দুখ
দীপ হেষ্টিংছ্ বৰি
একো নভৱাকৈয়ে
ভাল পাইছিলো তোমাক
আদৰি লৈছিলো হিয়াত
তোমাৰ মৰমৰ অনুগ্ৰহক
তুমি বিচৰা দৰেই
হ'ব খুজিছিলো মই সদায়ে
তুমিওতো মই ভৱাৰ দৰেই আছিলা প্ৰথমে
মই ভালপোৱা ৰাগেৰে
তুমি তুলিছিলা সুৰৰ লহৰ
সেই লহৰে মোৰ হিয়া জুৰ পেলাইছিল
তোমাৰ বুকুৰ অনুকম্পা জুখি জুখি
কোনোদিনে ভাগৰা নাছিল
মোৰ অনুভৱী হৃদয়
সুখী আছিলো আমি
সুখেৰে পাৰ হৈছিল আমাৰ
প্ৰতিটো খোজ জীৱনৰ বাটত
সময়ৰ ডেউকাৰ পৰা
এখিলা এখিলাকৈ সৰি পৰিছে
বৰ্তমানবোৰ অতীত হৈ
অথচ একেদিশে ওলায়ে আছে
জোন বেলি তৰা
একেদৰেই ফুলি আছে বাগিচা ভৰাই ফুল
মাথো একেদৰেই নাই তুমি আজি
আলি মূৰৰ কেঁকুৰিটোত
হঠাৎ গতি সলাই পেলালা
খোজ দিলা নতুন বাট এটাত
পাহৰণিৰ...

No comments:
Post a Comment