গ্ৰন্থ আলোচনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, June 1, 2023

গ্ৰন্থ আলোচনা



 গ্ৰন্থ আলোচনা

ৰূপা গগৈ


          "কেতিয়াও ভবা নাছিলোঁ 

           হতাশাই খাই পেলোৱাৰ হাত দুখনত

           পখিলা এটা পৰিব বুলি

            মইতো ফুল নহয় "...

                                               ( আত্মকথা )

       সাম্প্ৰতিক সময়ত সাহিত্য জগতখনত কবিতা, অকবিতা , কবি, অকবি বুলি নিঞৰ্থক কিছু ভাৱনা আৰু সমালোচনাক কাটি কৰি নৱ প্ৰজন্মৰ এজন কবিয়ে নিজস্ব প্ৰতিভাৰে নিজক কাব্য সৃষ্টিক প্ৰকাশ কৰি সকলোৰে আগত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু আজি সেইজন নবীন কবিৰ কাব্য গ্ৰন্থখন পঢ়ি সাধাৰণ পাঠক হিচাপে মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিছোঁ । সামান্য জ্ঞানে লিখা লেখিনত জ্ঞাতে -অজ্ঞাতে কিছু ভুল -ক্ৰুটি ৰৈ যাব পাৰে তাৰ বাবে সমূহ পাঠকবৃন্দৰ ওচৰত প্ৰথমে ক্ষমা মাগিলোঁ । 

গ্ৰন্থৰ নামঃ--- পানী মুখে মোক শুব নিদিয়ে 

কবিঃ---অভিজিৎ তালুকদাৰ 

প্ৰথম প্ৰকাশঃ---ডিচেম্বৰ ,২০২২

প্ৰকাশকঃ---পূৰ্বায়ণ প্ৰকাশন , পাণবজাৰ ,গুৱাহাটী-১ ,অসম 

মূল্যঃ---১৫০/-

       প্ৰতিভা হৈছে ব্যক্তিৰ নিজা গুণ । ব্যক্তিৰ নিজা প্ৰতিভাক যদি সঠিকভাবে নিয়াৰিকৈ মাৰ্জিত ভাব-ভাষাৰে সুন্দৰকৈ নিজাকৈ কিছু ব্যতিক্ৰমভাবে আয়ত্ত কৰি উপস্থাপন কৰিব পাৰে তেন্তে সেই প্ৰতিভাৰ গুণ বা মানদণ্ড উন্নত হোৱাৰ লগতে সকলোৰে অন্তৰ স্পৰ্শ কৰিব পাৰে । অভিজিৎৰ " পানী মুখে মোক শুব নিদিয়ে " কাব্য গ্ৰন্থখনি পঢ়ি তেওঁৰো এটি সুন্দৰ কাব্য প্ৰতিভাৰ গুণ থকা বুলি অনুমান কৰিব পাৰি । 

           কবিতা হৈছে এবিধ কলা । পৃথিৱীৰ সুন্দৰৰ সাধনা উপাসনাৰ চৌষষ্ঠি (৬৪ )বিধ কলাৰ ভিতৰত আটাইতকৈ জটিল কলাবিধেই হৈছে কাব্য কলা । কৰোঁ বুলিলেই ইয়াক সৃষ্টি কৰিব নোৱাৰি যদিহে একান্তমনে গভীৰ চৰ্চা আৰু অধ্যয়ন কৰা নাযায় । অভিজিৎৰ কবিতাসমূহ পঢ়িলে বুজা যায় যে তেওঁ কবিতাসমূহত খুউব সুক্ষ্মভাবে অনুভৱসমূহক চালি-জাৰি চাই শব্দবোৰক লিৰিকি-বিদাৰি জুখি-মাখি কবিতাৰ এটিৰ প্ৰয়োজন অনুসৰি যি ধৰণে নিজাকৈ এটা সুকীয়া ৰূপত প্ৰকাশ কৰিব পাৰি তেনেধৰণে শব্দৰ গাথঁনি কৰিছে । এইক্ষেত্ৰত তেওঁ বৰ সজাগতা অৱলম্বন কৰিছে । কবিতা সৃষ্টিৰ বাবে কিছু সাধনাৰ প্ৰয়োজন । যি সাধনাৰ জৰিয়তে কবিৰ কবিতাই নিজাকৈ এটি বাট উন্মোচিত কৰি তুলিব পাৰে । মুঠ পঞ্চল্লিশ (৪৫) টা কবিতাৰ সংকলন খনিৰ শিবিৰ ,ইস্তাহাৰ , ৰঙা টুপী , আত্মকথা , ভেন গ'গ , বিব্ৰত সময়ৰ কবিতা সমূহ পঢ়িলে এই কথা স্পষ্টকৈ বুজা যায় । 

