তৰ্জমা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, June 1, 2023

তৰ্জমা

 


তৰ্জমা

          ববী দত্ত

            টীয়ক


পোন আঙুলীবোৰ বেঁকা হোৱাৰে পৰা

তৰ্জনী বেঁকা কৰি ঘিঁউ উলিয়াবলৈ অভ্যাস গঢ়াৰে পৰা 

আৰম্ভ তৰ্জমাৰ


দৰিদ্ৰতাহীন সমাজ গঢ়াৰ কুচকাৱাজত বৃহৎ অৱয়ব ললে লোহাৰৰ আলমিৰাই

বেংকৰ লকাৰবোৰ ভাৰসাম্যহীন হ'ল


কৰ্মী মানুহবোৰক তৰ্জমা কৰি এলেহুৱালৈ পৰ্যবসিত কৰা হ'ল মুখৰ আগত চাউলৰ যোগান ধৰি

(এটা জটিল প্ৰশ্নৰ অৱতাৰণা কৰি)

ধোদৰ আলি কোনে বন্ধাব

আৰু কোনে বান্ধিব?


গণতন্ত্ৰৰ ৰাজহাৰ বেঁকা কৰি ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ তৰ্জমা

চৰকাৰী মাটি ব্যক্তিগত কৰণৰ কৌশলী প্ৰচেষ্টাৰে তৰ্জমা!


হাতৰ মুঠিত নীৰৱে সোমাই থকা ফটা দহটকীয়া নোট কেইখনৰ অভাৱনীয় ৰূপত বংশ বৃদ্ধি হ'ল

ৰাছেলৰ প্ৰতিবাদী কবিতাৰ তৰ্জমা পঢ়ি কাব্যপ্ৰেমীৰ সংখ্যা বঢ়াৰ দৰে।


তথাপি মানুহবোৰ মানুহ হোৱা নাই

মানুহৰ চোলা পিন্ধি অমানুহৰ ৰূপত তৰ্জমা কৰি আছে।

পিন্ধি থকা মুখা খনৰহে তৰ্জমা হোৱা হোৱা নাই

কিন্তু কেতপৰ বাকী?


 সময় সবাটোতকৈ শক্তিশালী 

সময়েই তৰ্জমা কৰিব ফোঁপোলা 

দেশপ্ৰেমিকৰ চতুৰ কৰ্মৰাজিৰ।


Doksiri দকচিৰি, জুন, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages