অপেক্ষাৰত
ঋতুৰাজ ডাঙৰীয়া
তিনিচুকীয়া
নিৰিবিলি নিজান ৰাতিৰ
এটি জোনাক নিশা।
খৰাং মৰা বতৰ চৌপাশ অজি ধূলিময় !
ঘূৰ অমানিশা নামি অহা আন্ধাৰৰ আঁৰত
বতাহৰ বলত সৰাপাতৰ খৰখৰণি।
গোমা কৰি থকা মেঘতো
এই বৰষুণ পৰো পৰো !
দিনপৰৰ দৰে নাই হাই উৰুমি,
নাই কোনো খৰ ধৰ।
খৰাঙত লঠঙা বন্ধা গছজোপাই যেন
আজি ঠন ধৰিবৰ আপেক্ষা !
এয়া শুকান টিনপাতত
বৰষুণৰ কেঁচা টোপালবোৰ বাজিছে,
ধিৰ গতিৰে নামি আহিছে কণাবোৰ।
আশা কৰাবোৰ সফল হৈছে,
আজি বহুদিনৰ পৰত ধূলিময় চৌপাশ
নতুনকৈ প্ৰাণ পাইছে।
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment