কবিতা
সঞ্জীৱ সাগৰ চৌধুৰী
হ'লেও লজ্জা তোমাৰ আভৰণ
অলংকাৰ সংকোচ
ভীতি হ'লেও শৃংগাৰ
অভিমানৰ ওৰণিৰ ফাঁকেৰে
চম্ভালাৰ চলেৰে অবিশ্বাসী চাদৰ
এবাৰ জুমি চোৱা তুমি
দলিয়াই পেলাও মই আলোৱান
নিসংগতাৰ
ভাগো নিৰৱতাৰ মৌন-ব্ৰত
দুচকুত জ্বলাই এমুঠি তৰা
জোনাকী এজাক
ওঠঁত
কথা পাতো ৰাতিটোৰে
উবুৰিয়াই বাকো দুঃখ
নিস্তব্ধতাৰ গহ্বৰত
আন্ধাৰৰ আঁচল ফালি
বান্ধি লওঁ
গেঠেলা মৰা কলিজাৰ ঘাঁ
জিলিৰ মাতত ফালি যোৱা
টোপনিৰ জাল বাটোঁ
নৈশব্দৰ সূঁতাৰে
জগাই দিওঁ
সপোন পাহৰি
শুই পৰা সপোন
আৰু সাৱটি ধৰোঁ
সময়ৰ প্ৰগলভ শৰীৰ
এবাৰ মাথো হেৰাই পাওঁ নিজকে
তুমিয়েই নেদেখা
তোমাৰেই ক'ৰবাত
চোৱা তুমি
অভিমানৰ ওৰণি গুচাই
এবাৰ মাথো
চকুত চকু থৈ চাওঁ
তোমাক
আচলতে কোন তুমি
বিয়াপি আছে
শৰীৰৰ পৰা আত্মালৈ যি
মহাকাশ নে অৰ্ধাকাশ
কবিতা নে সেই নাৰী তুমি।

No comments:
Post a Comment