              " ৰাতিৰ শুদা ভাত সাঁজৰ কথা

               ইস্তাহাৰবোৰে কি বুজিব 

                কথাৰে জানো 

                 ভোক দমাব পাৰি "...      

                                                           (শিবিৰ)

         

             " সম্প্ৰত্তি মোৰ দৰে বিব্ৰত মানুহবোৰৰ

                মগজুটো খুলি থোৱা 

                এখন মোনা থাকে "...   

                                                 ( বিব্ৰত সময়ৰ কবিতা )   

      

              "বৰ সাহসৰ প্ৰয়োজন 

               ঘৰটোত মাত এটা হ'বলেও"...

                                               ( আত্মকথা )

         

            " বহু কথাৰে মূৰ নাথাকে 

               থাকে হাত -ভৰি" ...

                                                ( ভেন গ'গ )

        

            " ফৰাচী কবিতাটোত 

              ৰাছিয়ান শাৰীবোৰ 

              লগাই দিছে 

              ৰঙা টুপী পিন্ধা মানুহবোৰে "...

                                                 (ৰঙা টুপী)

   অভিজিৎৰ কবিতাসমূহত সমাজ জীৱনৰ বিচিত্ৰ ঘটনা-পৰিঘটনাসমূহে মনৰ মাজত জাগ্ৰত হোৱা আশা-নিৰাশা , দুখ-দ্বন্দ আৰু সংগ্ৰামী জীৱনৰ বিষয়ে নিজস্ব ভাষা শৈলী , শব্দ চয়নেৰে কবিতাসমূহক প্ৰাণৱন্ত কৰি তুলিছে । কিন্তু এই সংকলনখনিত বেছিভাগ কবিতাত কিছুমান বিষয়বস্তুক ,সমাজৰ কিছু চিন্তাধাৰা আৰু কিছু প্ৰতিবাদৰ ভাবধাৰা ব্যক্তিগতভাবে নিজৰ মাজতে টানি ধৰি ৰখাৰ দৰে হৈছে । এই ধৰণৰ কবিতাসমূহ ব্যক্তিগত পৰ্য্যায়ত নাৰাখি মুক্তভাবে সমাজমুখী কৰি প্ৰকাশ কৰিলে সেই কবিতাসমূহে আৰু অধিক পাঠকৰ মন চুবলৈ সক্ষম হ'ব । ইতিমধ্যে গ্ৰন্থখনিয়ে পাঠকৰ বহু সমাদৰ লাভ কৰিছে । এই সম্ভাৱনাপূৰ্ণ কবি অভিজিৎ তালুকদাৰৰ " পানী মুখে মোক শুব নিদিয়ে " কাব্য গ্ৰন্থখনি যি সকলে কাব্য প্ৰেমীয়ে পঢ়া নাই আপোনালোকে এবাৰ পঢ়ি চাব বুলি আশা ৰাখিলোঁ । অভিজিৎৰ পৰা আৰু ভাল কবিতা পঢ়িবলৈ পাম বুলি বাট চাই ৰ'লোঁ । অভিজিৎলৈ অলেখ শুভকামনাৰে ...

Doksiri দকচিৰি, জুন, ২০২৩

                                              


                                    


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages