস্তা-ঘাটে,গাঁৱৰ চুকে-কোণে মদ বিক্রিক জীৱিকাৰ পথ হিচাপে ন'লয়। প্ৰতিগৰাকী মিচিঙৰ সমাজৰ প্ৰতি থকা দায়িত্ববোধ পালন কৰিলে নিশ্চয় ইয়াৰ অৱসান ঘটিব।
Doksiri দকচিৰি, মে, ২০২৩
No comments:
Post a Comment