নীলা খামৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

নীলা খামৰ চিঠি

 



নীলা খামৰ চিঠি


বিষয় :- আপোনজনলৈ মনৰ কথাৰে লিখা এখন ফুলাম চিঠি

মোৰ মৰমৰ জিন্টু,

মৰম আৰু ভালপোৱা গ্ৰহণ কৰিবা । মোৰ ভালেই তোমাৰো ভাল নিশ্চয় ! বহু দিনেই হ'ল তোমাৰ খবৰ নোপোৱা তোমাৰ গাটো নিশ্চয় ভালে আছে । 

এইবাৰ ব'হাগত তুমি আহিবা বুলি মৰমেৰে এখনি তাঁতশালত বোৱা ফুলাম গামোচা এখন থৈ দিছিলোঁ তুমি নাহিলা দেখোঁন । কিয় ? ক'ৰবাত যুদ্ধ ঘোষণা হৈছে নেকি ? জিন্টু যুদ্ধত গ'লেও সুৰক্ষিত হৈ থাকিবা দেই । মোৰ মৰম আৰু ভালপোৱা সদায় তোমাৰ লগতে আছে অহাবাৰ তুমি ঘৰলৈ আহিলে আমি সমাজৰ আগত এটা ভালপোৱাৰ চিন হিচাপে আঙুঠি পিন্ধোৱা পৰ্বটো সম্পন্ন কৰিম বুলি মই মনস্থ কৰিছোঁ তুমি কি ভাল দেখা ক'বা দেই । তোমাৰ চিঠিলৈ মই অপেক্ষাৰত হৈ থাকিম । তুমি ভালে থাকা গাটো বেয়া হ'লে জনাবা আৰু পাৰিলে সঘনাই চিঠি-পত্ৰ পঠিয়াই থাকিবা । 

মৰমৰ জিন্টু পুনৰবাৰ ৰঙীন হৃদয়েৰে মৰম আৰু ভালপোৱা জনালোঁ ।


     ইতি

        তোমাৰ মৰমৰ

             অভিলাষা


 সুৰজিৎ ভূঞা

ঠিকনা:- মেটুৱাকুছি, শান্তিনগৰ,বৰপেটা ।

দূৰভাষ নং:- ৯৩৬৫৬১৭৪১৯

Doksiri দকচিৰি, জুলাই, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages