কৰ্ণ এক বিষাদ গাথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

কৰ্ণ এক বিষাদ গাথা

 


কৰ্ণ - এক বিষাদ গাথা

                                     দীপ হেষ্টিংছ বৰি 


দুৰ্ভাগ্যৰ স’তে যুঁজি যুঁজ

তেওঁ দুৰ্জয়


যি আইৰ কোলাৰ স্পৰ্শ নাপালে

যি আইৰ মমতাৰ উম নাপালে

সেই আইৰ আকুলতাত

ম্লান পৰিল জীৱনৰ শ্ৰেষ্ঠ ব্ৰত

শত্ৰুক বিনাশৰ মহা পৰাক্ৰম


ক্ষোভ, অভিমান আৰু বেদনাৰ

সংমিশ্ৰণত জ্বলি উঠা

হিয়াৰ অগণিত

দহি দহি শেষ হৈ গ’ল

অভিশপ্ত অহংকাৰ৷


ছদ্মবেশী চতুৰ পুৰন্দৰ দেৱৰাজ

কাঢ়ি নিলা বৈকাথৰ্নাৰ অক্ষয় কৱচ৷


কৃপাময় কৃপণালি

স্তব্ধ ৰশ্মিৰথীৰ গতি

বসুমতীৰ গ্ৰাসত জীৱন চক্ৰ৷


বিধাতাৰ মৌন ব্ৰত অব্যাহত

নিস্তেজ নিয়তি ঘূণীয়া হ’ল

মহাৰথীৰ মহাপ্ৰয়াণত অলপ আক্ষেপ ৰৈ গ’ল

বিষাদৰ উল্কা খহি পৰিল।


Doksiri দকচিৰি, জুন, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages