আকৰ্ষণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

আকৰ্ষণ

 


আকৰ্ষণ

গৌতম মালাকাৰ

কৰিমগঞ্জ 


        "ছোৱালীয়ে কৰিব নোৱাৰা কাম একো নাই।"

      এই মতত বিশ্বাসী বন্দীতাই সকলো কামতে সদায় নেতৃত্ব লৈ আহিছে৷ ল’ৰা সন্তান নথকা ঘৰখনত মাক-দেউতাকে তাইক "তয়েই আমাৰ ল’ৰা সন্তান" বুলি প্ৰায়েই প্ৰসংশা কৰে৷ প্ৰেম-ভালপোৱা জাতীয় অদৰকাৰী কথাবোৰৰ বাবে বন্দীতাৰ অলপো সময় নাই৷ 

    ছাত্ৰীনিৱাসৰ তাইৰ কোঠাটোলৈকে চুচুকচামাককৈ সোমাই অহা নতুন ৰূমমেট নিলাঞ্জনাক দেখাৰ লগে লগে কিছুসময়ৰ বাবে বন্দীতা স্তব্ধ হৈ গ’ল! 

      "কোনো ছোৱালী ইম্মান ধুনীয়া হ’ব পাৰেনে(!) ?" 

        প্ৰথম দৃষ্টিতে তাই নিলাঞ্জনাৰ প্ৰতি জীৱনত কোনোদিনে উপলব্ধি নকৰা এক বিশেষ আকৰ্ষণ অনুভৱ কৰিলে! সমকামীতা শব্দটো শুনিলেই ঘৃণাত গা-মন কোঁচখাই অহা বন্দীতাৰ মনটো অবুজ শিহৰণত অবাধ্য হৈ উঠিল৷ তেন্তে সমকামীতাৰ এই ৰোমাঞ্চকৰ অনুভূতি প্ৰাকৃতিক নেকি ? 

    বন্দীতাই গভীৰ আলিংগনেৰে আদৰণি জনোৱাত নিলাঞ্জনাৰ ষোড়শী শৰীৰটো চঞ্চল হৈ নাচি উঠিল...।

Doksiri দকচিৰি, জুলাই, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages