বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত সমাজবাদীতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 31, 2026

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত সমাজবাদীতা

 


বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত সমাজবাদীতা 


প্ৰতীক্ষা শৰ্মা 


     পোন প্ৰথমে এটি ব্যক্তিগত প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ — ২০ জুনৰ দিনটো আমি কি দিৱস হিচাপে পালন কৰোঁ? প্ৰায় প্ৰত্যেকজনেই উত্তৰটো সঠিকভাৱে দিয়াৰ মূলতে আছে সেইদিনটোত মৃত্যুবৰণ কৰা সেই ব্যক্তিজন যাক আজি মৃত্যুৰ অতবছৰ পিছতো কমৰেড আখ্যা দি আমাৰ জাতীয় জীৱনত মুকুটবিহীন সম্ৰাটৰ আখ্যা দিয়া হৈছে। আমাৰ অসমীয়া সমাজত এষাৰ কথা আছে, ইয়াত যোগ্যজনে জীৱিতকালত যথাযোগ্য সন্মান নাপায়। আমাৰ শিল্প সৈনিকজন ও এই প্ৰথাৰ বাহিৰ নহ’ল, কিন্তু মৃত্যুৰ আধা শতিকাৰ পিছতো অসম আৰু অসমবাসীৰ হৃদয়ত মচিব নোৱাৰাকৈ নিজৰ ছবি অংকন কৰা মহান সংগ্ৰামী সমাজবাদী সত্বাজনেই হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অসমীয়া জনতাৰ হৈ এই সংস্কৃতিৰ গুৰুজনে কৰা প্ৰত্যেকটো নিঃস্বাৰ্থ কৰ্ম লৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ যিজনৰ আদৰ্শ আমাৰ দৰে সমাজৰ ন-পথিকৰ বাবে সাঁকো সদৃশ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱ কি নাছিল? এগৰাকী শিল্পী, কবি, গীতিকাৰ, সুৰকাৰ, সাহিত্যিক, অভিনেতা, নাট্যকাৰ, পৰিচালক, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ,সংগঠক আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু। অৰ্থনৈতিক দাসত্ব আৰু সামাজিক অৱদমনৰ বাবে নিজৰ অধিকাৰখিনিৰ পৰা বঞ্চিত হোৱা কৃষক, শ্ৰমিকসকলৰ বাবে তেখেত আছিল এজন প্ৰকৃত পথপ্ৰদৰ্শক। সাম্যবাদী চেতনাৰে উদ্বুদ্ধ হৈ নিজৰ সম্পত্তি পৰ্যন্ত সাধাৰণ মানুহৰ মাজত বিলাই দিয়া কাৰ্য আজীৱন অসমীয়া সমাজখনৰ সোণালী পৃষ্ঠাত লিখা থাকিব। এই অসীম প্ৰতিভাৰ অধিকাৰীজনে নানা কবিতা-গীত সৃষ্টি কৰি সেই ছন্দত সাধাৰণ মানুহৰ মাজত সোমাই শিল্প-সংস্কৃতিক আধাৰ হিচাপে লৈ তেওঁলোকৰ হৈ মাত মাতিছিল। ইয়েই সমাজবাদিতা, ইয়েই সামাজিক নিঃস্বাৰ্থ প্ৰেম।

      তেখেতৰ গীতসমূহৰ বিশ্লেষণত তিনিটা বিভাগ স্বতঃস্ফুৰ্টৰূপত প্ৰকাশ পায়—  শোষিতসকলৰ স্পষ্ট প্ৰকাশ, বিপ্লৱ আৰু জনতাৰ ঐক্যবদ্ধ কণ্ঠ। সৰ্বহাৰা শ্ৰেণীৰ নিষ্পেষিত অৱহেলিত জীৱনগাথাঁৰ ছবিক বৰ আৱেগিক ৰূপত কবিতাৰ যোগেৰে হৃদয়ত অংকন কৰিব তেখেতে জানিছিল। য’ত ফুটি উঠিছিল বিপ্লৱৰ অগ্নি জোৱাৰ ঐক্যবদ্ধ হোৱাৰ বাসনা আৰু মালিকীস্বত্বৰ বঞ্চনা আৰু বৈষম্য ওফৰাই এক ন-সমাজ গঢ়াৰ সংকল্প সপোন। যদি তেখেতৰ ব্যক্তিগত জীৱনৰ লগত জড়িত গীত-কবিতাকেইটাক বাদ দিয়া যায় তেন্তে বাকী প্ৰায় গোটেইকেইটা গীতটেই এই তিনিটা উপাদান দেখিবলৈ পাওঁ। ব্ৰিটিছৰ শোষণৰ চৰম সীমা আৰু আন্দোলনৰ ভৰপক সময়ে তেখেতৰ সৃষ্টিক এক অমৰত্ব প্ৰদান কৰি থৈ গ'ল।


“ৰাজ্যে আছে দুইটি পাঠা

একটি কালো একটি সাদা

দেশেৰ যদি মঙ্গল চাও

দুইটি পাঠাই বলি দাও” —


  ই আছিল তেখেতৰ ব্ৰিটিছ তথা শাসক গোষ্ঠীৰ বিপক্ষে মাত মতা প্ৰথমটো কাৰ্য, প্ৰথমটো বিদ্ৰোহ, প্ৰথমটো স্বীকৃত তেখেতৰ সৃষ্ট শাৰী। অবিভক্ত দৰঙৰ ভিতৰত সোণৰ পদক পোৱা অতি মেধাৱী ছাত্ৰজনৰ হাতেৰে ওলাইছিল কমৰেডৰ গৰম তেজৰ বাণী। কলিকতাত শাসকগোষ্ঠীৰ চকুত পৰা বিষ্ণু কোচবিহাৰত গৈ ও ছাত্ৰ বিক্ষোভ কৰি পঢ়া আধাতে সামৰি আহিছিল। কিন্তু তেওঁৰ সমাজবাদী ভাব ধাৰাই পৰিচয় লাভ কৰিছিল অসমলৈ উভতি অহাৰ পিছতহে ।কলেজ এৰি ৰাভা হৈ পৰিছিল মুক্ত বিহংগ, মৌ-মাখিয়ে ফুলৰ বনে বনে ঘূৰি ৰস সংগ্ৰহ কৰি পঞ্চামৃতৰ অন্যতম মধু প্ৰস্তুত কৰাৰ লেখীয়া তেখেতে আমাৰ স্বকীয় জনগোষ্ঠীয় সুৰক সমন্বয় কৰোৱাই সাধাৰণ মানুহৰ আগত দাঙি ধৰিছিল; ৰুছ শিল্পী আনা পাভলোভাৰ অনুপ্ৰেৰণাৰে নটৰাজৰ তাণ্ডৱ নৃত্যত নৈপুণ্যত্ব অৰ্জন কৰি কলাগুৰু নাম পাইছিল। তেখেতৰ সমাজবাদ আছিল আমাৰ নিজৰ মানুহখিনিক হাড়ে-হিমজুৱে জাতীয়তাবাদী কৰি তুলি মিলন সেতু গঢ়াৰ।


   এইখিনিতে আমি তেওঁৰ 

"বল্ বল্ বল্ বল্

কৃষক শক্তিৰ দল।

অ’ বনুৱা সমনীয়া

আগবাঢ়ি যাওঁ বল্।

জাগ্ জাগ্ জাগ্ জাগ্

মজদুৰ ন জোৱান।

নিৰ্যাতিত নিপীড়িত

কৃষক শক্তিমান"।          

     শাৰীকেইটিত সমাজৰ মুখ্য শ্ৰমিক কৃষকসকলক উদ্দেশ্যি লিখা মুক্তি চেতনাৰ শব্দকেইটাৰ বিশ্লেষণ কৰি চাব পাৰোঁ। যৌৱনাৱস্থাতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমি ফুৰা ব্যক্তিজনে দেখিছিল সাধাৰণ কৃষিজীৱী ৰাইজ আৰু দীনহীন শ্ৰমিক-বনুৱাৰ দুৰৱস্থা। দেখিছিল কিদৰে শ্ৰমজীৱী ৰাইজৰ প্ৰাপ্যৰ বিপৰীতে  দুৰৱস্থাৰ সৃষ্টি কৰোৱা এমুঠিমান ভূ-স্বামী আৰু কাৰখানাৰ মালিকৰ বিলাসী প্ৰাচুৰ্যৰে ভৰা জীৱন। শ্ৰমত‌ জুৰুলা, বাধ্য, উপায়হীন এই সংগ্ৰামী জীৱবোৰৰ দুবেলা দুমুঠি ভালদৰে খোৱাৰ আকাল। হাড় ভঙা কষ্টই ইতিমধ্যে তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে ৰুগীয়া কৰি এটা সময়ত জীৱন্ত মৃতদেহলৈ পৰিণত কৰিছিল। এইবোৰ  দেখি বিপ্লৱী ৰাভাৰ হৃদয়ে কান্দি উঠিছিল, কলমে গৰ্জি উঠিছিল আৰু সৃষ্টি হৈছিল হাজাৰ হাজাৰ সাম্যবাদ ধাৰাৰ কবিতাৰ শাৰী–

“বোপাইৰ আইৰ মান একো নাথাকিল

ভায়ে ভায়ে হ’ল কটাকটি;


ধনীয়ে শুহিলে তেজ দীন দুখীয়াৰ ধৰণী ধৰাৰ

সবলে কৰিলে গ্ৰাস দুৰ্বল প্ৰজাক নিতে জাক জাক।”

তেখেতৰ কলমত উফৰি আহিছিল সমাজক প্ৰতিনিধিত্ব কৰিব পৰা স্ফুংলিংগৰ আগ্নেয় শাৰী –

“কুৰি শতিকাৰ মহা যান্ত্ৰিকতাৰ

বাজে প্ৰলয় বিষাণ তাঁৰ, কালৰ বীণাৰ…


জলে স্থলে অন্তৰীক্ষ উঠে আলোড়ন

ভূলোক দ্যূলোক ব্যাপি জাগে শিহৰণ

অশান্তি অস্থিৰতাৰ স্বেচ্ছাচাৰিতাৰ

ৰণভেৰী ভীষণ হুঙ্কাৰ।”

    বিসম্বাদী ধনীক শ্ৰেণীৰ বিপক্ষে সমাজক সাক্ষী কৰি তেখেতে লিখিছিল “দুখীয়াৰ কলিজা নিঙাৰি ল’ব,

টুপি টুপি তেজ শুহি শুহি পিব,

ৰুকি ৰুকি মঙহ চোবাই খাব,

কুৰুকি হাড় কেইডালো চোবাব,

হুচিয়াৰ! হুচিয়াৰ! !

ধনী! মহাজন! জমিদাৰ!!

হুচিয়াৰ! হুচিয়াৰ! হুচিয়াৰ!”

    হয়তো তেখেতৰ এই বিপ্লৱী সত্বাটোক বাধা দিব নোৱাৰা অৱস্থা হোৱা বাবেই তেখেত সন্মূখীন হ'বলগীয়াত পৰিছিল দোষী আখ্যাৰ। শাসক গোষ্ঠীৰ ৰোষত পৰিবলগীয়া হৈছিল। ৰাজনৈতিক ক্ষেত্ৰখনত সোমাই দুবাৰকৈ কাৰাবাস খাটিবলগীয়া হৈছিল। মৃত্যুৰ সময়ত ও পোৱা নাছিল যথোচিত সমাদৰ। কিন্তু তেখেতৰ দুখত দুখী হোৱা সাধাৰণ শ্ৰেণীৰ এক বিশাল সমদল আছিল, তেখেতৰ সৃষ্টি ৰাজ্যক সন্মান কৰা হাজাৰজন শিল্পী আছিল, তেখেতৰ আদৰ্শক সমাদৰ কৰা এশজন কমৰেড আছিল। সেয়ে আজি পৰ্যন্ত তেখেতৰ চিন্তা সম্বলিত শাৰীৰ সৈতে নিজৰ জীৱন পথত আগবাঢ়োঁ–


“হেৰ’ বিপ্লৱী বিদ্ৰোহী বীৰ!

তোল তোৰ অৱনত শিৰ।

অতদিন তই আছিলি সুসুপ্ত

পৰ পদানত,

নিৰ্যাতিত নিপীড়িত,

দলিত, পতিত…?

আজি এই নতুন যুগত হ তই জাগ্ৰত।”

লোকসংস্কৃতি, নানান জাতি জনজাতিৰ গীত-মাত-নৃত্য আদিৰ বাবে ৰাভাৰ গোটেই জীৱনটো আছিল উছৰ্গিত য’ত আছিল শদিয়াৰ পৰা ধুবুৰী, নগাপাহাৰৰ পৰা আবৰ, ডফলা, মিছিমি পাহাৰৰ সুৰ  আত্মগোপনত ব্যস্ত ৰাভাদেৱৰ দিহিঙে-দিপাঙে ঘূৰি ফুৰা যাযাবৰী জীৱনটোত অনেক জীয়া অভিজ্ঞতা সঞ্চিত হৈছিল যাৰ প্ৰতিফলন আমি তেখেতৰ গীতত দেখিবলৈ পাওঁ—

   “…নতুন যুগৰ পাত মেল— জাগ ট্ৰাইবেল

 পুৰণি আদিম অসমীয়া ট্ৰাইবেল নাৰী শুৱনীয়া

 মনত পৰেনে সেই কেঁচুৱা কালৰ আদিম যুগৰ?

 গুচি গ’ল কিমান ৰঙালী বিহু বহাগী ৰাঙলী

 মোহনীয়া অসমীক কৰি ৰাংঢালী…”

    ৰাভাৰ উপলব্ধি আছিল যে জনজাতীয় মানুহখিনিৰ অবিহনে অসমীয়া জাতিটো গঢ়ি উঠিব নোৱাৰে। তেখেত নিজেই এটা জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে অনুভৱ কৰিছিল যে যিদিনা কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ এই জনজাতিসমূহে নিজ নিজ ভাৱ-ভাষাক ৰক্ষা কৰি নিজক জ্ঞানেৰে পৰিপুষ্ট কৰি নিজ নিজ জাতিক  সবল কৰি তুলিব তেতিয়া কোনো বহিৰাগত শক্তিয়ে  অসমীয়া শক্তিক পৰাভূত কৰিব নোৱাৰিব। সেইবাবে হয়তো তেখেতৰ কলমত স্থান পাইছিল –

“জাগিব লাগিব তই কছাৰী মিকিৰ

খাচী ৰাভা গাৰো মিৰি কুকী নগা বীৰ

খামটি মিচিমি আবৰ লালুং লুচাই 

চিংফৌ চিনটেং মনিপুৰি তাই

টিপৰা ডিমাছা অকা দফলা ককাই

চুতীয়া দেউৰী টোটোলা কোচ

হাজং বৰাহী জাগিব লাগিব তই, জাগ।”

    তেখেতৰ সমাজখন আছিল সকলো ব্যক্তিৰ সম শ্ৰম পৰা এখন সুন্দৰ প্ৰতিষ্ঠিত নিৰ্ভেজাল সমাজ। সেইয়ে ৰাভাৰ গীত-কবিতাত আছিল অতীতপ্ৰীতি যাৰ জৰিয়তে নাৰী, সংখ্যালঘূসকলক জগাই তোলাত সহজ হৈ পৰিছিল।  বস্তুনিষ্ঠ ইতিহাস চেতনাক কেন্দ্ৰ কৰি তেখেতে শংকৰ-মাধৱৰ প্ৰভাৱৰ পৰা আৰম্ভ কৰি আজান ফকীৰৰ বাণীক শান্তিৰ আদৰ্শ হিচাপে প্ৰচাৰ কৰিছিল। “অ’ গুৰু মোৰ শংকৰ তৰিবৰ এ কিনো উপায়”– আদি হৃদয়স্পৰ্শী গীতি কবিতা ৰচনাৰে আমাৰ উচ্চ সংস্কৃতিৰ দৃশ্য দৰ্শাইছিল।

“কীৰ্তন দশম নামঘোষা হওক আমাৰ শৌৰ্য

নাট গীত নাম বৰগীত হওক ৰণৰ তুৰ্য”ৰ পৰা আৰম্ভ কৰি 

   “দূৰ আৰৱত মৰুৰ বুকুত বয় ভকতি আজান

পুঁৱতী নিশাৰ সোণালী ঊষাৰ উঠে মউ সনা গান।

মিলনৰ সুৰ বোৱায়, শুনে সৰৱ জাহান, —

একেটি মালাৰ ডোলতে গঁথা সবাৰে পৰাণ”ৰে সকলো ধৰ্মৰ ব্যক্তিৰ মৰম বুটলিছিল। আমাৰ অসমৰ বীৰ কন্যাসকল আছিল ইতিহাসৰ পাত মূল্যৱান কৰা একো একোগৰাকী জ্যোতি। ৰমণী গাভৰুৰ পৰা আৰম্ভ কৰি জয়মতী, মুলাগাভৰুৰ পৰা আৰম্ভ কৰি কনকলতা বৰুৱালৈ প্ৰত্যেকগৰাকী আছিল অসমী আইক গৌৰৱান্বিত কৰা একোগৰাকী সুযোগ্য সন্তান। সেয়ে হয়টো তেওঁলোকৰ আত্মত্যাগৰ গাথাঁক সুৰ দি  হৃদয়স্পৰ্শী কৰি অসমীয়া জীয়ৰী-বোৱাৰীৰ বাবে পৰিবেশন কৰিছিল এনেদৰে–


“জয়া নাই… জয়া নাই…

জয়সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল,

মলয়াই তোলে হিয়াভগা সুৰ, কৰুণ বিননী ৰোল

জয়া নাই জয়া নাই

অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই –

তেখেতৰ এই সমূহ কবিতাই প্ৰতিফলিত কৰিছিল মাত্ৰ এটি লক্ষ্যক – এখন সমানতাৰ সমাজ।

তেখেতৰ গীত কবিতাই কেৱল উগ্ৰবাদিতাকেই ধাৰণ কৰিছিল নে? কেতিয়াও নহয়, বৰঞ্চ তেওঁৰে কলমৰ কোমল হৃদয় ভাঙোনৰ সৃষ্টিসমূহ আছিল 

“হিয়াৰ ফুলনিত যি ফুল ফুলালোঁ 

সেই ফুল তুমি ছিঙিবানে?”


“লগন উকলি গ’ল তেওযে নহ’ল কোৱা 

মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা।”


“পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা  

পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা?”


“মেলানি বেলাৰ বিদায় লগন যেতিয়া আহিব চাপি,

উঠিবনে প্ৰিয়ে! তেতিয়া এবাৰ হৃদয় তোমাৰ কঁপি?” ইত্যাদি । মাৰ্ক্সবাদী চেতনাৰে  হাতত বন্দুক লৈ শাসক, পুঁজিপতিৰ শোষণ-নিপীড়ণৰ বিৰুদ্ধে যুদ্ধ  ঘোষণা কৰা ব্যক্তিজনৰ জীৱনৰ প্ৰেম-বিৰহ, বিষাদত ফুটি উঠিছিল পোৱা-নোপোৱাৰ গান, যিসমূহ গানত সমাজ এখনৰ ভেটি নিৰ্মাণত পুৰুষ আৰু মহিলাৰ মিলন, প্ৰেম, বিশ্বাস আদৰ্শ হিচাপে স্থান পাইছিল।

    এনেহেন শিল্পময় ব্যক্তিত্বৰ সংজ্ঞা কিন্তু বৰ্তমান সলনি হৈ পৰিছে। বৰ্তমান সংবাদ মাধ্যমৰ চোতাল কপাঁই থকাজনেহে শিল্পীৰ স্বীকৃতি পায়,নিজৰ কলাক বহিৰ্ভূত কৰি সমাজৰ নামত জীৱনটো উসৰ্গিত কৰাসকলে যেন এক বৃথা চেষ্টা কৰি আছে। বৰ্তমান মানুহে সমাজৰ কামত আগভাগ লোৱাৰো মিছা নাটক কৰিবলৈ কুন্ঠাবোধ নকৰে। তেনে ব্যক্তিৰ আদৰ্শৰ মাপকাঠি নাই তেওঁলোকৰ ৰাভাৰ লেখীয়া বিপ্লৱৰ ধাৰাও নাই। আজিৰ যুগত ও শাসক গোষ্ঠীৰ নানান উচ্চ পদস্থ বিষয়াই পাকৈঢোঁৰাৰ ৰূপ লৈ দুখীয়াসকলৰ কেঁচা তেজক পানী কৰি সৃষ্টি কৰা জীপাল মাটি সমূহ অধিগ্ৰহণ কৰিবলৈ লৈছে। পাৰ্থক্য মাথোঁ ইমানখিনিয়েই বিংশ শতিকাৰ স্বাধীনতা অৰ্জনৰ উন্মাদনাৰে ভৰা সমাজখনৰ বিপৰীতে বৰ্তমানৰ অসমীয়া জনতাৰ ব্ৰিটিছতকৈও নিষ্ঠুৰ হৈ পৰিছে। অৱশ্যে তাৰ মাজতো শিপা খামুচি সমাজখনক গতি দিবলৈ আগবাঢ়ি অহা ব্যক্তি আছে; সাহিত্য-সংস্কৃতিৰে অসমীয়া বৰজাতিটোৰ ভঁড়াল টনকিয়াল কৰা মানুহৰ সংখ্যাও কম নহয়। তেওঁলোক আছে বাবেই অসমীয়াৰ সমাজবাদী চিন্তাধাৰাটো এতিয়াও জীয়াই আছে। তথাপি এই নীতি বহিৰ্ভূত স্বয়ম্ভূ নেতাসকলক শাসন কৰিবলৈ আজি এজন ৰাভাৰ দৰকাৰ।সেইয়ে প্ৰগতিশীল কবি ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিল–

 “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?

ডাচকেপিটেলৰ বহু পৃষ্ঠা বাকী।”

(বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?)


লেখকৰ ঠিকনাঃ 

প্ৰতীক্ষা শৰ্মা 

শিক্ষানুষ্ঠান- কটন বিশ্ববিদ্যালয় 

দূৰাভাষ-৬০০৩৩০১৫৪১


Doksiri দকচিৰি, আগষ্ট, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages