পৱিত্ৰ তীৰ্থস্থান পৰশুৰাম কুণ্ড
ৰয়েল পেগু
ভাৰতৰ সূৰ্য উঠাৰ দেশ অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজুৰ পৰা ৪৫ কিলোমিটাৰ উত্তৰ-পূবে দিশে লোহিত নদীত (ব্ৰহ্মপুত্ৰ) অৱস্থিত পৰশুৰাম কুণ্ড হৈছে হিন্দুসকলৰ পৱিত্ৰ তীৰ্থস্থান। ঋষি পৰশুৰামৰ প্ৰতি উৎসৰ্গিত এই জনপ্ৰিয় স্থানটোৱে ভাৰত তথা অসমৰ তীৰ্থযাত্ৰীক আকৰ্ষণ কৰে।প্ৰতি বছৰে শীতকালত হাজাৰ হাজাৰ তীৰ্থযাত্ৰী এই স্থানলৈ যায়। বিশেষকৈ মকৰ সংক্ৰান্তিৰ দিনটোত পৱিত্ৰ কুণ্ডত পৱিত্ৰ স্নান কৰিলে মানুহৰ পাপ ধুই পেলোৱা বুলি বিশ্বাস কৰা হয়।
মিচিমিসকলৰ বসতিপ্ৰধান তেজুৰ কামলাং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত পৰশুৰাম কুণ্ড।লোহিত নদীৰ দক্ষিণ প্ৰান্তত নৈসৰ্গিক সুবাস ভৰা পৰিৱেশত অৱস্থিত পৱিত্ৰ তীৰ্থস্থান পৰশুৰাম কুণ্ড। হিন্দুধৰ্মৰ বিশ্বাসমতে পৰশুৰাম ঋষিয়ে কিছুমান ঋষিৰ পৰামৰ্শমতে মাতৃহত্যাৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে সমগ্ৰ হিমালয়ৰ পৰ্বতমালাত ঘূৰি ফুৰাৰ পিছত অৱশেষত পৰশুৰাম কুণ্ডত স্নান কৰি প্ৰায়শ্চিত্ত কৰে বুলি জনা যায়।
হিন্দু ধৰ্মৰ বিশ্বাস তথা কিংবদন্তিমতে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ ভগৱান পৰশুৰামে পিতৃ ঋষি জমদগ্নিৰ আদেশত কুঠাৰেৰে মাতৃ ৰেণুকাৰ মূৰ কাটি পেলাইছিল। পিতৃৰ নিৰ্দেশত মাতৃহত্যাৰ জঘন্য অপৰাধৰ পাপত কুঠাৰখন তেওঁৰ হাতত লাগি ধৰিছিল। পিতৃৰ আজ্ঞাকাৰীতাত সন্তুষ্ট হৈ দেউতাকে পৰশুৰামক এটা আশীৰ্বাদ দিয়াৰ সিদ্ধান্ত ল’লে। পৰশুৰামে আশীৰ্বাদত তেওঁৰ মাকক পুনৰ জীৱিত কৰিবলৈ অনুৰোধ কৰে। কিন্তু মাকক জীৱন্ত কৰি তোলাৰ পিছতো কুঠাৰখন পৰশুৰামে হাতৰ পৰা আঁতৰাব পৰা নাছিল। মাতৃহত্যাৰ জঘন্য পাপৰ ফলত পৰশুৰামৰ হাতত কুঠাৰখন লাগি ধৰিল। তেওঁ নিজৰ অপৰাধৰ বাবে অনুতাপ হৈ সেই সময়ৰ বিশিষ্ট ঋষিসকলৰ পৰামৰ্শ গ্ৰহণ কৰি বিশুদ্ধ পানীত হাত ধুবলৈ হিমালয়ৰ পৰ্বতমালাত ঘূৰি-ফুৰাৰ পিচত লোহিত নদীৰ পাৰত উপস্থিত হয়। পৰশুৰামে লোহিতৰ পানীত হাত ডুবাই দিয়াৰ লগে লগে কুঠাৰখন এৰি যায় আৰু স্নান কৰি মাতৃহত্যাৰ প্ৰায়শ্চিত্ত কৰে। তেতিয়াৰ পৰাই লোহিত নদীৰ তেওঁ হাত ধোৱা ঠাইখন পূজাৰ স্থান হৈ পৰে আৰু পৰশুৰাম কুণ্ড নামেৰে জনাজাত হ’ল। এই পৱিত্ৰ তীৰ্থস্থান পৰশুৰাম কুণ্ডই বহু তীৰ্থযাত্ৰীক আকৰ্ষণ কৰে আৰু যথেষ্ট সংখ্যক সন্ন্যাসীয়ে ইয়াত বাস কৰে আৰু ভগৱান পৰশুৰামৰ বাবে উৎসৰ্গিত মন্দিৰটোৰ যত্ন লয়।
প্ৰতি বছৰে ১৪ আৰু ১৫ জানুৱাৰীত অৰ্থাৎ মকৰ সংক্ৰান্তিত অনুষ্ঠিত হোৱা পৰশুৰাম কুণ্ড মেলা অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মেলাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে নেপালৰ পৰা তীৰ্থযাত্ৰী আৰু সাধাৰণ দৰ্শনাৰ্থীয়ে বিখ্যাত লোহিত নদী দৰ্শন কৰাৰ লগতে পৱিত্ৰ স্নানৰ বাবে ঠাইখন ভ্ৰমণ কৰে। লোহিত জিলা প্ৰশাসনে পৰ্যটন বিভাগৰ সহযোগত তীৰ্থযাত্ৰী পৰ্যটকৰ বাবে সু-ব্যৱস্থাপনা কৰিছে।
এই ঐতিহাসিক তথা পৱিত্ৰ তীব্ৰস্থান পৰশুৰাম কুণ্ড যোৱা ২৪ জানুৱাৰীত আমাৰো দৰ্শন কৰাৰ সৌভাগ্য হয়। মনোমোহা লোহিত নদী, ওখ পৰ্বত, ঘন অৰণ্য আদিয়ে পৰশুৰাম কুণ্ড আৰু ইয়াৰ দাঁতিকাষী অঞ্চলক অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্য প্ৰদান কৰিছে। এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা পৰশুৰাম কুণ্ডৰ পৱিত্ৰ স্নান স্থানলৈ যাবলৈ হ'লে এটা ওখ পাহাৰৰ খট খটি বগাই নামি যাব লগা হয়। বিশেষকৈ জানুৱাৰী মাহৰ মকৰ সংক্ৰান্তিৰ উৎসৱৰ বতৰত পৰশুৰাম কুণ্ডৰ পৱিত্ৰ জলত ডুব গৈ নিজৰ পাপ মোচন কৰিবলৈ হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে। অৱশ্যে পৰশুৰাম কুণ্ড অক্টোবৰৰ পৰা এপ্ৰিল মাহৰ শেষলৈকে ভ্ৰমণৰ বাবে সৰ্বোত্তম সময়। ইয়ালৈ প্ৰতি বছৰে হাজাৰ হাজাৰ হিন্দু ভক্ত আৰু ঋষিয়ে আহে। ইপিনে পৰশুৰাম কুণ্ডত ভক্তই পৱিত্ৰ স্নান কৰাৰ পিছত এৰি থৈ যোৱা কাপোৰ দ'মে এক প্ৰকাৰে আবৰ্জনাৰ সৃষ্টি কৰিছে। ফলত লোহিত জিলা প্ৰশাসনে পৱিত্ৰ স্নানৰ পিছত বস্ত্ৰ পৰিত্যাগ কৰাক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। পৰশুৰাম কুণ্ডৰ পৱিত্ৰ স্নান স্থানৰ ওপৰ ভাগত শিৱ, দুৰ্গাৰ লগতে পৰশুৰাম মন্দিৰ আছে। পৱিত্ৰ স্নানৰ পিছত ইয়াত সেৱা লোৱাটো নিয়ম। পৰশুৰাম কুণ্ড কেৱল ঐতিহাসিক বা ধৰ্মীয় স্থানেই নহয়, প্ৰাকৃতিক বাবেও গুৰুত্বপূৰ্ণ স্থান। সু-উচ্চ পৰ্বত মালা, লোহিতৰ নিৰ্মল জলধাৰা, চাওপিনে ঘন সেউজীয়া অৰণ্যৰে আবৃত্ত পৰশুৰাম কুণ্ডৰ শান্ত-সৌম্য পৰিৱেশ প্ৰতিজন ভক্ত-পৰ্যটকৰ মন-হৃদয় জুৰায়। তদুপৰি প্ৰকৃতিৰ বৈভৱেৰে সমৃদ্ধ এই অঞ্চল ট্ৰেকিং, ৰাফটিং আদি দু:সাহসিক ক্ৰীড়া আৰু কেম্পিং কৰাৰো উত্তম ঠাই।
পৰশুৰাম কুণ্ডলৈ যাতায়াতৰ সু-ব্যৱস্থা আছে। বিমানেৰে যাত্ৰা কৰাসকলে পৰশুৰাম কুণ্ডৰ পৰা প্ৰায় দুশ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিব্ৰুগড় বিমানবন্দৰ হৈ বিমানেৰে অহাৰ পিছত তাৰ পৰা টেক্সি ভাড়া কৰি বা বাছ ধৰি লোহিত জিলা হৈ পৰশুৰাম কুণ্ডলৈ যাব পাৰে। ৰে'লযোগে অহাসকলে পৰশুৰাম কুণ্ডৰ পৰা নিকটতম তথা প্ৰায় ১৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত তিনিচুকীয়া ৰে'ল ষ্টেচনৰ পৰা ভাড়া গাড়ীত পৰশুৰাম কুণ্ডলৈ যাব পাৰি। লোহিত জিলাৰ সদৰ তেজু হৈ লোহিত নদীৰ সোঁদিশে পৰশুৰাম কুণ্ডলৈ যাত্ৰা কৰিলে সু-উচ্চ পৰ্বত আৰু দুৰ্গম শিহৰণকাৰী পথেৰে যাত্ৰা কৰিব লাগে। ইপিনে লোহিত নদীৰ বাওঁ দিশে যাত্ৰা কৰিলে তুলনামূলকভাৱে সমতল পথেৰে পৰশুৰাম কুণ্ডলৈ যাব পাৰে।
মোবাইলঃ 9964638968
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment