স্তৱক
জ্যোৎস্না ৰানী বেগম
কৈ থলো তোমাক:
মই মোৰ মৃত্যুৰ পিছত
মোৰ সমাধিত তেজৰঙা ফুল হৈ ফুলিম
আকাশ চুম্বী কৃষ্ণচূড়া ফুল হৈ
ৰঙে ৰঙিয়াল হৈ থাকিব আকাশ
তুমি কিন্তু ঢুকি নোপোৱা তেতিয়া
সেই ৰং চুই চাবলৈ
এতিয়া যে থাপনা সজাই থৈছোঁ
তোমাৰ বাবে
তথাপিও….
কোনো তোমাৰ সমাদৰ নাই।

No comments:
Post a Comment