ছাঁ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

ছাঁ

 


ছাঁ

জুনু বুঢ়াগোহাঞি 

গুৱাহাটী


কোন কাৰ হ'ব পাৰে

কোন নিজৰ অথবা পৰৰ

সময়ে সকলো কৰে

সলনি কৰে আপোনাক, মোক

আৰু নিজৰ ছাঁটোক৷


ছাঁটোক খেদি ফুৰিব পাৰে অজস্ৰ প্ৰচ্ছায়াই

সেতু বান্ধি সংযোগ কৰিব পাৰে আপোনাক জ্ঞানী ঈশ্বৰ হৈ দেখুৱাব

আৰু হেতালি খেলি দিব পাৰে 

অগোচৰে৷


কথা এটা শুনক

ছাঁক ঢাকি ধৰিবলৈ নিদিব

সুৰুঙাৰে ভিতৰলৈ ভালকৈ চালে দেখিব

প্ৰচ্ছায়াৰ নেদেখা আকাশ এখন আছে

ঘোপমৰা এন্ধাৰ !


উৰিবলৈয়ে আকাশ 

উৰিব খোজোঁতেই উজুটি খাব

ডেউকা লেহুকা হ'ব

নিগনিয়ে ভৰি দুটা কুটি থকাৰ দৰে উমান পাব

আপুনি অকমান আঁতৰি গ'লেই  ছাঁটোক গিলিব

আপুনি তেতিয়াই মৰিব

আচলতে নিজক ঘৰত থৈ

ওলাই যোৱাটো ভুল৷


ছাঁক নেওচি যদি আগলৈ যায়

উভতি অহাৰ অনুমোদন নাই 

নাই বিকল্প পথ 

ক'তনো  ঘূৰি অহা দেখিছে

গতচেতন সময়ক৷


ছাঁ নাই যদি ময়ো নাই

শূন্যতাত যন্ত্ৰণা শুই থাকে

মোৰ নিচেই কাষতে

নিঃসংগতাত নিজক নিৰ্মাণ কৰিব পাৰি জানো ?


সেয়েহে য'লৈ যোৱা হয়

মোৰ বুলি ক'বলৈ 

নিজাকৈ এটা দিন পাবলৈ

লগ এটা হ'বলৈকে

নিজক লগত লৈ যাব লাগে৷


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages