লেহুকা
ৱাহিদ আহমেদ
কাটাৰ, ডোহা
মোৰ কলিজাখন ফালি চাব বিচৰা
যদি চোৱা
তুমি চালে বুজি পাবা নহয়
কলিজাখনৰ ভিতৰত তোমাক
কেনেকৈ ৰাখিছিলোঁ
তুমি নেদেখালৈকে
বিশ্বাস কেনেকৈ কৰিবা,
চকুৰে নেদেখা যিকোনো বস্তুৱেই
সন্দেহৰ আৱৰ্তত থাকে
সন্দেহ নামৰ বেমাৰবিধ মাৰাত্মক
সেই বাবেই তোমাক কৈছোঁ
তুমি যিকোনো মূহূৰ্ততে চাব পাৰা
ফৰেনছিকলৈ দিয়া
ৰিপৰ্ট আহিলে
ভালকৈ ৰাখি থবা
মোৰ মৃত্যু হলেও কোনো কথা নাই
তোমাৰ মনৰ সান্তনা
জীৱনৰ বাবে উপহাৰ হৈ ৰ’ব ৷
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment