নিৰুদ্দেশ ঈশ্বৰৰ সন্ধানত
জিতুপন শইকীয়া
বেলতলা, নগাওঁ
আপুনি ঈশ্বৰক বিশ্বাস কৰে নেকি
কৰা সকলে হয়তো ক'ব
ঈশ্বৰে মোক সকলো দিছে
কাৰণ ঈশ্বৰক মই সকলো দিছো
ঈশ্বৰৰ বাবে এটা ঘৰ
এটা সোণৰ মুকুট
আনে বহন কৰিব নোৱাৰা
ঈশ্বৰৰ বাবে দামী প্ৰসাদ
সেয়েহে ঈশ্বৰ মোৰ প্ৰতি দায়বদ্ধ
বিচৰাখিনি উপচাই দিবৰ বাবে
এইবাৰ মোৰ মনোকামনা পূৰণ হলে
সোণৰ কলচি দিম
এজন পদপথৰ ভিক্ষাৰীক সুধিলো
আপোনাৰ বাবে ঈশ্বৰ ক'ত
তেওঁ কলে যিসকলে ঈশ্বৰক বন্ধকত ৰাখি
মোৰ জোলোঙালৈ নোচোৱাকৈ
দলিয়াই দিছে দুপইচা
তেঁৱেই মোৰ ঈশ্বৰ
ঈশ্বৰক বিচাৰি ফুৰিছো
আজি কেইবাদিনো ধৰি
ঈশ্বৰৰ দেখোন দেখাদেখি নাই
অলপ আগতে ছোৱালীজনী
ওলাই আহিছিল কলেজলৈ বুলি
দুৱাৰদলি নৌপাওঁতে
ট্ৰাক এখনে মহতিয়াই থৈ গল
গাঁৱৰ পৰিয়ালটোৱে
খবৰতো বা পালে নে নাই
ঈশ্বৰ বা কলৈ গল
ঈশ্বৰ.....।।
পিতাইৰ দিনৰ সাত পূৰা মাটিৰ তিনিপুৰা বেচি
বলোৰামে এখন দোকান খুলিছিল
যোৱাৰাতি কোনোবা দুৰ্বৃত্তই জ্বলাই দিলে
বলোৰামৰ ঈশ্বৰজনো এতিয়া অন্তৰ্ধান
কলৈ বা গ'ল ঈশ্বৰ
শান্তিৰ পথ প্ৰশস্ত কেতিয়া
অসুখীয়া মাকজনীৰ চিকিৎসাৰ বাবে
কাম বিচাৰি অহা ছোৱালীজনীয়ে
সন্ধিয়াৰ আন্ধাৰ গলিত ৰখি আছে
ঈশ্বৰক এৰি দিছে
দুৰ্ভাগ্যৰ অনলে দহা কপালত
সৌভাগ্যৰ দুৱাৰ খুলি দিছে
ঈশ্বৰ নোহোৱাকৈ
মাকজনীলৈ সময়মতে দৰৱ গৈছে
যৌৱন থাকিলে অহাবেলি মাকৰ
অস্ত্ৰোপচাৰটো তো হৈ যাব
এইমাত্ৰ সদ্যোজাত এটি সন্তান উদ্ধাৰ হৈছে
হৃদয়হীনা কোনো মাতৃয়ে এৰি থৈ গৈছে
হয়তো তেওঁ ঈশ্বৰৰ ওপৰত ভৰসা হেৰুৱালে
নতুবা সন্তানটিয়ে ঈশ্বৰক লগত আনিব নোৱাৰিলে
সেয়েহে নিৰুদ্দেশ ঈশ্বৰৰ সন্ধানত
ঘূৰি ফুৰিছো চলাথ কৰি
আপুনি দেখিছে নেকি ক'ৰবাত ঈশ্বৰক
দেখিলে মোক অনুগ্ৰহ কৰি জনাবলৈ নাপাহৰিব।।
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment