ভিক্ষাৰী - Doksiri

Post Top Ad

Saturday, July 22, 2023

demo-image

ভিক্ষাৰী

Responsive Ads Here

book-794978_1280


 ভিক্ষাৰী

টম মেদক


ছেই ছেই

ছেই

নঙলা খুলি নেতা 

সোমাই আহিছে


পাঁচ বছৰ সোনকালে বাগৰে বুলি চোতালত বহি থকা 

বুঢ়ীয়ে মনতে ক'লে আৰু এইবাৰ পিঠি দি বহি ল'লে


নেতাৰ কিযে মহিমা 

বৃক্ষৰোপণ কাৰ্যসূচীত 

সেইজনাই আকৌ যোৱাবাৰ গছপুলিৰ 

শিপাৰ পলিথিন এৰুৱাবলৈ পাহৰিছিল।


তাকে টি.ভিৰ পৰ্দাত দেখুৱাই দিয়াত

সাংবাদিকক জীৱন নাশৰ ধমক দিছিল


অৱশ্যে বোপা আগতকৈ বগা হৈছে 

দাঁতৰ কামোৰ বাহুৰ শকতি বাঢ়িল

হাতৰ আঙুলিত গ্রহ নক্ষত্ৰৰ অন্ধ বিধান


হঠাৎ ম'বাইলৰ ৰিং

এইবাৰ বুঢ়ীয়ে প্ৰায় লৱৰি যোৱাদি গৈ

একেকোবে ভিতৰ পালেগৈ


বিষ্ণু ৰাভা আজিও কাৰাগাৰত


ছাঁ যেন বোবা ক'লা পৰা মন


দুৱাৰত খিলি মৰা শব্দ


নেতাজন হাতযোৰ কৰি দুৱাৰখনৰ সমুখত


কিন্তু বুঢ়ীৰ কোনো খা-খবৰ নাই

প্রায় একৈশ মিনিটৰ পাছত


বুঢ়ীৰ ভাহি অহা কেটেৰা মাত

ছেই ছেই

ছেই


এই হতভগীয়া বুঢ়ীৰ ভোট মাগিবলৈ লাজ নালাগিল।


No comments:

Post a Comment

Post Bottom Ad

Pages