নীলা খামৰ চিঠি
মৰমৰ জোনাক,
মৰমবোৰ ল'বানে নোলোৱা নাজানো। ইতিমধ্যে তুমি বহু দূৰ মই ঢুকি পোৱাৰ পৰা। তথাপি মৰমৰ বুলি নিলিখি নোৱাৰোঁ। কলিজা মোৰ, মোৰ কলিজাটো জ্বলাই দিলা ! জুইকুৰা নুমুৱাই নাই। দহন সহি আছোঁ বৰ কষ্টেৰে! তীব্ৰ দহনৰ মাজতো তোমালৈ থকা মৰমবোৰ একেই আছে। ফেনে-ফোটোকাৰে বাঢ়ি অহা লুইতৰ দৰেই। জান মোৰ, এদিন সুধিছিলো, তুমি মোৰ কলিজা হয়নে? হয় বুলি কৈছিলা; তুমি মোৰ জান হয়নে? হয় বুলিয়েই কৈছিলা। মনত আছেনে তোমাৰ? আৰু বহু কথা কৈছিলা! আমি যদি বহু দূৰ হৈও যাও কৰ্মক্ষেত্ৰৰ তাগিদাত তথাপি তুমি মোৰ আৰু মই তোমাৰ হৈ থাকিম সদায়। সময় নদীৰ খৰস্ৰোতা ঢৌত উটি তুমি সকলো পাহৰিবলৈ যত্ন কৰিছা।
তুমি জানা, তোমাৰ পৰা মই একোৱেই বিচৰা নাছিলোঁ। অলপ ভালপোৱা , মোৰ ভালপোৱাৰ প্ৰতি অলপ শ্ৰদ্ধা আৰু বিশ্বাস। মাত্ৰ তিনিটা শব্দ লৈয়েই মই সুখী আছিলোঁ। মোৰ সশ্ৰদ্ধ অনুৰাগৰ প্ৰতি তোমাৰ চৰম অৱহেলাই মোক মৰ্মাহত কৰিলে। উক্ত ৰাতিৰ মহকেইটাক সুধিলে গমপালাহঁতেন কি নিৰ্মম আছিল সেই অৱহেলা!!! তুমি বুজিবানে? আশাবোৰে বুকুত ৰৈ ৰৈ বিনাই। ঠিক কেতেকীৰ দৰে!
"মাজনিশা সাৰপাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়াভঁগা মাত।"
ধেৎ, কি যে কৈ আছোঁ। নালাগে দিয়া শুনিব মিছামিছি টোপনি ক্ষতি হ'ব। টোপনি ক্ষতি হ'লে পিছদিনা তোমাৰ গা বেয়া লাগিব। ইমানবোৰ কামৰ তালিকা কৰি থোৱা আছে। তোমাৰ কষ্ট হ'ব। সোনকালে খাই শুই থাকিবা দেই। জানটো মোৰ, শুই থাকিলে তোমাক ইমান মৰম লাগে। চকুৰ নিমিষ নমৰাকৈ চাই থাকো মই। টোপনিত লালকাল কোমল মুখখন যেন যৌৱনপ্ৰাপ্ত এটি শিশুহে। শিশুটোৰ আঁৰত তগবগ ৰবিৰ দৰে উদ্দীপ্ত, বাকপটু, কৰ্মোদ্যমী, সুশৃংখল ,দক্ষ, যোগ্য, কষ্টসহিষ্ণু, সাহসী পুৰুষজন লুকাই থাকে। ৰাতিপুৱালেই প্ৰতিপলৰ হিচাপ লৈ হুৰমূৰকৈ সাজু হৈ যোৱা। ৰ'বলৈ বা ঘুৰি চাবলৈ তোমাৰ হাতত এক দণ্ডও নাথাকে। এই ব্যস্ত মানুহজনেইটো মোৰ প্ৰিয়জন।
কলিজা ঐ, এটা মূহূৰ্ত্তই যেন এটা দীঘল আউসীৰ ৰাতি। পলে পলে জুইকুৰা দপদপাই উঠে। তুমি দেখিছানে? সেই জুইৰ লেলিহান শিখা! দেখিছানে ? মোৰ জান!!!
' সময় বৰ নিষ্ঠুৰ!'
তোমাৰ এষাৰ মাততে ওৰে বাটে কৃষ্ণচূড়া ফুলে। সোনাৰুৰ হালধীয়াই হাত বাউলি মাতে , এজাৰৰ দেশলৈ। এষাৰ মাতৰ বাবে ব্যাকুল অঙঠা হোৱা হিয়া। তোমাৰ মাত মোৰ ভোকৰ ভাত ।
সময় পালে মাত এষাৰ দিবা দেই! আশাৰে! দুৰ্যোগত ভাঙি নপৰাতোমাৰ
প্ৰতিপলৰ শুভাকাংক্ষী
" দুবৰি"
শ্ৰীসৰোজিনী কলিতা
বুঢ়া, দৰং
No comments:
Post a Comment