বৰেণ্য সাহিত্যিক গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ
মিনু হাজৰিকা
কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা আছিল ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ ।সূদীৰ্ঘ দিন আৰু ঋতু' শীৰ্ষক কাব্য-সংকলনৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গীতত ঊষা মংগেশকাৰ, ড॰ ভূপেন হাজৰিকা, উদিত নাৰায়ণ, দীপালী বৰঠাকুৰ, জুবিন গাৰ্গ আদিকে ধৰি অনেক অসমীয়া-অনাঅসমীয়া বহু ন-পুৰণি শিল্পীয়ে কণ্ঠদান কৰিছিল। 'সোণৰ খাৰু নেলাগে মোক', 'কি নাম দি মাতিম', 'জোনবাই এ বেজী এটি দে', 'আগলি বতাহে কপালে কলৰে পাত' আদি তেওঁৰ কেইটামান চিৰসেউজীয়া জনপ্ৰিয় গীত।
তেওঁ নীলা বাইদেউ' ছদ্মনামেৰে বৌদ্ধিক সমাজত পৰিচিত। তেওঁ ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।
তেওঁৰ কেইটামান কবিতাই মন চুই যায়—
১)শব্দত
বন্দুকৰ শব্দত ৰাতি পুৱায় নে?
ওহোঁ।
পুৱায়—
সেই চৰাইটোৰ মাতত
যি কুটি খায়
ৰাতিৰ আন্ধাৰবোৰ
লাহে
লাহে।
২)জৰাজীৰ্ণ
কতদিন হ'ল !
বুৰিলে ঘৰ,
উঁৱলে
শালৰ শিপা ।
ৰ'দ আহিবনে ?
থাকিব নে বাৰু
পচা জপাটোত
ৰ'দত
দিবলে'
কিবা !!
৩)ৰাতিৰ বাঁহী
ওৰেদিন বিভিন্ন কৰ্মব্যস্ততাত
মই শুই থাকোঁ ।
সাৰ পাওঁ, যেতিয়া চকু মুদো ৰাতি ।
আৰু গোটেই ৰাতি
শুকান হাড়ৰ স্তুপৰ মাজেদি সৰকি অহা
বাঁহীৰ এক কৰুণ সুৰ শুনোঁ ।।
সুযোগ্যা এই অসম জীয়ৰী ডক্টৰ নিৰ্মলপ্ৰভা বাইদেউক আজি এই মৃত্যু তিথিত শ্ৰদ্ধাৰে সোৱৰিছো।
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment