আন্দোলন - চিৰদিন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

আন্দোলন - চিৰদিন

 


আন্দোলন - চিৰদিন

                                     টম মেদক


পৰুৱাৰ ককাৰ দেউতা 

আছিল এজন কৃষক

প্ৰতিজন ৰঙা পৰুৱাৰে ককাৰ ককাক 

আছিল পূৰ্ণ উদ্যমী এজন কৃষক


মই সূৰ্যক ৰোপণ কৰিলোঁ ঘামত

মই চন্দ্ৰক ভোকাতুৰ কৃমিক সপি দিলোঁ

মই বায়ুক ৰূপন্তৰিত কৰিলোঁ গছলৈ

মই পানীক আৱিষ্কাৰ কৰিলোঁ 

বানপানীত

মই অগ্নিক থাউকতে পালোঁ যন্ত্ৰণাত

মই মাটিক শৰীৰত পালোঁ


মৃত্যুলোকৰ ৰজা আছিল

মহাপ্ৰতাপী এজন কৃষক

ভগৱানো শিল মাটিৰ

 ধৰিত্ৰীৰ

ধৰিত্ৰীও অঁকৰা কৃষকৰ মাক


নীলা পৰুৱাৰ ককাৰ ককাও আছিল

এজন কৃষকেই

কিন্তু চতুৰালিৰে তৰ্জনগৰ্জন কৰি 

ৰাজপদ দুদিনমান চলিল


আকৌ হোৱা হোৱা দিব

 

দিয়াৰ পাছত...


কোনে কাক বাধা দিব 

গুলীবৰ্ষণ কৰি দুজনক মাৰিব পাৰে

গজাল পুতি দুভৰিত আঘাতপ্ৰাপ্ত কৰিব পাৰে

কাঁইটৰ তাঁৰ লগাই সমদল বাধাগ্ৰস্ত কৰিব পাৰে


কিন্তু ৰঙা পৰুৱা কৃষকৰ প্ৰাপ্যৰ অধিকাৰ

কোনে কাঢ়িব পাৰে 

কোনে 

কোনে


Doksiri দকচিৰি, জুন, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages