পুখুৰী
স্বপ্নালী কলিতা
সৰুতে ভনীজনীৰ খংটো
বেছি আছিল বৰ
ঘৰৰ ঠাইতে পোৱা লাগতিয়াল সামগ্ৰীবোৰ কাটি-কুটি সমুখৰ পুখুৰীটোলৈ দলিয়াই দিছিল।
নিজৰ পাহৰা বেমাৰটোকে
দোষ দি আই
তেতিয়া বহি আছিল
দিন যোৱাৰ পাছত জকাবোৰ উদ্ধাৰ হওঁতে
মালৈ আমি চাব পৰা নাছিলোঁ
পুখুৰীৰ মাজত চকু এহাল ট টকৈ জ্বলি থকা দেখিছিলোঁ।
ভালেদিন হ'ল
পুখুৰীটো শিপাই আছে
শিপাবোৰ হেৰাই আছে
মাজ পুখুৰীত আগৰ সেই জ্বলন্ত চকু নাই।
এতিয়া...
কাৰোবাৰ চকুত পুখুৰী
পেটত পুখুৰী
নখৰ চুকত পুখুৰী
কপালৰ সোঁমাজতো এটা পুখুৰী।
(য'লৈকে গৈছো তাতেই দেখিছোঁ লেখহীন পুখুৰী)
পুখুৰীৰ এই পৰিবৰ্তন আৰু পৰিবৰ্ধনে(?)
গৰাকীৰ চকুক ফাঁকি দি চোম সলায়
পুুখুৰীয়ে পানী বেয়া পায়
এই চূড়ান্ত ফলাফলটো সমজুৱা কৰিবলৈ
ভালেমান দিন ৰ'ব লগা হ'ল।
ঘৰে ঘৰে কৰিব লগা হ'ল পৰ্য্যবেক্ষণ।
অৱশেষত দেখা গ'ল-
শতকৰা নব্বৈ ভাগ মানুহৰ ঘৰৰ ভিতৰে বাহিৰে অনেক শুকান পুখুৰী
যিবোৰ পুখুৰীৰ ওপৰে বৈ থাকে এজাক লেউসেউ বতাহ।
মোৰ মাৰ ওচৰলৈও যোৱা হ'ল অৱশেষত...
মাক একো সুধিব লগা নহ'ল
মাৰ দূৰন্ত চকুহালত,
এটা বৃহৎ পুখুৰী পোৱা গ'ল
পোৱা গ'ল-
চ'ৰাঘৰতো
বাৰন্দাখনতো...
আইনাখনত মই নিজকে চালোঁ-
সিপাৰে দেখিলোঁ-
মোৰ সাজোনৰ পৃথিৱীখনত
অসংখ্য পানীবিহীন পুখুৰী
Doksiri দকচিৰি, জুন, ২০২৩
No comments:
Post a Comment