পাকিস্তান
ৰুনাল্ডো টাইদ
পাকিস্তান পবিত্ৰ স্থান
আবুতাবাদৰ ওখ ওখ পাইন
আখৰুটৰ ধুনীয়া বাগিচা
মাকৈৰ সেউজ পথাৰ
বুকুজুৰি বৈ অহা মলয়া
পাকিস্তান বিশ কোটি মানুহৰ পবিত্ৰ স্থান
ঈদৰ কাঁচি জোন, আল্লাৰ পবিত্ৰ ঘৰ
মখমলৰ কাপোৰ
খোদাৰ পয়গম
আজানত ভাঁহি আহে প্ৰশান্তিৰ সংগীত
সমগ্ৰ পৃথিৱীয়ে ভাৱিছিল
পাকিস্তান পবিত্ৰ স্থান
প্ৰাণ প্ৰাচুৰ্যময় সম্ভাৱনাৰ ধুনীয়া দেশ।
অথচ আবুতাবাদৰ
ওখ পাইনৰ তলত জিৰাইছিল
বিশ্বত্ৰাস লাডেন
আখৰুটৰ বাগিচাবোৰ এতিয়া
গুলীৰ বাগিচা
মাকৈৰ সেউজ পথাৰ এতিয়া
নৃশংস যুদ্ধভূমি
সু-গন্ধি বাৰুদৰ গোন্ধ
পাকিস্তান এখন যুদ্ধৰ পথাৰ
নিষ্পাপ শিশুৰ হাতত বন্দুক
মখমলৰ বিছনাৰ পৰিবৰ্তে
চিকিৎসালয়ৰ বিছনা
আজানত এতিয়া আৰ্তনাদ
চাৰিওফালে জুই আৰু ধোঁৱা
পাকিস্তান শান্তিময় জনতাৰ
আতংকময় পৃথিৱী
তেজাল ডেকাবোৰ জেহাদী
প্ৰেমিক হৃদয়বোৰ হত্যাকাৰী
কলমৰ বিপৰীতে পিষ্টল
বিদ্যালয়- বিশ্ববিদ্যালয় যুদ্ধৰ পথাৰ
পাকিস্তান পৰমাণু বোমা
সভ্যতাৰ কলংক
পাকিস্তান এতিয়া নহয় পবিত্ৰ স্থান
পাকিস্তান এটা ঘৃণনীয় শব্দ
শান্তিপ্ৰিয় জনতাৰ চকুলোৰ পৃথিৱী
পাকিস্তান মূৰ্দাবাদ
ওঠত হাঁহি
গোপনে চুৰি
পাকিস্তান মানে পুলৱামা
পাকিস্তান মানে কাৰ্গিল
পাকিস্তান ৱাল্ডট্ৰেড চেণ্টাৰ ট্ৰেজেদী
পাকিস্তান লণ্ডনৰ মেট্ৰ' ৰে'ল
পাকিস্তান মুম্বাই ট্ৰেজেদী
পাকিস্তান ফ্ৰাঞ্চৰ ট্ৰেজেদি
পাকিস্তান সন্ত্ৰাসবাদীৰ কাৰখানা
পাকিস্তান নিস্তব্ধ কবৰস্থান
পাকিস্তান মূৰ্দাবাদ
পাকিস্তান মূৰ্দাবাদ।।

No comments:
Post a Comment